বিশ্বজিৎ বৰা (Biswajeet Bora; জন্ম: ৮ আগষ্ট ১৯৭৯) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, লেখক তথা সম্পাদক। নিৰ্মাণৰ সময়ত কাৰ্বন নিৰপেক্ষ ভাৰতৰ প্ৰথমখন ছবি ২০১৫ চনত মুক্তিলাভ কৰা 'এইচা হে জাহান'ৰ জৰিয়তে তেওঁ পৰিচালক হিচাপে প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰিছিল।১২ তেওঁৰ 'বেলকনিত ভগৱান'(২০২০) ছবিখনে ২৬ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ ৰয়েল বেংগল টাইগাৰ ট্ৰফী আৰু ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ ষ্টুটগাৰ্টত জাৰ্মান তাৰকাকে ধৰি ৯টা বঁটা লাভ কৰে।৩ ২০২২ চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱৰ সময়ত মাৰ্চে ডু ফিল্মত প্ৰদৰ্শিত ছখন ভাৰতীয় ছবিৰ ভিতৰত তেওঁৰ বুম্বা ৰাইড (২০২১) অন্যতম আছিল।৪৫
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৭৯ চনৰ ৮ আগষ্ট তাৰিখে অসমৰ গোলাঘাট জিলাৰ ১ নং শেনচোৱা গাঁৱত বিশ্বজিৎ বৰাৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম পূৰ্ণ চন্দ্ৰ বৰা আৰু মাতৃ মঞ্জু বৰা।৬৭ ১৬ বছৰ বয়সতে তেওঁ অপেছাদাৰী নাটকত অভিনয় কৰিবলৈ আৰম্ভ কৰিছিল।২ তাৰপিছত তেওঁ গোলাঘাটৰ এভাৰগ্ৰীণ ড্ৰামা এণ্ড ফিল্ম ইনষ্টিটিউটত নামভৰ্তি কৰে। তেওঁ যুদ্ধ কলাৰ চৰ্চাও আৰম্ভ কৰি ১৯৯৯ চনত ব্লেক বেল্ট লাভ কৰে। পিছলৈ বৰাই নিজৰ মনোযোগ অসমীয়া বাতৰি কাকতত চলচ্চিত্ৰৰ বিষয়ে লিখাৰ লগতে নাটক পৰিচালনাৰ দিশলৈ স্থানান্তৰিত কৰে। ২০০১ চনত গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যৰ ডিগ্ৰী লাভ কৰে তাৰ পিছত মুম্বাইলৈ গৈ চলচ্চিত্ৰ সম্পাদনাৰ কাম আৰম্ভ কৰে।২
কৰ্মজীৱন
মুম্বাইত বৰাই চলচ্চিত্ৰ সম্পাদক২ হিচাপে কাম কৰাৰ আগতে 'এজাক জোনাকীৰ জিলমিল'ত (২০০৭) ধৰি কেইবাটাও প্ৰকল্পত সহযোগী পৰিচালক হিচাপে কাম কৰিছিল।৮২ ২০০৯ চনত বৰাৰ তথ্যচিত্ৰ এঞ্জেল অৱ দ্য এবৰিজিনেলছ: ড° ভেৰিয়াৰ এলউইন, জাৰ্মানীৰ বলীউড বিয়ণ্ড ফিল্ম ফেষ্টিভেল আৰু তুৰস্কত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক নৃতত্ত্ব আৰু নৃতাত্ত্বিক বিজ্ঞান সংঘৰ সন্মিলনত প্ৰদৰ্শিত হৈছিল।৯৩১০ ২০১৫ চনত তেওঁ 'এইছা য়েহ জাহান' নামৰ ছবিখনৰ চিত্ৰগ্ৰহণ প্ৰক্ৰিয়াৰ সময়ত কাৰ্বন নিৰপেক্ষ হোৱা প্ৰথমখন ভাৰতীয় ছবি পৰিচালনা কৰে।১১৮ ইয়াৰ পিছত তেওঁ 'বহ্নিমান' (২০১৬), ফেঁহুজালি: দ্য ডন (২০১৭), আৰু ৰক্তবীজ (২০১৮) পৰিচালনা কৰে।৮৩ ভাৰতত ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ সময়ত বৰাই চিত্ৰগ্ৰহণ কৰা 'বেলকনিত ভগৱান'৭ ২০২১ চনত ২৬ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।
বৰাৰ ছবিসমূহে কলকাতা, পুনে, ঢাকা,১২১৩ চাংহাই, ষ্টুটগাৰ্ট, নিউয়ৰ্ক, কেৰালা, বাৰ্চিলোনা,১৪ মেলবৰ্ণ, ছান ফ্ৰান্সিস্কো,বেংগালুৰু, ৱাশ্বিংটন ডি চি, ৰাজস্থান, গুৱাহাটী১৫ আৰু দিল্লী আদি চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে।১৬ ইয়াৰ লগতে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় পেনোৰামা ইমাজিন ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ,১৭ থাৰ্ড আই এছিয়ান চলচ্চিত্ৰ মহোৎসৱ, ৰেইনব' চলচ্চিত্ৰ মহোৎসৱ, লাছা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, জাগৰণ চলচ্চিত্ৰ মহোৎসৱ আদিতো তেওঁৰ চলচ্চিত্ৰ প্ৰদৰ্শিত হৈছে।
