টিহু (Pron:ˈtɪhuː) (Tihu) অসমৰ নলবাৰী জিলা ত অৱস্থিত এখন ঠাই।
ইতিহাস
টিহুৰ পুৰণি নাম 'দিহু' ('Dihu') আছিল বুলি জনা যায়। 'দিহু' প্ৰকৃততে এটা বড়ো ভাষাৰ শব্দ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মত অনুসৰি, 'DI'ৰ অৰ্থ পানী আৰু 'HU' মানে 'সোঁত'। এই নামটো টিহুৰ কাষেৰে বৈ যোৱা 'দিহু' নামৰ নৈখনৰ পৰা অহা বুলি জনা যায়। কালক্ৰমত এই নৈখনৰ নাম 'টিহু' হৈ পৰে।
ভৌগোলিক বিৱৰণ
টিহু নগৰ নলবাৰী জিলাৰ অন্তৰ্গত দ্বিতীয় পুৰনি নগৰ।
আন্তঃগাঁথনি
২০১১ চনৰ লোকপিয়ল অনুসৰি, টিহুৰ মুঠ জনসংখ্যা ৪৩০১ জন। ১ ইয়াৰে ৫৩% পুৰুষ আৰু ৪৭% মহিলা। টিহুৰ গড় সাক্ষৰতাৰ হাৰ ৭৯%। ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ পৃথকভাৱে গড় সাক্ষৰতাৰ হাৰ হ'ল ৮২% আৰু ৭৫%। টিহুৰ জনসংখ্যাৰ ১০% ছয় বছৰ বয়সৰ অনুৰ্ধৰ।
যাতায়ত ব্যৱস্থা
টিহু অঞ্চলটো ৰে'ল আৰু পথেৰে অন্য অংশৰ সৈতে সংযোজিত হৈ আছে। এই টাউনখন গুৱাহাটীৰ পৰা ১০০ কি মি দুৰত্বত অৱস্থিত। জিলাৰ সদৰ ঠাই নলবাৰীৰ পৰা টিহুৰ দুৰত্ব প্ৰায় ২৫ কিমি।
টিহুৰ ৰে'লৱে ষ্টেচনটো টাউনৰ দক্ষিণ দিশত অৱস্থিত।
শিক্ষা
টিহু নগৰক নামনি অসমৰ এখন উল্লেখযোগ্য শৈক্ষিক নগৰ বুলিও কোৱা হয়। ইয়াত ভালেসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে। ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল-
বিদ্যালয়-
- টিহু উচ্চ মাধ্যমিক বিদ্যালয়
- টিহু বালিকা উচ্চ মাধ্যমিক বিদ্যালয়
- বিবেকানন্দ বিদ্যা নিকেতন
- জাতীয় বিদ্যালয়
- শংকৰদেৱ শিশু নিকেতন
- এঞ্জেল একাদ্যেমী
- মহৰ্ষি বিদ্যা মন্দিৰ
মহাবিদ্যালয়-
- টিহু মহাবিদ্যালয়
- সৰ্বেস্বৰ দাস মহাবিদ্যালয়
- আৰ্য্যভট্ট একাডেমী
ৰাজনীতি
টিহু নগৰ ৪২নং পাটাছাৰকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত।
উল্লেখযোগ্য ঠাই
- মনসা মন্দিৰ
- টিহু ৰাস মন্দিৰ
- মাখিবাহা গাওঁ
- হাৰিভাংগা গাওঁ
উল্লেখযোগ্য ব্যক্তি
টিহু অঞ্চলৰ কেইজনমান উল্লেখযোগ্য ব্যক্তি নাম তলত উল্লেখ কৰা হ'ল
- কালীচৰণ ডেকা
- উদয় কলিতা
আলোকচিত্ৰৰ ভঁৰাল
tihu railway stason. Jpg
তথ্যসূত্ৰ
- ↑ Population Finder. Censusindia.gov.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টিহু” প্ৰবন্ধৰ সংশোধন ২৫২১৪৪ (২৯ নৱেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।