অসমৰ চলচ্চিত্ৰ পৰিচালক
৫৯ প্ৰবন্ধ
-
গৌৰী বৰ্মন
গৌৰী বৰ্মন (Gauri Barman) অসমৰ এগৰাকী চিত্ৰশিল্পী, লেখক, চলচ্চিত্ৰ পৰিচালক, তথ্যচিত্ৰ নিৰ্মাতা আছিল। ১৯৭০ৰ চাৰিজন পৰিচালকে চতুৰঙ্গ নামেৰে পৰিচালনা কৰা অপৰাজেয় ছবিৰ অন্যতম পৰিচালক আছিল। পাছলৈ তেওঁ হৃদয়ৰ প্ৰয়োজন, অকণ, যুগে যুগে সংগ্ৰাম, অনুৰাগ, আপোনজন, জীৱন জেউতী আদি ছবি পৰিচালনা কৰে।
-
জয়ন্ত নাথ
জয়ন্ত নাথ (ইংৰাজী: Jayanta Nath) অসমৰ এগৰাকী কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ পৰিচালক। বহুতো জনপ্ৰিয় গীতৰ উপৰিও হৃদয় কঁপোৱা গান আৰু কৰমা কে ৰাতি নামৰ দুখন বোলছবিও পৰিচালনা কৰে।
-
পীযুষ কান্তি ৰয়
পীযুষ কান্তি ৰয় (Pijush Kanti Roy) এগৰাকী ভাৰতীয় চলচ্চিত্ৰৰ শব্দযন্ত্ৰী। তেওঁ পুণেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ প্ৰাক্তন শিক্ষাৰ্থী। ‘চালিয়া’, ‘ৰেশম কী ডোৰী’ আদি হিন্দী চলচ্চিত্ৰৰ শব্দযন্ত্ৰী ৰয়ে কেইখনমান অসমীয়া ছবিত কাম কৰাৰ উপৰিও বিজয় চৌধুৰীৰ সৈতে তেওঁ কাঁচঘৰ নামৰ অসমীয়া ছবি…
-
অতুল বৰদলৈ
অতুল বৰদলৈ (Atul Bordoloi) অসমৰ এজন প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক আছিল। ১৯৭০ চনত মুক্তিপ্ৰাপ্ত অপৰাজেয় নামৰ চলচ্চিত্ৰৰ পৰিচালনাৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পন কৰিছিল। তেখেতে মুঠতে ৮খন অসমীয়া চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল। তেখেতে দূৰদৰ্শন ধাৰাবাহিক আৰু তথ্যচিত্ৰৰ নিৰ্মাণো কৰিছিল।
-
ভবেন দাস
ভবেন দাস (Bhaben Das) এগৰাকী চলচ্চিত্ৰ পৰিচালক। তেওঁ চাৰিখন অসমীয়া ছবিৰ উপৰিও 'কানামাছি' বুলি বঙালী ছবি এখনো পৰিচালনা কৰিছে। তেওঁ বহুকেইখন বঙালী, ওড়িয়া, হিন্দী আৰু অসমীয়া ছবিত সহকাৰী হিচাপে কাম কৰিছিল।
-
শম্ভু গুপ্তা
শম্ভু গুপ্তা (Sambhu Gupta) এগৰাকী অসমীয়া চলচ্চিত্ৰৰ পৰিচালক, চিত্ৰনাট্যকাৰ তথা সংলাপ লেখক। তেওঁ দাৰা আহমেদৰ সৈতে যুটীয়াভাৱে দেৱী আৰু এককভাবে প্ৰেম আৰু প্ৰেম নামৰ দুখন চলচ্চিত্ৰ পৰিচালনা কৰিছিল। ক'ভিডত আক্ৰান্ত হৈ ২০২১ চনৰ ১৬ মে' তাৰিখে গুৱাহাটীৰ এপ'ল' হস্পিটেলত, ৮০ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।
-
দাৰা আহমেদ
দাৰা আহমেদ (Dara Ahmed) এগৰাকী অসমীয়া চলচ্চিত্ৰৰ পৰিচালক, তথ্যচিত্ৰ, দূৰদৰ্শনৰ ধাৰাবাহিক তথা টেলিফিল্ম নিৰ্মাতা। ১৯৬৯ চনত, ব্ৰজেন বৰুৱা পৰিচালিত ডক্তৰ বেজবৰুৱা চলচ্চিত্ৰৰ সহকাৰী পৰিচালক ৰূপে তেওঁ অসমীয়া চিনেমা জগতত ভৰি দিয়ে আৰু প্ৰায় ২০খন চলচ্চিত্ৰৰ সহকাৰী পৰিচালক ৰূপে কাম কৰে।
