অসমৰ নগৰ-মহানগৰ
১০১ প্ৰবন্ধ
-
হাফলং
হাফলং (Haflong)ভাৰতৰ অসমৰাজ্যৰ অন্তৰ্ভুক্ত ডিমা হাছাও জিলাৰ সদৰ ঠাই৷ অসমৰ পৰ্বতীয়া অঞ্চলসমূহৰ ভিতৰত হাফলং অন্যতম৷ "Haflau" বা "Hangkhlong" শব্দৰ পৰা হাফলং চহৰৰ নাম উদ্ভৱ হোৱা বুলি অনুমান কৰা হয়৷ ডিমাছা ভাষাত ইয়াৰ অৰ্থ হৈছে পৰুৱাৰ পৰ্বত (Ant Hill)৷ অন্যহাতে জেমি নগাসকলৰ মত অনুসৰি এই নামটো হাফলঙৰ…
-
গৌৰীপুৰ
গৌৰীপুৰ (IPA: ˈgɑʊrɪˌpʊə or ˈgɔːrɪˌpʊə) (Gauripur) অসমৰ ধুবুৰী জিলাত অৱস্থিত এখন সৰু চহৰ। মূল চহৰখন গদাধৰ নৈৰ পূবপ্ৰান্তত অৱস্থিত।
-
জামুগুৰিহাট
জামুগুৰি হাট শোণিতপুৰ জিলাৰ অন্তৰ্গত জামুগুৰিহাট এখন সৰু চহৰ। জামুগুৰি হাটক নতুনকৈ চহৰ অঞ্চল বুলি পৰিকল্পনা কৰা হৈছে। ২০২২ চনৰ মাৰ্চমাহত জামুগুৰি-চতিয়া পৌৰসভাৰ প্ৰথমটো নিৰ্বাচনৰ ফলাফল ঘোষণা হৈ যায়। এই অঞ্চলটো ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ দিশে অৱস্থিত। অঞ্চলটো কলা-কৃষ্টিৰ দিশেৰে এটি চহকী অঞ্চল।
-
নাজিৰা
নাজিৰা (IPA: nəˈzɪərə) (Nazira) অসমৰ শিৱসাগৰ জিলাত অৱস্থিত এখন ঐতিহাসিক ঠাই৷
-
নামৰূপ
নামৰূপ (Namrup) হৈছে পাটকাই পৰ্বত শ্ৰেণী (ম্যানমাৰৰ লগত সংযোগ হৈ থকা পূৰ্বাঞ্চল শ্ৰেণী)ৰ নামনি অঞ্চলত অসমৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত আৰু ডিব্ৰুগড় জিলাৰ এখন সৰু লোকপিয়ল নগৰ তথা অসম ৰাজ্য বা মুং দুন চুন খামৰৰ তৃতীয় ৰাজধানী।। নামৰূপৰ মাজেদি দিচাং নদী বৈ গৈছে। ই অসমৰ এখন উল্লেখযোগ্য উদ্যোগিক ঠাই।
-
সোণাৰি
সোণাৰি (Sonari) অসমৰ চৰাইদেউ জিলাৰ অন্তৰ্গত, চাহ বাগানেৰে পৰিৱেষ্টিত এখন সৰু নগৰ আৰু চৰাইদেউ মহকুমাৰ সদৰ। ৱাৰ্ডৰ সংখ্যা ১৩ টা।
-
ডুমডুমা
ডুমডুমা অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত এখন নগৰ।
-
বিলাসীপাৰা
বিলাসীপাৰা (IPA: ˈbɪlɑːsɪˌpɑːrə) (Bilasipara) অসমৰ ধুবুৰী জিলাত অৱস্থিত এখন চহৰ৷
-
বোকাখাত
বোকাখাত (Bokakhat)(IPA: ˌbəʊkəˈkɑːt) অসমৰ গোলাঘাট জিলাত অৱস্থিত এখন নগৰ৷
-
কামপুৰ
