অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

শিলঘাট

শিলঘাট (Silghat) হৈছে অসমৰ নগাঁও জিলাৰ অন্তৰ্গত আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত এখন চহৰ। নগাঁও চহৰৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ৫২ কিলোমিটাৰ। শিলঘাটত থকা অন্যতম আকৰ্ষণীয় ঠাইসমূহ হৈছে হাতীমূৰা মন্দিৰ, কামাখ্যা দেৱালয়, ত্ৰিশূলধাৰী মন্দিৰ, সামন্তগিৰি আদি। শিলঘাটত এটি মৰাপাটৰ কলো আছে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩৫৯ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

শিলঘাট (Silghat) হৈছে অসমৰ নগাঁও জিলাৰ অন্তৰ্গত আৰু ব্ৰহ্মপুত্ৰ নদৰ দক্ষিণ পাৰত অৱস্থিত এখন চহৰ। নগাঁও চহৰৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ৫২ কিলোমিটাৰ। শিলঘাটত থকা অন্যতম আকৰ্ষণীয় ঠাইসমূহ হৈছে হাতীমূৰা মন্দিৰ, কামাখ্যা মন্দিৰ দেৱালয়, ত্ৰিশূলধাৰী মন্দিৰ, সামন্তগিৰি আদি। শিলঘাটত এটি মৰাপাটৰ কলো আছে।

শ্ৰীশ্ৰী কামাখ্যা দেৱালয়

শিলঘাটত থকা কামাখ্য দেৱালয় হৈছে শিলঘাটৰ এতি পুৰণি মন্দিৰ। মন্দিৰটি ১৭৪৫ খ্ৰীষ্টাব্দত(১৬৬৭ শক)ত স্থাপিত। দেৱালয়টি ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত।

১৭৪৫ খ্ৰীষ্টাব্দত স্থাপিত হোৱা কামাখ্যা দেৱালয়
১৭৪৫ খ্ৰীষ্টাব্দত স্থাপিত হোৱা কামাখ্যা দেৱালয়ছবি: ঈশান জ্যোতি বৰা · CC BY-SA 4.0

অশোকাষ্টমী মেলা

প্ৰতি বছৰে শিলঘাটত অশোকাষ্টমী মেলা অনুষ্ঠিত হয় চ'ত মাহৰ শুক্লা অষ্টমী তিথিত এই মেলা শিলঘাটত পালন কৰা হয়। প্ৰবাদ আছে যে। অষ্টমী তিথিতেই গঙ্গা নদী নদীৰ কিছু জলধাৰা আহি ব্ৰহ্মপুত্ৰত পৰেহি। সেইবাবে সেই সময়ত ব্ৰহ্মপুত্ৰ নদীখন গঙ্গাৰ দৰেই পবিত্ৰ হৈ থাকে। বহু লোকে এই দিনটোতে আত্মীয়-কুটুম্বৰ মৃতকৰ অস্থি আদি ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন দিয়ে।১

অসম সমবায় মৰাপাট কল

অসম সমবায় মৰাপাট কল (The Assam Co-operative Jute Mills Ltd.) হৈছে শিলঘাটত থকা মৰাপাট-উৎপাদনৰ কাৰখানা। সমবায় পদ্ধতিৰে কাৰ্যক্ষম হৈ থকা এইটোৱেই হৈছে ভাৰতৰ একমাত্ৰ কল। ১৯৫৯ চনত এই কলটি "অসম সমবায় সমাজ আইন" (Assam Co-operative Societies Act) পঞ্জীভুক্ত কৰা হৈছিল আৰু অনেক বাধা-সংগ্ৰাম অতিক্ৰম কৰি এই কলটো ১৯৭০ চনত কাৰ্যক্ষম কৰি তোলা হয়। প্ৰাৰম্ভিক পৰ্যায়ত এই কলটোত ১ কোটি ৫০ লাখ টকা বিনিয়োগ কৰা হৈছিল। চৌধ্য বছৰ ধৰি প্ৰতিকূল বতৰৰ মাজত চলি থকাৰ পাছত ১৯৮৪ চনৰ মাৰ্চত কলটো বন্ধ কৰি দিব লগা হৈছিল। বিত্তীয় অচলাৱস্থা আৰু আন কেতবোৰ আন্তঃগাঁঠনিজড়িত সমস্যাও ইয়াৰ মূল কাৰণ আছিল। প্ৰায় দুবছৰ ধৰি এই কলটো বন্ধ হৈ আছিল। ১৯৮৬ চনৰ জানুৱাৰী মাহত কলটো অসম চুক্তিৰ আধাৰত পুনৰ কাৰ্যক্ষম কৰি তোলা হ'ল। এইবাৰ কেন্দ্ৰত থকা চৰকাৰে বিত্তীয় অনুদান আগবঢ়ালে। লগতে ৰাজ্য চৰকাৰেও সহায় কৰিলে। কিন্তু ইয়াৰ পাছতো বিত্তীয় অৱস্থা সন্তোষজনক হৈ নুঠিল আৰু আয় আৰু খৰচৰ মাজত একধৰণৰ অসমতাই গা কৰি উঠিল। অৱশেষত নীৰৱচ্ছিন্ন চেষ্টাৰ ফলত ১৯৯২-৯৩ চনৰ পৰা এই কলটোৰ আৰ্থিক অৱস্থা সুস্থিৰ হ'বলৈ আৰম্ভ কৰিলে। ইয়াৰ পিছৰ পৰা মৰাপাটৰ কলটোৱে ধাৰাবাহিকভাৱে ইতিবাচক আৰ্থিক প্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান ইয়াৰ বিত্তীয় অৱস্থা সুস্থিৰ।২

পৰিবহণ

শিলঘাটৰ নিকতৱৰ্তী বিমানবন্দৰটো তেজপুৰৰ পৰা দহ কিলোমিটাৰ নিলগৰ শালনীত আছে। ৰেল যাতায়াতৰ বাবে শিলঘাট টাউন ৰে'লৱে ষ্টেছনো আছে। আলিপুৰদুৱাৰ - শিলঘাট টাউন ৰাজ্য ৰাণী এক্সপ্ৰেছ, নগাঁও এক্সপ্ৰেছ আৰু গুৱাহাটী - শিলঘাট টাউন ডেমু যাত্ৰীবাহী এইটো ষ্টেছনৰ পৰা চলাচল কৰা ট্ৰেইন। চহৰৰ মাজেৰে ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ হৈ গৈছে।

শিলঘাট মাল্টিমোডেল নৌপথ টাৰ্মিনেল

ব্ৰহ্মপুত্ৰৰ ওপৰত থকা শিলঘাট মাল্টিমোডেল নৌপথ টাৰ্মিনেলটোক ৰাষ্ট্ৰীয় নৌপথ-২ হিচাপে নামকৰণ কৰা হৈছে। এইটো ভাৰতমালা আৰু সাগৰমাল প্ৰকল্পৰ অংশ।৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ কলিয়াবৰৰ শিলঘাট কামাখ্যা পাহাৰৰ নামনিত আৰম্ভ হৈছে ঐতিহাসিক অশোকাষ্টমী মেলা. North-East Now
  2. ↑ The Assam Co-operative Jute Mills Ltd.
  3. ↑ Bharatmala presentation

সম্পৰ্কিত শ্ৰেণী

অসমৰ নগৰ-মহানগৰনগাঁও জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিলঘাট” প্ৰবন্ধৰ সংশোধন ৩৮২৯২৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।