-
নলিন দুৱৰা
নলিন দুৱৰা (Nalin Duwara) অসমীয়া কথাছবিৰ এগৰাকী পৰিচালক আৰু চিত্ৰগ্ৰহণকাৰী বা চিনেমেটোগ্ৰাফাৰ আছিল। তেওঁৰ জন্ম ১৯২৮ চনৰ ২২ জুনত তেতিয়াৰ ব্ৰিটিছ শাসিত অসমৰ শিৱসাগৰ জিলাত (বৰ্তমানৰ গোলাঘাট জিলা) হয়। তেওঁৰ মাকৰ নাম আছিল মনোৰমা দুৱৰা।
-
সুপ্ৰভা দেৱী
সুপ্ৰভা দেৱী (ইংৰাজী: Suprabha Devi) আছিল এগৰাকী চলচ্চিত্ৰ প্ৰযোজিকা আৰু অসমৰ প্ৰথম মহিলা চলচ্চিত্ৰ পৰিচালিকা। ১৯৮৪ চনত তেখেতে “নয়নমণি” আৰু ১৯৮৬ চনত “সৰবজান” বোলছবি পৰিচালনা কৰে। ১৯৮৫ চনত তেখেতে “শিল্পী দিৱস বঁটা” লাভ কৰিছিল।
-
জাংদাও বডোচা
জাংদাও বডোচা (Jwngdao Bodosa) এগৰাকী বড়ো ভাষাৰ চলচ্চিত্ৰ পৰিচালক, চিত্ৰগ্ৰহণকাৰী আৰু সম্পাদক। তেওঁ চলচ্চিত্ৰ পৰিচালনা বিষয়ত ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ (FTII) ডিপ্লোমাধাৰী।
-
গুণসিন্ধু হাজৰিকা
গুণসিন্ধু হাজৰিকা (Guna Sindhu Hazarika) এগৰাকী অসমীয়া ছবিৰ পৰিচালক তথা সহকাৰী পৰিচালক। ১৯৩০ দশকৰ মধ্যভাগত নগাঁও জিলাৰ কামপুৰৰ তেতেলিসৰা গাঁৱত তেওঁৰ জন্ম হৈছিল।
-
বিজয় চৌধুৰী
বিজয় চৌধুৰী (Bijoy Chowdhury ওৰফে C. Bijoy) হিন্দী ছবিৰ এজন সম্পাদক আছিল। শক্তি সামন্তৰ 'এন ইভিনিং ইন পেৰিচ' ছবিৰ সহকাৰী সম্পাদকৰূপে চলচ্চিত্ৰীয় জীৱনৰ আৰম্ভণি কৰা ৰয়ে বহুকেইখন জনপ্ৰিয় হিন্দী ছবিৰ সম্পাদনা কৰিছিল।
-
বিশ্বজিৎ বৰা
বিশ্বজিৎ বৰা (Biswajeet Bora; জন্ম: ৮ আগষ্ট ১৯৭৯) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, লেখক তথা সম্পাদক। নিৰ্মাণৰ সময়ত কাৰ্বন নিৰপেক্ষ ভাৰতৰ প্ৰথমখন ছবি ২০১৫ চনত মুক্তিলাভ কৰা 'এইচা হে জাহান'ৰ জৰিয়তে তেওঁ পৰিচালক হিচাপে প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰিছিল।
-
সূৰ্যকান্ত হাজৰিকা
সূৰ্যকান্ত হাজৰিকা (জন্ম: ৩১ মে' ১৯৫৬) এগৰাকী ভাৰতীয় সাহিত্যিক, সাংবাদিক, গীতিকাৰ, কবি, চলচ্চিত্ৰ নিৰ্মাতা, প্ৰকাশক আৰু শিক্ষাবিদ। তেওঁ ভাৰত চৰকাৰৰ পৰা ২০০৮ চনত সাহিত্য আৰু শিক্ষা শিতানত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰিছিল। তেখেত বৰ্তমান সাহিত্য সভাৰ সভাপতি।
-
ৰঞ্জিত দাস