অসমৰ নগাঁও জিলাৰ প্ৰসিদ্ধ কপিলী নৈৰ উত্তৰ-দক্ষিণ দুয়োপাৰ জুৰি কামপুৰ অঞ্চল অৱস্থিত। নগাঁও চহৰৰ পৰা ৩০ কিঃমিঃ দক্ষিণে কামপুৰ নগৰ অৱস্থিত। কামপুৰ এখন উন্নত ঠাই। ১৯৯৬ চনৰ ৩ ডিচেম্বৰ তাৰিখে অসম চৰকাৰৰ গেজেট জাননীত কামপুৰ টাউন কমিটি গঠনৰ সিদ্ধান্ত প্ৰকাশ পায়।
-
ঢেকীয়াজুলি
ঢেকীয়াজুলি (IPA:ˈdeɪkɪəˌdʒʊəlɪ)(Dhekiajuli)অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এটা অঞ্চল।
-
নাহৰকটীয়া
নাহৰকটীয়া (Naharkatia)(IPA: ˈnɑːəˌkətɪə) অসমৰ ডিব্ৰুগড় জিলা ত অৱস্থিত এখন ঠাই৷ এই অঞ্চলটো খাৰুৱা তেলৰ বাবে প্ৰসিদ্ধ৷
-
সৰ্থেবাৰী
সৰ্থেবাৰী- হস্ত-নিৰ্মিত কাঁহ শিল্পৰ বাবে বিখ্যাত নগৰ সৰ্থেবাৰী বৰপেটা জিলাৰ পূৱ প্ৰান্তত অৱস্থিত এখন নগৰ৷ ই অসম তথা উত্তৰ-পূৱ ভাৰতৰ হস্ত-নিৰ্মিত কাঁহৰ বাচন-বৰ্তনৰ বাবে বিখ্যাত।
-
ৰহা
ৰহা নগাঁও জিলাৰ এখন সৰু অথচ ব্যস্ত চহৰ। সকলো ধৰ্মৰ লোকেই এই চহৰত মিলা-প্ৰীতিৰে বাস কৰে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই অৱস্থিত এই চহৰখন। কলং আৰু কপিলী নদী ৰহাৰ কাষেৰে বৈ গৈছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন মীন মহাবিদ্যালয় ৰহাত অৱস্থিত।
-
ওদালগুৰি
ওদালগুৰি অসমৰ বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ এখন চহৰ আৰু ওদালগুৰি জিলাৰ সদৰ ঠাই। ই বড়োলেণ্ড অঞ্চলৰ অন্যতম উল্লেখযোগ্য চহৰ।
-
বিজনী
বিজনী(Bijni) অসমৰ চিৰাং জিলা ত অৱস্থিত এখন চহৰ৷
-
অভয়াপুৰী
অভয়াপুৰী (IPA: ˌəbɑːjəˈpʊərɪ or ˌəbeɪjəˈpʊərɪ) (Abhayapuri) অসমৰ বঙাইগাঁও জিলাত অৱস্থিত এখন ঠাই৷ এই অঞ্চলটো গুৱাহাটীৰ পশ্চিমে ২০০ কিমি পশ্চিমে অৱস্থিত৷
-
ঘিলামৰা
ঘিলামৰা অঞ্চলটো অসমৰ লখিমপুৰ জিলাৰ পূব প্ৰান্তত অৱস্থিত
-
মাকুম
মাকুম (IPA: mɑːkəm) অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত এখন নগৰ। 'মাকুম' শব্দটো চীনা শব্দৰ পৰা উৎপত্তি হোৱা যাৰ অৰ্থ "meeting point। " প্ৰকৃততে এই অঞ্চলতে অসমৰ তিনিখন প্ৰধান চহৰ তিনিচুকীয়া, ডিগবৈ আৰু ডুমডুমা লগ হোৱাৰ বাবে ইয়াৰ নাম মাকুম হৈ পৰে। আন এটা জনশ্ৰুতি অনুসৰি মাকুম এখন ইতিহাস প্ৰসিদ্ধ ঠাই।
-
টীয়ক
টীয়ক অসমৰ যোৰহাট জিলাত অৱস্থিত এখন ঠাই। ই যোৰহাট নগৰৰ পৰা প্ৰায় ২৫ কি:মি: দূৰত অৱস্থিত।
