গৌতম বৰা (Gautam Bora) এগৰাকী চলচ্চিত্ৰ পৰিচালক। ১৯৭৪ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আৰু ১৯৮৩ চনত জাৰ্মানীৰ পটচডাম, বাবেলবাৰ্গৰ কনৰাড ৱ’ল্ফ ইঞ্চটিটিউটৰ পৰা তেওঁ চলচ্চিত্ৰ আৰু টেলিভিচন পৰিচালনা সম্পৰ্কীয় ডিগ্ৰী লাভ কৰে। ১৯৮৬ চনত ‘উইভাৰচ্ অৱ গোল্ডেন খ্ৰে়ড’ তথ্যচিত্ৰখনৰ পৰিচালনাৰে তেওঁ চলচ্চিত্ৰ জগতত ভৰি দিয়ে। তথ্যচিত্ৰখন জাৰ্মানীৰ ২৯তম লাইপজিগ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয়। তাৰপিছত প্ৰথম ৰাগিনীৰ (১৯৮৭) সহযোগী পৰিচালক আৰু অগ্নিস্নানৰ (১৯৮৫) সহকাৰী পৰিচালক ৰূপে কাম কৰে। প্ৰথম ৰাগিনীৰ তেওঁ যুটীয়াভাবে চিত্ৰনাট্যও ৰচনা কৰিছিল।১২
ৱশ্ব'বিপো (১৯৯০) তেওঁ পৰিচালনা কৰা প্ৰথম পূৰ্ণাঙ্গ কাহিনীচিত্ৰ। কাৰ্বিআংলং জিলা পৰিষদে প্ৰযোজনা কৰা এই ছবিখন কাৰ্বি ভাষাৰ প্ৰথম চলচ্চিত্ৰ। ৱশ্ব’বিপোই ‘পৰিচালকৰ প্ৰথম ছবি’ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ভাৰতীয় পেনোৰামাত প্ৰদৰ্শিত হয়।১২
এন আনএণ্ডিং এক্সপেনচ্ (An Unending Expense), চনচ অফ আব’টানি- দ্য মিচিং (Sons of Abotani-The Missing), ওল্ড মেন ৰিভাৰ (Old Man River) আদি গৌতম বৰা নিৰ্মিত কেইখনমান তথ্যচিত্ৰ।৩ ৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘চনচ অফ আব’টানি- দ্য মিচিঙে’ ১৯৯১ৰ শ্ৰেষ্ঠ অনা-কাহিনী চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।৪
তথ্যসূত্ৰ
- ↑ 37th National Films Award Catalogue. Directorate of Film Festivals, Govt. of India. পৃ. 16
- ↑ Indian Panorama 1990. Directorate of Film Festivals, Govt. of India. পৃ. 145
- ↑ City Correspondent. 115 films from 25 countries for 3-day extravaganza. The Assam Tribune. পৃ. 23-1-2019
- ↑ 39th National Films Award Catalogue. Directorate of Film Festivals, Govt. of India. পৃ. 82
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৌতম বৰা” প্ৰবন্ধৰ সংশোধন ৬০৩৭৪১ (১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।