ববী শৰ্মা বৰুৱা এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ। তেওঁ চলচ্চিত্ৰৰ মাধ্যমেৰে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ সামাজিক আৰু সাংস্কৃতিক বিষয়সমূহ দাঙি ধৰে। তেওঁৰ প্ৰথমখন ছবি হৈছে অদম্য।১২ এইখন ছবিয়ে বাংলাদেশৰ ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আধ্যাত্মিক শাখাত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান লাভ কৰিছিল।১ তেওঁৰ দ্বিতীয় ছবি সোণাৰ বৰণ পাখি ২০১৬ চনত মুক্তি লাভ কৰে।৩৩৪ এই ছবি গোৱালপাৰীয়া লোকগীতৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱনৰ ওপৰত আধাৰিত।৩ তদুপৰি তেওঁ লোকসংস্কৃতিৰ ওপৰত কেইবাখনো চুটি ছবি, তথ্যচিত্ৰ, মিউজিক ভিডিঅ' টেলিভিছন ধাৰাবাহিক নিৰ্মাণ কৰিছে। ইয়াৰ লগতে তেওঁ অসমীয়া ভাষাত গল্প আৰু কবিতায়ো ৰচনা কৰে। ২০১৯ চনত তেওঁৰ ছবি "মিচিং"য়ে শ্ৰেষ্ঠ শ্বেৰদুকপেন ভাষাৰ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
ববী শৰ্মা বৰুৱাৰ পিতৃ এগৰাকী ভাস্কৰ আৰু চিত্ৰশিল্পী আছিল। ববী তিনিগৰাকী সন্তানৰ জ্যেষ্ঠ গৰাকী আছিল। সৰুৰে পৰা তেওঁ মাকৰ উৎসাহত নৃত্য-গীত শিকিবলৈ লৈছিল। ইয়াৰ সমান্তৰালকৈ তেওঁ লিখা-মেলায়ো কৰিছিল। তেওঁ গহপুৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। উচ্চতৰ মাধ্যমিকত পঢ়ি থাকোঁতে তেওঁ ব্যৱসায়ী বসন্ত বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁ গুৱাহাটীৰ ভোলানাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা শিক্ষা বিষয়ক মূল বিষয় হিচাপে লৈ কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত তেওঁ শিক্ষাৰ স্নাতক ডিগ্ৰী লাভ কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ একে বিশ্ববিদ্যালয়ৰ পৰা গণসংযোগ আৰু সাংবাদিকতা বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। বৰ্তমান তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া চলচ্চিত্ৰত অসমীয়া লোক-সংস্কৃতিৰ প্ৰভাৱৰ ওপৰত পিএইছডি ডিগ্ৰীৰ বাবে গৱেষণা কৰি আছে।
কৰ্মজীৱন
ববী শৰ্মা বৰুৱায়ে ২০০৬ চনত অসমৰ চাহ জনগোষ্ঠীৰ ওপৰত কৰা কামেৰে কৰ্মজীৱনৰ পাতনি মেলিছিল। তাৰপিছত তেওঁ ২০০৬-০৮ কালছোৱাত কেইবাখনো মিউজিক ভিডিঅ' ছবি যেনে: "সোণতৰা", "চহৰৰ গধূলি" আৰু "চহৰৰ তিতা-মিঠা" নিৰ্মাণ আৰু পৰিচালনা কৰিছিল। তাৰপিছত তেওঁ ২০০৯-১০ চনত আঞ্চলিক কৃষিৰ ওপৰত কেইবাটাও তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। তেওঁ দূৰদৰ্শনৰ ধাৰাবাহিক "জীৱন যাত্ৰা" আৰু কেইবাখনো চুটি ছবি যেনে: "ৱেটিং ফৰ এ ক'ল", "দেউতা এণ্ড মিৰ'ৰ" আদি নিৰ্মাণ কৰিছিল। ইয়াৰ লগতে তেওঁ দূৰদৰ্শনৰ বাবে পোতা পুখুৰীৰ বাঁক, কুশান, ধিনিকী ধাও, লাগুন, অলৌ-গুটি টলৌ-গুটি, উৰাল আৰু বিচু সম্বলিত বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীৰ লোক-সংস্কৃতিৰ আধাৰত এখন ১৩টা খণ্ডৰ তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। ২০০৯ চনত তেওঁ "মায়া"নামৰ নাটক এখন মঞ্চস্থ কৰিছিল আৰু ডাক সেৱাৰ ওপৰত "সন্তোষ" নামৰ তথ্যচিত্ৰ পৰিচালনা কৰিছিল। ২০১২-১৩ চনত তেওঁ বিশ্ববেংকৰ প্ৰকল্প এটা হাতত লৈছিল আৰু তাৰপিছত অসম সৰ্বশিক্ষা অভিযানৰ ওপৰত ছয় খণ্ডৰ তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল।