-
বিহপুৰীয়া (নগৰ)
বিহপুৰীয়া (Bihpuria) (বিহপুৰীয়া গাঁও হিচাপেও পৰিচিত) অসমৰ লখিমপুৰ জিলাৰ এখন নগৰ। ১৯৬২ চনতে অসম চৰকাৰৰ দ্বাৰা নগৰ ঘোষিত হোৱা বিহপুৰীয়া নগৰ সমিতিৰ অধীনস্থ অঞ্চলত ১৪টা নগৰ সমিতি ৱাৰ্ড আছে (২০১১ চনৰ তথ্য অনুসৰি)।
-
লিডু
লিডু অসমৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত এখন সৰু চহৰ। লিডু ৰেলৱে ষ্টেচন ভাৰতৰ পূব প্ৰান্তৰ ব্ৰডগজ ৰেলৱে ষ্টেচন। এই চহৰখনৰ পৰাই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বাৰ্মাৰ মাজেদি চীনলৈ সামৰিক যোগানৰ পথ হিচাপে আমেৰিকান আৰু ইংৰাজ সেনাবাহিনীৰ ব্যৱহাৰৰ বাবে নিৰ্মাণ কৰা ষ্টিলৱেল পথৰ আৰম্ভণি ঘটিছে।
-
বাইহাটা চাৰিআলি
বাইহাটা চাৰিআলি অসমৰ কামৰূপ জিলাত অৱস্থিত এটা সৰু উন্নয়নশীল অঞ্চল। ঠাইখন গুৱাহাটীৰ জালুকবাৰীৰ পৰা উত্তৰে প্ৰায় ৩০ কিলোমিটাৰ আঁতৰত অৱস্থিত। গুৱাহাটীৰ কাষৰীয়া এই ঠাইখন শৈক্ষিক, বাণিজ্যিক, যাতায়তৰ দিশৰ পৰা এটা গুৰুত্বপূৰ্ণ অঞ্চল।
-
লামডিং
লামডিং (Pron:/lʌmˈdɪŋ/)(Lumding) অসমৰ নগাওঁ জিলাৰ অন্তৰ্ভুক্ত এখন ঠাই। ই উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ ৰে'লৱে জংচন ৰূপে প্ৰখ্যাত।
-
পলাশবাৰী
পলাশবাৰী (Pron:ˌpəlæsˈbɑːrɪ) (Palasbari) অসমৰ কামৰূপ জিলাৰ অন্তৰ্ভুক্ত এখন ঠাই৷
-
মৰিয়নি
মৰিয়নি (Mariani) অসমৰ যোৰহাট জিলাত অৱস্থিত এখন ঠাই।
-
সৰভোগ
সৰভোগ {IPA:ˈsə(r)ˌbɒg} (Sarbhog) অসমৰ বৰপেটা জিলাত অৱস্থিত এখন ঠাই৷ এই অঞ্চলটো বেঁকী নৈৰ পাৰত অৱস্থিত৷
-
দুধনৈ
দুধনৈ অসমৰ গোৱালপাৰা জিলাৰ এক অঞ্চল। দুধনৈ গোৱালপাৰা জিলাৰ এক ৰাজহ চক্ৰ আৰু উন্নয়ন খণ্ড।
-
হাইলাকান্দি
হাইলাকান্দি (উচ্চাৰণ:ˈhaɪləˌkʌndi) অসমৰ হাইলাকান্দি জিলাৰ এখন চহৰ আৰু হাইলাকান্দি জিলাৰ সদৰ ঠাই। হাইলাকান্দি অসমৰ তিনিখন বঙালী ভাষী জিলাৰ ভিতৰত অন্যতম। ই বৰাক উপত্যকা সংমণ্ডলত অৱস্থিত। বাঙালী আৰু মেইতেই (মণিপুৰী) এই অঞ্চলৰ চৰকাৰী ভাষা।
-
চাবুৱা
চাবুৱা (Chabua) অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত এখন ঠাই৷