ৰঞ্জিত দাস (Ranjit Das) অসমৰ এগৰাকী চলচ্চিত্ৰ পৰিচালক আৰু সম্পাদক। তেওঁ কাহিনী আৰু অনা-কাহিনী দুয়োটা শিতানৰে ছবি পৰিচালনা কৰিছে। দ্বিবন বৰুৱাৰ মন আৰু মৰম ছবিৰ সহকাৰী পৰিচালক ৰূপে তেওঁৰ চলচ্চিত্ৰীয় জীৱনৰ আৰম্ভণি হয়। পিছলৈ তেওঁ জাহ্নু বৰুৱাৰ ইউনিটত অংশগ্ৰহণ কৰে আৰু বৰুৱা পৰিচালিত পাপৰি, হালধীয়া চৰায়ে বাওধান খায়, বনানী, ফিৰিঙতি, টিংখঙত(হিন্দী টেলিফিল্ম) মুখ্য সহকাৰী পৰিচালকৰ দায়িত্ব পালন কৰে। তেওঁ ফিৰিঙতি আৰু টিংখঙৰ সহযোগী সম্পাদকো আছিল।১২
তেওঁ স্বাধীনভাবে পৰিচালনা কৰা প্ৰথম কাহিনী-ছবি হ’ল- প্ৰত্যাৱৰ্তন (১৯৯৩) আৰু দ্বিতীয়খন হ’ল মামণি ৰয়ছম গোস্বামীৰ কাহিনীৰ আধাৰত নিৰ্মিত সংস্কাৰ (১৯৯৭)। দুয়োখন ছবিয়ে সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।২
১৯৯৬ৰ ৪৩তম ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তেওঁ পৰিচালনা কৰা অল এল’ন ইফ নিড বি (All alone if need be) শীৰ্ষক অনা-কাহিনী ছবিখনে পৰিচালকৰ প্ৰথম অনা-কাহিনী ছবি শিতানত শ্ৰেষ্ঠত্বৰ ৰজত কমল বঁটা লাভ কৰিছিল। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ বিষয়ে নিৰ্মিত ছবিখনৰ প্ৰযোজক আছিল অসমৰ এগৰাকী বিশিষ্ট অভিনেতা অমূল্য কাকতি। অল এল’ন ইফ নিড বি বহুকেইখন চলচ্চিত্ৰ উৎসৱৰ বাবে নিৰ্বাচিত হৈছিল। তেওঁ পৰিচালিত আন এখন তথ্যচিত্ৰ ৰিটাৰ্ণ অৱ দ্য ডেড বাৰ্ড ২০০৮ চনত মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱত প্ৰদৰ্শিত হৈছিল। বৰপেটাৰ দৌলৎসৱক বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা তথ্যচিত্ৰ হোলী- দ্য স্পিৰিট অৱ কালাৰ্চখন ২০১৭ত ৯ম জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আৰু নতুন দিল্লীৰ ৭ম দাদাচাহেব ফালকে চলচ্চিত্ৰ উৎসৱত (MIFF) প্ৰদৰ্শিত হৈছে।২
দাসে দুবাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ জুৰী হিচাপেও দায়িত্বভাৰ লৈছে।২
তথ্যসূত্ৰ
- ↑ 43rd National Film Award Catalouge. Director of Film Festival, India. পৃ. 88
- ↑ (25-6-2017). New documentary on Doul Utsav. Assam Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঞ্জিত দাস” প্ৰবন্ধৰ সংশোধন ৩০৮৬৯৭ (৪ ডিচেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।