ব্যক্তিগত জীৱন
বিশ্বজিৎ বৰা তেওঁৰ পত্নী লেখক আৰু ফেশ্বন ডিজাইনাৰ লোপামুদ্ৰা গগৈ বৰা আৰু তেওঁলোকৰ একমাত্ৰ পুত্ৰ ট্ৰয়ৰ সৈতে মুম্বাইত বসবাস কৰে।১৮
বঁটা আৰু সন্মান
| চলচ্চিত্ৰ | বৰ্ষ | বঁটা | অনুষ্ঠান | ফলাফল | উৎস |
|---|---|---|---|---|---|
| এইচা য়েহ জাহান | ২০১৪ | আন্তঃৰাষ্ট্ৰীয় উৎকৃষ্টতাৰ বঁটা | আন্তৰ্জাতিক পৰিৱেশ, স্বাস্থ্য আৰু সংস্কৃতি চলচ্চিত্ৰ মহোৎসৱ | ১১ | |
| শ্ৰেষ্ঠ চলচ্চিত্ৰ | লছ এঞ্জেলেছ স্বতন্ত্ৰ চলচ্চিত্ৰ মহোৎসৱ | ১৯ | |||
| ছিলভাৰ বঁটা | আন্তৰ্জাতিক স্বতন্ত্ৰ চলচ্চিত্ৰ মহোৎসৱ | ১৯ | |||
| স্বীকৃতি বঁটা | মেক্সিকো আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ | ১৯ | |||
| ২০১৭ | শ্ৰেষ্ঠ চলচ্চিত্ৰ | চতুৰ্থ অৰুণাচল চলচ্চিত্ৰ মহোৎসৱ | |||
| বহ্নিমান | ২০১৬ | আচাম টক্ছ শ্ৰেষ্ঠ পৰিচালক বঁটা | ১৯ | ||
| বেলকনিত ভগৱান | ২০২১ | শ্ৰেষ্ঠ পৰিচালকৰ গোল্ডেন ৰয়েল বেংগল টাইগাৰ বঁটা | ২৬তম কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ | ৮১২ | |
| ইকুইলিটি ইন চিনেমা বঁটা | ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অফ মেলবৰ্ণ | ২০ | |||
| শ্ৰেষ্ঠ পৰিচালক | ২১ | ||||
| শ্ৰেষ্ঠ ভাৰতীয় ছবি | ২১ | ||||
| স্কুল ফিল্ম অফ দা | অষ্টম ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল ষ্টুগাৰ্ট | ||||
| জাৰ্মান ষ্টাৰ অফ ইণ্ডিয়া | |||||
| শ্ৰেষ্ঠ পৰিচালক (ভাৰতীয় চলচ্চিত্ৰ) | কলকাতা চলচ্চিত্ৰ মহোৎসৱ | ১৭ | |||
| সন্মানীয় উল্লেখ | লাছা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ | ১৭ | |||
| বিশেষ উল্লেখ | ৰেইনব' চলচ্চিত্ৰ মহোৎসৱ | ||||
| শ্ৰেষ্ঠ চলচ্চিত্ৰ | অষ্টম ৰাজস্থান আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ | ||||
| ২০২২ | শ্ৰেষ্ঠ এছিয়ান চলচ্চিত্ৰ | ১৩শ বেংগালুৰু আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ | ২২ |
চলচ্চিত্ৰপঞ্জী
| বৰ্ষ | নাম | ভাষা | পৰিচালক | প্ৰযোজক | ৰচনা | অভিনয় | উৎস |
|---|---|---|---|---|---|---|---|
| ২০০৮ | এজাক জোনাকীৰ জিলমিল | অসমীয়া | সহ-প্ৰযোজক | ১০৩ | |||
| ২০১০ | এঞ্জেল অফ দা এবৰিজিনেলছ: ডাঃ ভেৰিয়াৰ এলুইন | ইংৰাজী | ৯১০৩ | ||||
| ২০১৫ | এইচা য়েহ জাহান | হিন্দী | ১১১২৩২ | ||||
| ২০১৬ | বহ্নিমান | অসমীয়া | ৩২৮ | ||||
| ২০১৭ | ফেঁহুজালি: দা ডন | অসমীয়া | ২৩ | ||||
| ২০১৮ | ৰক্তবীজ | অসমীয়া | ২৩ | ||||
| ২০১৯ | ধোঁৱে চে ধোঁৱে টক | হিন্দী | ২৩ | ||||
| ২০২০ | বেলকনিত ভগৱান | অসমীয়া | ৮ | ||||
| ২০২১ | লখিমী | অসমীয়া | সহ-প্ৰযোজক | ২৩ | |||
| বুম্বা ৰাইড | মিচিং/অসমীয়া | ২৪২৫১২ | |||||
| ২০২৩ | বীৰাংগনা সাধনী | হিন্দী/অসমীয়া | ২৬ |
তথ্যসূত্ৰ
- ↑ Biswajeet Bora: I have always wanted to make a movie that celebrates nature. timesofindia.com