চলচ্চিত্ৰ
তেওঁৰ প্ৰথম পূৰ্ণদৈৰ্ঘৰ ছবি অদম্য ২০১৪ চনত মুক্তি লাভ কৰিছিল। ছবিখন এইচ আই ভি এইড্ছ ৰোগ আৰু সমাজত ইয়াৰ প্ৰভাৱক বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা হৈছিল।৫ চলচ্চিত্ৰখনে ২০১৪ চনৰ ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত Spritual film শাখাত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান লাভ কৰে।৬ তেওঁৰ দ্বিতীয় ছবি সোণাৰ বৰণ পাখি গোৱালপাৰীয়া লোকগীতৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপৰত আধাৰিত ২০১৬ চনত মুক্তি লাভ কৰা এখন অসমীয়া ছবি।৭ তেওঁৰ তৃতীয়খন ছবি হৈছে সাহিত্য অকাডেমি বঁটাৰে সন্মানিত য়েছে দৰজে ঠংচিৰ ‘মিচিং’ নামৰ উপন্যাসখনৰ আধাৰত নিৰ্মিত "মিচিং(দ্য এপাৰেশ্যন)"। তেওঁৰ আটাইকেইখন ছবি বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে।
বঁটা আৰু সন্মান
- অদম্য: ত্ৰয়োদশ ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ - শ্ৰেষ্ঠ চলচ্চিত্ৰ (Spiritual film শাখা), ২০১৪৬৮
- সোণাৰ বৰণ পাখি: শ্ৰেষ্ঠ ছবিৰ গ্ৰেণ্ড জুৰী বঁটা, ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল লছ এঞ্জেলেচ, ২০১৭
- সোণাৰ বৰণ পাখি: শ্ৰেষ্ঠ দৰ্শক বঁটা, পঞ্চদশ ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০১৭
- মিচিং(দ্য এপাৰেশ্যন): শ্ৰেষ্ঠ শ্বেৰদুকপেন ভাষাৰ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ২০১৯
তথ্যসূত্ৰ
- ↑ Assamese film bags honour in Dhaka fest. The Telegraph
- ↑ Baruah, Bobby Sarma; Baruah, Sulakhyana; Nath, Jyoti Narayan. (2014-12-05). Adomya
- ↑ Biopic on noted Assamese folk singer Pratima Barua-Pandey
- ↑ (2016-10-04). Directors who made Northeast India proud in Mumbai Film Festival this year!. The North East Today
- ↑ Abhijit Roy. (১৪ ডিচেম্বৰ ২০১৪). Adomya now playing in the theaters directed by Bobby Sarma Baruah. Creativica
- ↑ Rajiv Konwar. (১৯ জানুৱাৰী ২০১৪). Assamese film bags honour in Dhaka fest. The Telegraph
- ↑ 'Sonar Boron Pakhi': New Biopic on Pratima Barua Pande. kothasobi.com
- ↑ (১২ ডিচেম্বৰ ২০১৪). Why Should You Watch Adomya. Magical Assam
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ববী শৰ্মা বৰুৱা” প্ৰবন্ধৰ সংশোধন ৩৮৫৪৩৬ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।