অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভাস্কৰ জ্যোতি মহন্ত

ভাস্কৰ জ্যোতি মহন্ত (Bhaskar Jyoti Mahanta, জন্ম: ২৪ জানুৱাৰী ১৯৬৩) এগৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া তথা প্ৰাক্তন অসম আৰক্ষীৰ সঞ্চালক-প্ৰধান। তেওঁ ভাৰতীয় আৰক্ষী সেৱাৰ ১৯৮৮ বৰ্ষৰ অসম মেঘালয় কেডাৰৰ আৰক্ষী বিষয়া।

হালনাগাদ: ২২ মে’ ২০২৫ ২২১ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ভাস্কৰ জ্যোতি মহন্ত (Bhaskar Jyoti Mahanta, জন্ম: ২৪ জানুৱাৰী ১৯৬৩) এগৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া তথা প্ৰাক্তন অসম আৰক্ষীৰ সঞ্চালক-প্ৰধান।১ তেওঁ ভাৰতীয় আৰক্ষী সেৱাৰ ১৯৮৮ বৰ্ষৰ অসম মেঘালয় কেডাৰৰ আৰক্ষী বিষয়া।২ অসম আৰক্ষীৰ বিভিন্ন পদত সেৱা আগবঢ়োৱা ভাস্কৰ জ্যোতি মহন্তই ২০১৯ চনৰ ৩০ নৱেম্বৰ তাৰিখে অসমৰ আৰক্ষী সঞ্চালক প্ৰধানৰ পদবী লাভ কৰে।৩ ইয়াৰ লগতে তেওঁ বহুতো ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত চুটি ছবি 'যুগদ্ৰষ্টা' নিৰ্মাণ কৰিছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৬৩ চনৰ ২৪ জানুৱাৰী তাৰিখে অসমৰ শিৱসাগৰত ভাস্কৰ জ্যোতি মহন্তৰ জন্ম হৈছিল। তেওঁৰ পিতৃ সত্ৰাধিকাৰ প্ৰয়াত লীলাকান্ত মহন্ত আৰু মাতৃ গুবাহাটী বিশ্ববিদ্যালয়ৰ অৰ্ৱসৰপ্ৰাপ্ত অধ্যাপক ড° নীৰুপমা মহন্ত। তেওঁ প্ৰাৰম্ভিক শিক্ষা শিৱসাগৰতে গ্ৰহণ কৰিছিল। ১৯৭৭ চনত তেওঁ শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তেওঁ ডিগবৈত অৱস্থিত বিবেকানন্দ বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিছিল আৰু অৰ্থনীতি বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল। তাৰপিছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত ৰামযশ মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ লগতে দিল্লী স্কুল অৱ ইকোন’মিক্সৰ পৰা সমাজ সেৱা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

তেওঁ ১৯৮৬ চনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় তথ্য সেৱা বিভাগ লাভ কৰিছিল। ১৯৮৭ চনত তেওঁ আকৌ পৰীক্ষাত অৱতীৰ্ণ হৈ ভাৰতীয় আৰক্ষী সেৱা লাভ কৰে।৪

আৰক্ষী সেৱা

ভাস্কৰ জ্যোতি মহন্ত ভাৰতীয় আৰক্ষী সেৱাৰ ১৯৮৮ বৰ্ষৰ অসম মেঘালয় কেডাৰৰ আৰক্ষী বিষয়া। তেওঁ অসম চৰকাৰৰ অন্তৰ্গত অসম আৰক্ষী আৰু ভাৰত চৰকাৰৰ বিভিন্ন পদবীত থাকি সেৱা আগবঢ়াইছে।৪ ইয়াৰ ভিতৰত উল্লেখযোগ্য পদবী সমূহ হ'ল:

  • অসমৰ বিভিন্ন জিলাৰ আৰক্ষী পৰিদৰ্শক৪
  • গুৰু উদ্যোগ আৰু ৰাজহুৱা উদ্যোগ মন্ত্ৰালয়ৰ যুটীয়া সচিব৪
  • অসমৰ প্ৰশিক্ষণ আৰু সশস্ত্ৰ আৰক্ষীৰ জেনেৰেল৪
  • প্ৰশাসনৰ অতিৰিক্ত আৰক্ষী সঞ্চালক-প্ৰধান
  • সীমান্তৰ বিশেষ আৰক্ষী সঞ্চালক-প্ৰধান
  • অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীৰ সঞ্চালক-প্ৰধান
  • অসম আৰক্ষীৰ সঞ্চালক-প্ৰধান

চলচ্চিত্ৰ

ভাস্কৰ জ্যোতি মহন্তয়ে 'যুগদ্ৰষ্টা: দ্য ভিজনেৰী' নামৰ চুটি ছবিখন নিৰ্মাণ কৰিছিল। এই ছবিখনৰ তেওঁ পৰিচালক আৰু চিত্ৰনাট্যকাৰ আছিল। মুক্তিযুঁ‌জাৰু তথা সমাজ সংস্কাৰক পীতাম্বৰ দেৱগোস্বামীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা চলচ্চিত্ৰখনে বহুতো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে কেইবাটাও বঁটা লাভ কৰিছিল।৫

তথ্যসূত্ৰ

  1. ↑ Bhaskar Jyoti Mahanta named as new Assam DGP incharge. India Today
  2. ↑ Bhaskar Jyoti Mahanta and Abhijan Das. . Bhaskar Jyoti Mahanta and Abhijan Das. E-International Relations
  3. ↑ List of rank holders. Assam Police official website
  4. ↑ Sivasagar rejoices with IPS BJ Mahanta's achievement. The Sentinel
  5. ↑ Das, Partha Jyoti. Spirit of reform. দ্য আছাম ট্ৰিবিউন

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ চলচ্চিত্ৰ পৰিচালকঅসমৰ আৰক্ষী বিষয়াভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাস্কৰ জ্যোতি মহন্ত” প্ৰবন্ধৰ সংশোধন ৫১১২৮৫ (২২ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।