হাওৰাঘাট (IPA: ˈhɑʊrəˌgɑːt) (Howraghat)অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত এখন ঠাই৷
ইতিহাস
'হাওৰাঘাট' নামটো কাৰ্বি শব্দ 'হাৱাৰ-কেহাট' (Hawar-Kehat) ৰ পৰা অহা বুলি জনা যায় ৷ ইয়াৰ অৰ্থ হ'ল 'Crossing The Area' ৷
আন্ত:গাঁথনি
২০১১ চনৰ লোকপিয়ল অনুসৰি হাওৰাঘাটৰ মুঠ জনসংখ্যা ৪৬৫৯ জন৷ ইয়াৰে ৫৮% পুৰুষ আৰু ৪২% মহিলা৷ মুঠ জনসংখ্যাৰ ১১% ছয় বছৰৰ অনুৰ্ধৰ৷
হাওৰাঘাটৰ গড় সাক্ষৰতাৰ হাৰ ৮০% ৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৮৫% আৰু ৭৩% ৷
শিক্ষা
বিদ্যালয়-
- হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়
- হাওৰাঘাট উচ্চমাধ্যমিক বিদ্যালয়
- হাওৰাঘাট টাউন বালিকা উচ্চ মাধ্যমিক বিদ্যালয়
- নেশ্যনেল ইংলিচ স্কুল
- অম্বিকা একাডেমী
- শ্ৰীমন্ত শংকৰদেৱ শিশু নিকেতন
মহাবিদ্যালয়-
- হাওৰাঘাট মহাবিদ্যালয়
ৰাজনীতি
হাওৰাঘাট স্বায়ত্ত্বশাসিত পৰিষদৰ লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত৷ ১
তথ্যসূত্ৰ
- ↑ List of Parliamentary & Assembly Constituencies. অসম. Election Commission of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাওৰাঘাট” প্ৰবন্ধৰ সংশোধন ৩৮৭৫১৭ (১৪ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।