চিম্পল গগৈ অসমৰ এগৰাকী চলচ্চিত্ৰ পৰিচালক৷১ তেওঁ বৰ্তমানলৈকে কেইবাখনো বোলছবি আৰু দূৰদৰ্শনৰ ধাৰাবাহিকৰ পৰিচালনা কৰিছে৷
প্ৰাৰম্ভিক জীৱন
চিম্পল গগৈৰ জন্ম হয় অসমৰ যোৰহাট জিলাত৷ তেওঁৰ পিতৃ সৰ্ব্বেশ্বৰ গগৈ আৰু মাতৃ পূৰ্ণিমা গগৈ৷ তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে৷ ১৯৯৮ চনত তেওঁ ৰাছিয়ালৈ যায় আৰু মস্কো ষ্টেট ইউনিভাৰ্ছিটি অফ কালচাৰ এণ্ড আৰ্টছৰ পৰা পৰিচালনাৰ শিক্ষা লাভ কৰে৷ ৰাছিয়াৰ পৰা উভতি আহি ২০০১ চনত তেওঁ শিবম নায়াৰক জি টিভিৰ ধাৰাবাহিক পৰিচালনা কৰাত সহযোগ কৰে৷ ২০০২ চনত চিম্পল গগৈয়ে অসমীয়া চলচ্চিত্ৰ পৰিচালনা আৰম্ভ কৰে৷ ২
কেৰিয়াৰ
চিম্পল গগৈয়ে কেইবাখনো অসমীয়া চলচ্চিত্ৰ তথা দূৰদৰ্শনৰ ধাৰাবাহিকত পৰিচালনা, সংলাপ লিখন আদি কৰিছে৷৩ ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে- আকাশ (অসমীয়া ধাৰাবাহিক) অনুৰাগ তোমাৰ বাবে (অসমীয়া ধাৰাবাহিক), তুমি যদি কোৱা (অসমীয়া চলচ্চিত্ৰ)৪ ২০১৩ চনৰ জুন মাহৰ পৰা তেওঁ ডিৱাই ৩৬৫ -ত ক্ৰিয়েটিভ কনচেপ্ট ডাইৰেক্টৰ হিচাপে যোগদান কৰে৷
তুমি যদি কোৱা এখন অসমীয়া ভাষাৰ ৰোমাণ্টিক বোলছবি৷ বোলছবিখনৰ পৰিচালনা আৰু সংলাপ চিম্পল গগৈৰ৷ এল এন ফিল্মছৰ বেনাৰত জিতুমণি টেৰণে এই বোলছবিৰ প্ৰযোজনা কৰে৷ বোলছবিখনৰ কাহিনী গৌতম ৰাভাৰ৷ ২০১৩ চনৰ ১৪ জুন তাৰিখে এই বোলছবিখনে মুক্তি লাভ কৰে৷৫
ব্যক্তিগত জীৱন
চিম্পল গগৈয়ে বৰ্তমান অসমৰ গুৱাহাটীত বাস কৰে৷
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ rupali parda news. on Rupaliparda
- ↑ Article/ News. on Meghalaya Times Newspaper
- ↑ Article. on Sentinel Assam
- ↑ News/ Article. on Sentinel Assam Newspaper
- ↑ Article/ News. on Sentinel Assam Newspaper
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিম্পল গগৈ” প্ৰবন্ধৰ সংশোধন ৬১৪৪৮৫ (২৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।