ৰঞ্জিত দাস (Ranjit Das) অসমৰ এগৰাকী চলচ্চিত্ৰ পৰিচালক আৰু সম্পাদক। তেওঁ কাহিনী আৰু অনা-কাহিনী দুয়োটা শিতানৰে ছবি পৰিচালনা কৰিছে। দ্বিবন বৰুৱাৰ মন আৰু মৰম ছবিৰ সহকাৰী পৰিচালক ৰূপে তেওঁৰ চলচ্চিত্ৰীয় জীৱনৰ আৰম্ভণি হয়।
-
গৌতম বৰা
গৌতম বৰা (Gautam Bora) এগৰাকী চলচ্চিত্ৰ পৰিচালক। ১৯৭৪ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আৰু ১৯৮৩ চনত জাৰ্মানীৰ পটচডাম, বাবেলবাৰ্গৰ কনৰাড ৱ’ল্ফ ইঞ্চটিটিউটৰ পৰা তেওঁ চলচ্চিত্ৰ আৰু টেলিভিচন পৰিচালনা সম্পৰ্কীয় ডিগ্ৰী লাভ কৰে।
-
চিম্পল গগৈ
চিম্পল গগৈ অসমৰ এগৰাকী চলচ্চিত্ৰ পৰিচালক৷ তেওঁ বৰ্তমানলৈকে কেইবাখনো বোলছবি আৰু দূৰদৰ্শনৰ ধাৰাবাহিকৰ পৰিচালনা কৰিছে৷
-
পদ্ম কৈৰী
পদ্ম কৈৰী (Padma Koiri, ১৯৫২ - ৮ জুন ২০২০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, ৰাজনৈতিক নেতা, সমাজকৰ্মী, অভিনেতা তথা কণ্ঠশিল্পী। তেওঁ ১৯৮৫ চনৰ বিধানসভা নিৰ্বাচনত বিশ্বনাথ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি অসম বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।
-
বিভূৰঞ্জন চৌধুৰী
বিভূৰঞ্জন চৌধুৰী (Bibhuranjan Choudhury; ১৪ অক্টোবৰ ১৯৫০-২০ ছেপ্তেম্বৰ ১৯২০) এজন কণ্ঠশিল্পী তথা অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালক আছিল। বাওপন্থী ৰাজনীতি আৰু আদৰ্শৰ প্ৰতি গভীৰ আস্থা থকা চৌধুৰীয়ে দীৰ্ঘদিন ধৰি গণনা্ট্য সংঘ, অসম শাখাৰ নেতৃত্ব বহন কৰিছিল।
-
ভাস্কৰ জ্যোতি মহন্ত
ভাস্কৰ জ্যোতি মহন্ত (Bhaskar Jyoti Mahanta, জন্ম: ২৪ জানুৱাৰী ১৯৬৩) এগৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া তথা প্ৰাক্তন অসম আৰক্ষীৰ সঞ্চালক-প্ৰধান। তেওঁ ভাৰতীয় আৰক্ষী সেৱাৰ ১৯৮৮ বৰ্ষৰ অসম মেঘালয় কেডাৰৰ আৰক্ষী বিষয়া।
-
এম মণিৰাম
মৈৰঙঠম মণিৰাম সিংহ বা চমুকৈ এম মণিৰাম (জন্ম: ১৯৭০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ। তেওঁ ঘাইকৈ অসমীয়া চলচ্চিত্ৰৰ ক্ষেত্ৰৰ লগত জড়িত। লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰত জন্মলাভ এম মণিৰাম মণিপুৰী সম্প্ৰদায়ৰ।
-
আলতাফ মজিদ
আলতাফ মজিদ (Altaf Mazid) অসমৰ এগৰাকী চলচ্চিত্ৰ সমালোচক, চলচ্চিত্ৰ পৰিচালক আৰু সাংস্কৃতিক কৰ্মী৷ তেখেত ‘চুটি ছবি’ নিৰ্মাণৰ বাবে বিখ্যাত৷ প্ৰথম অসমীয়া বোলছবি জয়মতীৰ নষ্ট হ'ব ধৰা প্ৰিণ্টটো এখেতে ভাল কৰাই সংৰক্ষণ কৰে৷
-
ববী শৰ্মা বৰুৱা
