গোগামুখ ধেমাজি জিলাৰ এখন অন্যতম চহৰ। এটা চাৰিআলিক কেন্দ্ৰ কৰি গঢ়ি উঠা এই চহৰখন বৰ্তমান ধেমাজি জিলাৰ শিক্ষা, বাণিজ্য আৰু অৰ্থনৈতিক ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ হৈ উঠিছে। ইয়াত বিভিন্ন জাতি-জনগোষ্ঠীৰ লগতে মিচিং লোক সকলৰ ঘন জনবসতি। মিচিং সকলৰ স্বায়ত্ত্ব শাসন পৰিসদৰ মুখ্য কাৰ্য্যালয় ইয়াতে অৱস্থিত। বৰ্তমানে এই সৰু নগৰ সৰু-সুৰা বাণিজ্য কেন্দ্ৰলৈ পৰিগণিত হৈছে। ইয়াতে এখন গৰুৰ বিক্ৰীৰ বৃহত বজাৰ আছে। গোগামুখ, ধেমাজী জিলাৰ অন্তৰ্গত চাৰিটা ৰাজহ চক্ৰৰ ভিতৰত এটা অন্যতম ৰাজহ চক্ৰ।
ভোগোলিক বিৱৰণ
গোগামুখ চাৰিআলিৰ পৰা চাৰিটা পথ ক্ৰমে উত্তৰ লখিমপুৰ, ধেমাজি, ঢকুৱাখনা আৰু গেৰুকামুখ লৈ প্ৰসাৰিত। ইয়াৰ উত্তৰে আছে অৰুণাচল প্ৰদেশ, পূবে ধেমাজি নগৰ, দক্ষিণে ঢকুৱাখনা আৰু পশ্চিমে লখিমপুৰ জিলা জিলা
জলবায়ু
হিমালয় পৰ্বতৰাশিৰ গাতে লাগি থকা এই অঞ্চলৰ জলবায়ু তুলনামুলক ভাৱে চেঁচা আৰু সেমেকা। গড় উষ্ণতা শীতকালত ৫º ৰ পৰা ২০º ছেলছিয়াছ আৰু গ্ৰীষ্মকালত ১৮º ৰ পৰা ৩৬º ছেলছিয়াছলৈকে পৰিৱৰ্তিত হয়। আগষ্ট আৰু জানুৱাৰী মাহেই এইখন জিলাৰ ক্ৰমে আটাইতকৈ গৰম আৰু চেঁচা মাহ। বাৰ্ষিক গড় বৰষুণৰ পৰিমাণ ২০০ ছে.মি.ৰ পৰা ২৫০ ছে.মি.। ৬০% ৰ পৰা কেতিয়াও তললৈ ননমা এই অঞ্চলৰ জলবায়ুৰ আৰ্দ্ৰতা সদায়ে উচ্চ। অসমৰ অন্যান্য এলেকাত দেখা দিয়া বালি –ধুমুহা এই অঞ্চলত নাই।
অৰ্থনীতি
বৰ্তমানে এই অঞ্চলৰ অৰ্থনীতি আগতকৈ যথেষ্ট উন্নত হৈছে বুলি ক'ব পাৰি।
শিক্ষানুষ্ঠান
- নগৰ মজলীয়া বিদ্যালয়
- গোগামুখ নগৰ হাইস্কুল
- গোগামুখ মহাবিদ্যালয়
- গোগামুখ খ্ৰাইষ্ট কিং স্কুল
- গোগামুখ কন্যা মহাবিদ্যলয়
- গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোগামুখ” প্ৰবন্ধৰ সংশোধন ৩৬৮২৫৩ (১০ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।