অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভবেন দাস

ভবেন দাস (Bhaben Das) এগৰাকী চলচ্চিত্ৰ পৰিচালক। তেওঁ চাৰিখন অসমীয়া ছবিৰ উপৰিও 'কানামাছি' বুলি বঙালী ছবি এখনো পৰিচালনা কৰিছে। তেওঁ বহুকেইখন বঙালী, ওড়িয়া, হিন্দী আৰু অসমীয়া ছবিত সহকাৰী হিচাপে কাম কৰিছিল।

হালনাগাদ: ১৪ জানুৱাৰী ২০২৩ ১৫৯ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

ভবেন দাস (Bhaben Das) এগৰাকী চলচ্চিত্ৰ পৰিচালক। তেওঁ চাৰিখন অসমীয়া ছবিৰ উপৰিও 'কানামাছি'১ বুলি বঙালী ছবি এখনো পৰিচালনা কৰিছে। তেওঁ বহুকেইখন বঙালী, ওড়িয়া, হিন্দী আৰু অসমীয়া ছবিত সহকাৰী হিচাপে কাম কৰিছিল।২

কৰ্মজীৱন

কামৰূপ জিলাৰ ৰামপুৰ গাঁৱৰ নিবাসী দাসৰ ফণী শৰ্মাৰ ভাস্কৰ পণ্ডিতৰ অভিনয় দেখি তেৱোঁৰো অভিনয়ৰ প্ৰতি ধাউতি জাগিছিল। কলিকতালৈ গৈ চিত্ৰ নিৰ্মাণ সম্পৰ্কীয় কাম শিকিছিল। প্ৰথমে তেওঁ ছিৰাজ ছবিৰ দৃশ্যগ্ৰহণৰ সহযোগী ৰূপে কাম কৰে। পিছত তেওঁ কল্যাণ গুপ্তৰ সহকাৰী হয়। তেনেকৈয়ে চিত্ৰনাট্য ৰচনাৰ পৰা অন্যান্য কাৰিকৰী কামবোৰ শিকি লয়। তেওঁ সহকাৰী পৰিচালক ৰূপে কাম কৰা বঙালী, হিন্দী আৰু ওড়িয়া ছবিৰ কিছুমান হ’ল- 'নীল আকাশেৰ নীচে', 'বাঘা যতীন', 'খুদিৰাম', 'ডাইনী', 'জয় মা কালী বোৰ্ডিং', 'ডেইলী পেচেঞ্জাৰ' (বঙালী ছবি); 'মালা', 'কাৰ্টুজ', 'জনতা ইনচাফ মাংগতী হ্যায়' (হিন্দী ছবি); সপ্তশয্যা ', 'ৰোল-২৮', 'চাকনৈয়া' (ওড়িয়া ছবি) আদি।২

'পাৰঘাট' (১৯৪৯), 'পিয়লী ফুকন' (১৯৫৫), 'স্মৃতিৰ পৰশ' (১৯৫৬), 'চাকনৈয়া' (১৯৫৯) আদি অসমীয়া ছবিত তেওঁ সহকাৰী পৰিচালক অথবা কাৰিকৰী পৰামৰ্শদাতা হিচাপে কাম কৰিছিল। ১৯৫৭ চনত প্ৰথমবাৰৰ বাবে তেওঁ স্বাধীনভাবে অসমীয়া ছবি 'লখিমী' পৰিচালনা কৰে। তেওঁ পৰিচালনা কৰা দ্বিতীয় ছবি কানামাছি। এইখন বঙালী ভাষাৰ ছবি। সাবিত্ৰী চট্টোপধ্যায়, সুনন্দা বেনাৰ্জী, তপতী ঘোষ, অনুপ কুমাৰ, ভানু বন্দোপধ্যায়, পাহাৰী সান্যাল, জহৰ ৰয় আদি বঙালী ছবিৰ নামজ্বলা শিল্পীসকলে কানামাছিত অভিনয় কৰিছিল।২

পৰিচালিত চলচ্চিত্ৰ

ক্ৰমিক নংছবিৰ নামবৰ্ষভাষা
১লখিমী১৯৫৭অসমীয়া২৩
২কানামাছি১৯৬১বঙালী২৩
৩উপগ্ৰহ১৯৭২অসমীয়া৩
৪ধৰ্মকাই১৯৭৭অসমীয়া৩
৫মাতৃ১৯৮৬অসমীয়া৩

তথ্যসূত্ৰ

  1. ↑ Kanamachi (1961). www.moviebuff.com
  2. ↑ মঞ্চলেখা, পৃষ্ঠা ৩১৪, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭
  3. ↑ Filmography of Bhaben Das. indiancine.ma

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ চলচ্চিত্ৰ পৰিচালকঅসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভবেন দাস” প্ৰবন্ধৰ সংশোধন ৩৪২৮৩৮ (১৪ জানুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।