অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এম মণিৰাম

মৈৰঙঠম মণিৰাম সিংহ বা চমুকৈ এম মণিৰাম (জন্ম: ১৯৭০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ। তেওঁ ঘাইকৈ অসমীয়া চলচ্চিত্ৰৰ ক্ষেত্ৰৰ লগত জড়িত। লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰত জন্মলাভ এম মণিৰাম মণিপুৰী সম্প্ৰদায়ৰ।

হালনাগাদ: ২ অক্টোবৰ ২০২৩ ১৮৯ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

মৈৰঙঠম মণিৰাম সিংহ বা চমুকৈ এম মণিৰাম (জন্ম: ১৯৭০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ। তেওঁ ঘাইকৈ অসমীয়া চলচ্চিত্ৰৰ ক্ষেত্ৰৰ লগত জড়িত। লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰত জন্মলাভ এম মণিৰাম মণিপুৰী সম্প্ৰদায়ৰ।১ তেওঁৰ মৈৰঙঠম মুভিজৰ বেনাৰত নিৰ্মিত ২০০৮ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা মন যায় ছবিখনে ৫৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা'ৰ 'শ্ৰেষ্ঠ অসমীয়া ছবি'ৰ সন্মান লাভ কৰে।২

প্ৰাৰম্ভিক জীৱন

১৯৭০ চনত অসমৰ লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰত এম মণিৰামৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম বলবিহাৰী। তেওঁৰ পিতৃয়ে ১৪ বছৰ বয়সতে মণিপুৰৰ মায়ং লেংজিঙৰ ওচৰত অৱস্থিত ফুমলৌৰ গাঁৱৰ পৰা অসমলৈ আহিছিল। তেওঁ যোৰহাটৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ আই.টি.আই.ৰ টেইলৰিং পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল। ইয়াৰ পৰা টেইলৰিং শিকি তেওঁ তিনিচুকীয়াৰ চলচ্চিত্ৰ গৃহ এখনৰ কাষত নিজাকৈ কাপোৰৰ দোকান আৰম্ভ কৰে।১ মণিৰামে তিনিচুকীয়াৰ ডুমডুমা ডন বস্ক' স্কুলত শিক্ষা গ্ৰহণ কৰিছিল। সৰুৰে পৰা তেওঁৰ চলচ্চিত্ৰৰ প্ৰতি ৰাপ আছিল। তেওঁৰ পিতৃৰ কাপোৰৰ দোকান ছবিগৃহৰ কাষতে হোৱাৰ বাবে তেওঁ তাত প্ৰদৰ্শন কৰা প্ৰায় সকলো ছবি চাইছিল।১

কৰ্মজীৱন

তেওঁ সৰুৰে পৰা নিজৰ প্ৰতিভা বিকাশৰ উপযুক্ত সুবিধা লাভ কৰিছিল। তেওঁ অষ্টম শ্ৰেণীত থাকোঁতে বিদ্যালয়ৰ বাৰ্ষিক উৎসৱৰ উপলক্ষে অনুষ্ঠিত একাংকিকাত প্ৰথম অভিনয় কৰিছিল। এই একাংকিকা খনৰ পৰিচালনা আৰু চিত্ৰনাট্য তেওঁ নিজেই কৰিছিল। ১৯৯০ চনত তেওঁ কলেজত পঢ়ি থাকোঁতে অসমীয়া ভিডিঅ' ছবিৰ সহকাৰী পৰিচালক হিচাপে কাম কৰাৰ সুযোগ লাভ কৰিছিল। চলচ্চিত্ৰ বিষয়ক কোনো আনুষ্ঠানিক শিক্ষা নথকাৰ সত্বেও তেওঁ পিছলৈ নিজকে এজন স্বনিৰ্ভৰশীল চলচ্চিত্ৰ নিৰ্মাতা হিচাপে প্ৰতিষ্ঠিত কৰিছিল। ১৯৯৫ চনৰ পৰা তেওঁ দূৰদৰ্শন আৰু চৰকাৰৰ বিভিন্ন বিভাগৰ বাবে ইংৰাজী, অসমীয়া আৰু মেইতেই ভাষাৰ ২৫ খনতকৈ অধিক ধাৰাবাহিক, তথ্যচিত্ৰ আৰু টেলিফিল্ম নিৰ্মাণ কৰিছে।১৩

মৈৰঙঠম মুভিজৰ বেনাৰত নিৰ্মিত তেওঁৰ প্ৰথম ছবি মন যায় ২০০৮ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰে। এই ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে জুবিন গাৰ্গ, পবিত্ৰ মাৰ্ঘেৰিটা, জ্ঞানেন্দ্ৰ পল্লব, নৱদ্বীপ বৰগোহাঁই, নিশিতা গোস্বামী, ৰিম্পী দাস ইত্যাদি। ছবিখনে '৫৬-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা'ৰ 'শ্ৰেষ্ঠ অসমীয়া ছবি'ৰ সন্মান লাভ কৰে। ২০১৬ চনত তেওঁৰ সন্ধিক্ষণ নামৰ দ্বিতীয় ছবিখনে মুক্তি লাভ কৰিছিল।

চলচ্চিত্ৰ ৰাজি

  • মন যায়, ২০০৮
  • ইউ আৰ নট মাই জুলী (মুক্তি লাভ কৰা নাই)
  • সন্ধিক্ষণ, ২০১৬

তথ্যসূত্ৰ

  1. ↑ Kongbam, Meghachandra. (6 July 2009). Mon jai (I feel like): An Assamese film mirroring contemporary society in Assam. Manipur Information Centre
  2. ↑ pib.nic.in/archieve/others/2010/jan/r2010012302.
  3. ↑ M. Maniram

সম্পৰ্কিত শ্ৰেণী

অসমৰ চলচ্চিত্ৰ পৰিচালকঅসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এম মণিৰাম” প্ৰবন্ধৰ সংশোধন ৩৮৪০৬৮ (২ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।