চাপৰ (IPA: ˈtʃɑːpə) (Chapar)অসমৰ ধুবুৰী জিলাত অৱস্থিত এখন ঠাই ৷ এই অঞ্চলটো অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰো গৃহভূমি৷
ভৌগোলিক বিৱৰণ
ভৌগোলিকভাৱে চাপৰ .১ত অৱস্থিত৷ সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা প্ৰায় ২২ মিটাৰ (৭২ ফুট)৷
আন্ত:গাঁথনি
২০১১ চনৰ লোকপিয়ল অনুসৰি চাপৰৰ মুঠ জনসংখ্যা ১৮,৫৫৯ জন৷ ইয়াৰে ৫২% পুৰুষ আৰু ৪৮% মহিলা৷ মুঠ জনসংখ্যাৰ ১৪% ছয় বছৰৰ অনুৰ্ধৰ৷ চাপৰৰ গড় সাক্ষৰতাৰ হাৰ ৬৫% ৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৭১% আৰু ৫৮%৷
যাতায়ত ব্যৱস্থা
৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটো চাপৰৰ মাজেদি পাৰ হৈ গৈছে৷
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাপৰ” প্ৰবন্ধৰ সংশোধন ৬২১৯৪৭ (৩১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।