- ↑ Rohini Nag. (2016-11-26). Path Finder. Box Office India
- ↑ Anurag Barman. Gear Up for Biswajeet Bora's Bahniman. Kothasobi.com
- ↑ Sadanand, B. (2022-05-15). ‘Boomba Ride’ in Cannes, but Assam sending bureaucrats to festival. Why?. East Mojo
- ↑ Srivastav, Simran. (2022-05-17). Cannes Film Festival 2022: From Rocketry to Boomba Ride, list of Indian films to screen at fest. Jagran
- ↑ (2021-01-08). Educating Boomba. Daily Excelsior
- ↑ Ramnath, Nandini. (2021-04-25). In Assamese film ‘God on the Balcony’, a snapshot of death caused by governmental apathy. Scroll.in
- ↑ (2021). God on the Balcony. New York Indian Film Festival
- ↑ Angel of the Aboriginals. University of Cambridge Digital Himalaya
- ↑ Deka, Prantik. 'Aisa Yeh Jahaan'-India's First Carbon Neutral Film is all Set to Release. Kothasobi.com
- ↑ (2015-07-24). ‘India’s first carbon neutral film’ captures simplicity of Northeast. The News Mill
- ↑ Boomba Ride. Pune International Film Festival
- ↑ (2021-11-22). Bomba Ride screened at 52nd Indian Panorama. Assam Times
- ↑ God on the Balcony. Asian Film Festival Barcelona
- ↑ (2018-10-24). Guwahati International Film Festival 2018 to begin tomorrow. Guwahiti Plus
- ↑ Thokchom, Khelen. (2021-08-15). Manipuri film to open at NE cine fest. The Telegraph
- ↑ Sarkar, Shilpa. (2021-06-24). Biswajeet Bora’s ‘God on The Balcony’ to be screened at Stuttgart Film Festival. East Mojo
- ↑ (2021-11-24). ‘Boomba Ride’ shows education transforms rural life: Biswajeet. The GOAN
- ↑ (2015-07-23). Biswajeet Bora’s 'Aisa Yeh Jahaan' wins hearts and accolades world wide. APN News
- ↑ IFFM 2021 Awards Online. Indian Film Festival Melbourne
- ↑ Ajmera, Lipika. ‘God on the Balcony’ gets 3 nominations at 12th Indian Film Festival of Melbourne. The News Mill
- ↑ (2022-03-29). ‘God On The Balcony’ Bags Best Asian Film 2020 Award At BIFF '22. The Hills Times
- ↑ (2021-01-18). God on the Balcony (Biswajeet Bora) India. Offcial section. Imagine India Festival
- ↑ Korkmaz, Joseph. (2021-11-27). Boomba Ride: Biswajeet Bora’s latest film is about education and dreaming big. The News Mill
- ↑ Ramnath, Nandini. (2021-10-03). Assamese film ‘Boomba Ride’ captures the seriocomic state of rural education. Scroll.in
- ↑ (2020-12-16). Director Biswajit Bora to direct a film on queen Sati Sadhani in both Assamese and Hindi. Sentinel Assam
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্বজিৎ বৰা” প্ৰবন্ধৰ সংশোধন ৫৪১০০৪ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।