ববী শৰ্মা বৰুৱা এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ। তেওঁ চলচ্চিত্ৰৰ মাধ্যমেৰে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ সামাজিক আৰু সাংস্কৃতিক বিষয়সমূহ দাঙি ধৰে। তেওঁৰ প্ৰথমখন ছবি হৈছে অদম্য।
-
জীৱন বৰা
জীৱন বৰা (Jiban Bora) এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক, নাট্যকাৰ আৰু লেখক। ১৯৩১ চনৰ ১৪ নৱেম্বৰ তাৰিখে লখিমপুৰ জিলাত তেওঁৰ জন্ম হয়। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ওপজা মাটিৰ সোণ তেওঁ প্ৰযোজনা কৰিছিল। পলাশৰ ৰং তেওঁ পৰিচালনা কৰা একমাত্ৰ ছবি। তেওঁ বহুকেইখন নাটক আৰু অন্যান্য গ্ৰন্থ লিখিছে।
-
তিমথি দাস হান্সে
তিমথি দাস হান্সে (Timothy Das Hanse) অসম, ভাৰতৰ এজন চলচ্চিত্ৰ পৰিচালক, তথ্যচিত্ৰ-নিৰ্মাতা, চলচ্চিত্ৰ প্ৰযোজক আৰু গীতিকাৰ। তেখেতে মূলত: অসমীয়া আৰু কাৰ্বি ছবিজগতত কাম কৰিছিল৷ ১৯৮৫ চনত অসমীয়া ছবিজগতৰ লগত জড়িত হৈ পৰা তিমথি দাস হান্সে পৰৱৰ্তী সময়ত পাহাৰী কন্যা, ৰঙা মদাৰ আৰু ২০০৯ চনত অসম চৰকাৰৰ…
-
মানিক বড়া
মাণিক বড়া আছিল অসমৰ এগৰাকী সাহিত্যিক আৰু তথ্যচিত্ৰ নিৰ্মাতা আৰু পৰিচালক। ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত সন্ধ্যাৰাগ নামৰ চলচ্চিত্ৰতো তেওঁ মুখ্য সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল। বড়াৰ উপন্যাসমূহৰ ভিতৰত 'বৈৰাগী বিহংগ' প্ৰধান। অসমৰ বিভিন্ন ঠাইৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰসমূহৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
মৃগাংক বৰা
মৃগাংক বৰা এজন ভাৰতীয়-অসমীয়া চলচ্চিত্ৰ পৰিচালক, লিখক আৰু প্ৰযোজক। তেওঁ ৰিয়াজ (চলচ্চিত্ৰ) খনৰ বাবে জনাজাত। এইখন তেওঁৰ প্ৰথম অসমীয়া ভাষাত লিখা, পৰিচালনা আৰু প্ৰযোজনা কৰা চলচ্চিত্ৰ। ছবিখনে ২০২১ বৰ্ষত ডিজিটেল মাধ্যম ৰীলড্ৰামাত মুক্তি লাভ কৰে।
-
ৰীমা বৰা
ৰীমা বৰা এগৰাকী ভাৰতীয় চলচ্চিত্ৰনিৰ্মাতা। ২০১৫ চনত মুক্তিপ্ৰাপ্ত বকুল (চলচ্চিত্ৰ)ৰ বাবে তেওঁক বিশেষভাৱে জনা যায়। ৰীমা বৰা পুনেত অৱস্থিত ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ এগৰাকী স্নাতক।
-
পাৰ্থজিৎ বৰুৱা
পাৰ্থজিৎ বৰুৱা (Parthajit Baruah) অসম, ভাৰতৰ এগৰাকী তথ্যচিত্ৰ-নিৰ্মাতা, প্ৰযোজক, চলচ্চিত্ৰ-নিৰ্মাতা, চলচ্চিত্ৰ-সমালোচক, চলচ্চিত্ৰ-ইতিহাসকাৰ, গৱেষক, লেখক আৰু প্ৰবক্তা৷ তেওঁ এতিয়ালৈকে কেইবাখনো তথ্যচিত্ৰ নিৰ্মাণ কৰিছে৷ ২০১৪ চনত লক্ষ্মী ওৰাং– ৰাইজিং ফ্ৰম দ্য গ্ৰেভ শীৰ্ষক তথ্যচিত্ৰখনৰ জৰিয়তে চৰ্চালৈ…