সুপ্ৰভা দেৱী (ইংৰাজী ভাষা: Suprabha Devi) আছিল এগৰাকী চলচ্চিত্ৰ প্ৰযোজিকা আৰু অসমৰ প্ৰথম মহিলা চলচ্চিত্ৰ পৰিচালিকা।১ ১৯৮৪ চনত তেখেতে “নয়নমণি” আৰু ১৯৮৬ চনত “সৰবজান” বোলছবি পৰিচালনা কৰে।১ ১৯৮৫ চনত তেখেতে “শিল্পী দিৱস বঁটা” লাভ কৰিছিল।
জন্ম
সুপ্ৰভা দেৱীয়ে ১৯৩৮ চনৰ ২৪ ডিচেম্বৰত অসমৰ তৈলনগৰী হিচাপে খ্যাত ডিগবৈত জন্মলাভ কৰিছিল। তেখেতৰ পিতৃ আছিল প্ৰয়াত যোগেন্দ্ৰ কুমাৰ ৰাজখোৱা আৰু মাতৃ প্ৰয়াত স্বৰ্ণপ্ৰভা ৰাজখোৱা।২ পঢ়াশলীয়া কালত তেখেতে সংগীত আৰু ক্ৰীড়াৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাইছিল।
কৰ্মজীৱন
সুপ্ৰভা দেৱীয়ে প্ৰযোজক দ্বিজেন্দ্ৰ নাৰায়ণ দেৱৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিচত ছবি পৰিচালনাৰ সৈতে জড়িত হৈ পৰে৷ সুপ্ৰভা দেৱী 'অসমৰ প্ৰথমগৰাকী মহিলা চলচ্চিত্ৰ পৰিচালিকা। তেখেতে যোগ-বিয়োগ (১৯৭০), তৰামাই (১৯৭২), মৰমী (১৯৭৬), ৰাংঢালী (১৯৭৯) আদি ছবিকেইখন স্বামীৰ সৈতে প্ৰযোজনা কৰাৰ উপৰি ১৯৮৪ চনত স্বামীৰ মৃত্যুৰ পিছত নয়নমণি নামৰ কথাছবিখন পৰিচালনা কৰে।৩ এই ছবিখনত নিপন গোস্বামী আৰু বিদ্যা ৰাৱে অভিনয় কৰিছিল। সঙ্গীত পৰিচালক আছিল জীতু-তপন।৩
১৯৮৫ চনত তেওঁক অসম চৰকাৰে শিল্পী বঁটাৰে সন্মানিত কৰে।২ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ “সৰবজান” নামৰ সাধুকথাৰ আধাৰত ১৯৮৬ চনত সৰবজান নামে এখন পূৰ্ণদৈৰ্ঘ্যৰ অসমৰ চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। এই ছবিখনত তেজপুৰৰ প্ৰয়াত হীৰেন চৌধুৰীদেৱে তেখেতৰ সৈতে পৰিচালক হিচাপে কাম কৰিছিল।১ আনহাতে তেওঁ এজন গীতিকাৰ হিচাপেও খ্যাত আছিল।
সুপ্ৰভা দেৱীয়ে ভালেসংখ্যক তথ্যচিত্ৰ আৰু ধাৰাবাহিক প্ৰযোজনা আৰু পৰিচালনা কৰিছে আৰু এইবোৰ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰযোগে সম্প্ৰচাৰিত হৈছে। ২০০৩ চনত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাবে “জিলিকাব লুইতৰে পাৰ” নামৰ এখন ধাৰাবাহিক নিৰ্মাণ কৰিছিল।৪
মৃত্যু
সূদীৰ্ঘ প্ৰায় ৫ বছৰ কাল ধৰি বৃক্কৰোগত আক্ৰান্ত হৈ থকা সুপ্ৰভা দেৱীয়ে ২০১১ চনৰ ১৪ জুন তাৰিখে পুৱা ৭:৪০ বজাত গুৱাহাটীৰ ইণ্টাৰনেছনেল হাস্পতালত মৃত্যু বৰণ কৰে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৩ বছৰ৷
তথ্যসূত্ৰ
- ↑ Suprabha Devi passes away at 73. The Telegraph
- ↑ দ্য চানডে ইণ্ডিয়ান
- ↑ Eminent film director Suprabha Devi passes away. The Sentinel
- ↑ (১৫ জুন, ২০১১). আমাৰ অসম. জি এল পাব্লিকেশ্যন
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুপ্ৰভা দেৱী” প্ৰবন্ধৰ সংশোধন ৩৮৩১৫১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।