অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গুণসিন্ধু হাজৰিকা

গুণসিন্ধু হাজৰিকা (Guna Sindhu Hazarika) এগৰাকী অসমীয়া ছবিৰ পৰিচালক তথা সহকাৰী পৰিচালক। ১৯৩০ দশকৰ মধ্যভাগত নগাঁও জিলাৰ কামপুৰৰ তেতেলিসৰা গাঁৱত তেওঁৰ জন্ম হৈছিল।

হালনাগাদ: ৩০ নৱেম্বৰ ২০২৪ ১৪৭ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

গুণসিন্ধু হাজৰিকা (Guna Sindhu Hazarika) এগৰাকী অসমীয়া ছবিৰ পৰিচালক তথা সহকাৰী পৰিচালক। ১৯৩০ দশকৰ মধ্যভাগত নগাঁও জিলাৰ কামপুৰৰ তেতেলিসৰা গাঁৱত তেওঁৰ জন্ম হৈছিল।১

কৰ্মজীৱন

১৯৬০ৰ দশকত মুম্বাইত ৰাজ কাপুৰৰ এখন ছবিৰ স্পটবয়ৰ কামেৰে তেওঁ চলচ্চিত্ৰ জগতত খোজ পেলাইছিল।১ তেওঁ সন্ধ্যাৰাগ (১৯৭৭), অনিৰ্বাণ (১৯৮১), মণিৰাম দেৱান (১৯৬৪), ললিতা, আদালত (ধাৰাবাহিক), মৰমী, তৰামাই, নয়নমণি আদি বহুটো ছবিৰ পৰিচালনা সহকাৰী আছিল। নয়নমণি ছবিৰ কাম কৰি থাকোঁতেই এক দুৰ্ঘটনাত পতিত হৈ তেওঁ চিৰদিনৰ বাবে দৃষ্টিশক্তি হেৰুৱায়। স্বাধীনভাবে পৰিচালনা কৰা তেওঁৰ একমাত্ৰ অসমীয়া ছবিখন হ’ল অবুজ বেদনা (১৯৯৩)। শিশুছবি অবুজ বেদনাক হিন্দীত ডাব কৰি দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় কাৰ্যক্ৰমত দেখুৱাওৱা হৈছিল।অবুজ বেদনাৰ২উপৰিও আৰু এখন ছবি তেওঁ স্বাধীনভাবে পৰিচালনা কৰিছিল। সেইখন হ’ল ভোজপুৰী ভাষাৰ ছবি গোৰী। তেওঁ দুখন বলীউডী ছবি- য়ে কানুন ৰং লায়েগী আৰু জব য়াদ কিসিকী আতি হ্যায়ৰ পৰিচালনাৰ সৈতে জড়িত আছিল।৩

ব্যক্তিগত জীৱন

অৰ্পনা মিশ্ৰ হাজৰিকাৰ পত্নী। তেওঁলোকৰ কোনো সতি-সন্ততি নাছিল। ২০০১ চনত কামৰূপ জিলাৰ উপায়ুক্তই আৰ্থিক দুৰ্যোগত ভুগা হাজৰিকাক উপায়ুক্ত কাৰ্যালয় চৌহদত এটা পিচিঅ’ স্থাপন কৰিবলৈ বিশেষ অনুমতি প্ৰদান কৰিছিল। এই ব্যৱয়াসৰ পৰা হোৱা আয় সামান্য আছিল যদিও কিবাবৈ চলি থাকিব পৰা হৈছিল। ২০০৯ চনত অসমত এলানি ধাৰাবাহিক বোমা বিস্ফাৰণ সংঘটিত হৈছিল। বিস্ফোৰণৰ পিছত কৰ্তৃপক্ষই সুৰক্ষাজনিত কাৰণত পিচিঅ’টো উঠাই দিছিল। একমাত্ৰ অসম চৰকাৰৰ শিল্পী পেঞ্চনেৰে চলিবলগীয়া হোৱা হাজৰিকাই চৰম দাৰিদ্ৰৰ সন্মুখীন হৈছিল।৪৩

২০২৩-ৰ ২৮ জানুৱাৰীত বাৰ্ধক্যজনীত কাৰণত গুৱাহাটীৰ হেঙেৰাবাৰীৰ বাসভৱনত তেওঁৰ মৃত্যু হয়৷৫

সন্মান

কামপুৰৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান আৰোহনে কপিলী বঁটা-২০১৮ৰে তেওঁক সন্মানিত কৰে।১

তথ্যসূত্ৰ

  1. ↑ (January 6, 2019). বিশিষ্ট চলচ্চিত্ৰ পৰিচালক গুণসিন্ধু হাজৰিকালৈ কপিলী বঁটা-২০১৮. Asomiya Pratidin
  2. ↑ Das Arunlochan. (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃ. 396
  3. ↑ (31-10-2009). Help for Assam filmmaker. The Telegraph Online
  4. ↑ (November 1, 2010). Blast that snatched livelihood - Blind, old filmmaker suffers financially maimed existence. The Telegraph
  5. ↑ Assamese Film Director Guna Sindhu Hazarika Passes Away. pratidintime.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ চলচ্চিত্ৰ পৰিচালকঅসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুণসিন্ধু হাজৰিকা” প্ৰবন্ধৰ সংশোধন ৪৪৯৮৬৪ (৩০ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।