অসমৰ নগৰ-মহানগৰ
১০১ প্ৰবন্ধ
-
হামৰেণ
হামৰেণ(Hamren)(IPA: ˈhæmrən)অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত এখন পৰ্বতীয়া ঠাই।
-
আমগুৰি
আমগুৰি (IPA: æmˈgʊərɪ) (Amguri) অসমৰ শিৱসাগৰ জিলাত অৱস্থিত এখন ঠাই।
-
ডকমোকা
ডকমোকা ( )(Dokmoka) অসমৰ কাৰ্বি আংলং জিলাৰ এখন পৌৰ-নগৰ। ইয়াৰ এখন নিজা নগৰ-সমিতি আছে।
-
ফুলবাৰী
ফুলবাৰী (Phulbari) অসমৰ লখিমপুৰ জিলাৰ এখন ঠাই। প্ৰাচীন ঐতিহ্য আৰু বুৰঞ্জীৰ বহুতো গুৰুত্বপূৰ্ণ সময়, ঘটনা আদিৰ সাক্ষীৰূপে এই ফুলবাৰী অঞ্চলটো জনাজাত৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দ’লহাট চাৰিআলিৰপৰা পাঁচ কিলোমিটাৰ পশ্চিম দিশে এই বৃহত্তৰ অঞ্চলটো অৱস্থিত৷ অঞ্চলটোত মুঠ ১১ খন ৰাজহ গাঁও আছে আৰু ফুলবাৰী বুলিলে…
-
লক্ষীপুৰ, গোৱালপাৰা
লক্ষীপুৰ হৈছে অসমৰ গোৱালপাৰা জিলা গোৱালপাৰা মহকুমাৰ এখন নগৰ। এই নগৰখন গোৱালপাৰা জিলা কাৰ্যালয়ৰ ৪৮ কিঃমিঃ পশ্চিমত অৱস্থিত। বৰ্তমান লক্ষীপুৰ নগৰত ৪টা ৱাৰ্ড আছে। ২০১১ চনৰ লোকপিয়ল অনুসৰি লক্ষীপুৰ নগৰ সমিতিত মুঠ জনসংখ্যা ১৫,৬৩৩ যাৰ ৮,০৪৬ জন পুৰুষ আৰু ৭,৫৮৭ গৰাকী মহিলা।
-
অসমৰ নগৰ-মহানগৰসমূহৰ তালিকা
অসমৰ নগৰ-মহানগৰসমূহৰ তালিকাত জিলা ভিত্তিক অসমৰ পৌৰ নগৰ সমূহক সূচীভূক্ত কৰা হৈছে। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি বৰ্তমান ৰাজ্যখনত ২৭ খন জিলা, ৫৮ টা মহকুমা আৰু ৮৩ খন নগৰ আছে। মহানগৰ অসমত মাত্ৰ এখনেই আৰু সেইখন হৈছে গুৱাহাটী মহানগৰ । ৰাজ্যখনত মুঠ জনসংখ্যা ৩১,১৬৯,২৭২ জন।
-
চাপাখোৱা
চাপাখোৱা (Chapakhowa) নগৰখনই হৈছে অসমৰ আটাইতকৈ পূব প্ৰান্তত অৱস্থিত এখন নগৰ। চাপাখোৱা, তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰ সদৰ ঠাই। তিনিচুকীয়া জিলাৰ পৰা চাপাখোৱালৈ দূৰত্বত প্ৰায় ৭০ কিলোমিটাৰ। চাপাখোৱা নগৰৰ মাজেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে।
-
বাসুগাঁও
বাসুগাঁও (Basugaon, (IPA:ˈbɑːsʊˌgɑ̃ʊ)) অসমৰ চিৰাং জিলাত অৱস্থিত এখন নগৰ৷
-
দিনজান
দিনজান (বা দিনজয় গাঁও) ডিব্ৰুগড় জিলাৰ এখন সৰু চহৰ। ই অসমৰ চাহ উৎপাদনকাৰী অঞ্চলত অৱস্থিত। তিনিচুকীয়া দিনজানৰ আটাইতকৈ ওচৰৰ চহৰ। দ্বিতীয় বিশ্বযুদ্ধত দিনজান বিমানঘাটৰ পৰা CNAC ৰ C-47 উৰা মাৰি জাপানৰ বিৰুদ্ধে চীনৰ কুনমিংলৈ বিভিন্ন ৰচদ-পাতি লৈ গৈছিল।
-
মাঞ্জা (নগৰ)
মাঞ্জা অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত এখন সৰু নগৰ। মাঞ্জা নগৰখন চোমনা (যমুনা) নদী আৰু আৰু ডিফু নলাৰ পাৰত অৱস্থিত। নগৰখন চৌপাশে নীলা পাহাৰৰ আৱেষ্টনীৰ দ্বাৰা আবৃত হৈ আছে।
-
হৰিশিঙা
হৰিশিঙা ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ উত্তৰ-পূব দিশত অৱস্থিত ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত এখন ক্ষুদ্ৰ নগৰ।