অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিভূৰঞ্জন চৌধুৰী

বিভূৰঞ্জন চৌধুৰী (Bibhuranjan Choudhury; ১৪ অক্টোবৰ ১৯৫০-২০ ছেপ্তেম্বৰ ১৯২০) এজন কণ্ঠশিল্পী তথা অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালক আছিল। বাওপন্থী ৰাজনীতি আৰু আদৰ্শৰ প্ৰতি গভীৰ আস্থা থকা চৌধুৰীয়ে দীৰ্ঘদিন ধৰি গণনা্ট্য সংঘ, অসম শাখাৰ নেতৃত্ব বহন কৰিছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১৫৩ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

বিভূৰঞ্জন চৌধুৰী (Bibhuranjan Choudhury; ১৪ অক্টোবৰ ১৯৫০-২০ ছেপ্তেম্বৰ ১৯২০) এজন কণ্ঠশিল্পী তথা অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালক আছিল। বাওপন্থী ৰাজনীতি আৰু আদৰ্শৰ প্ৰতি গভীৰ আস্থা থকা চৌধুৰীয়ে দীৰ্ঘদিন ধৰি গণনা্ট্য সংঘ, অসম শাখাৰ নেতৃত্ব বহন কৰিছিল।১২

সংক্ষিপ্ত জীৱনী

বিভূৰঞ্জন চৌধুৰীৰ জন্ম হয় ১৯৫০ চনৰ ১৪ অক্টোবৰত। তেওঁ একাধাৰে এজন কণ্ঠশিল্পী, সুৰকাৰ, অভিনেতা আৰু অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালক আছিল। তেওঁ সুদীৰ্ঘ কৰ্মজীৱনত অসংখ্য দূৰদৰ্শন ধাৰাবহিক, মঞ্চনাট আৰু অনাতাঁৰ প্ৰযোজনাৰ সংগীত পৰিচালনা কৰিছে। জীৱনৰ বাটত শীৰ্ষক গুৱাহাটী দূৰদৰ্শনৰ প্ৰথম ধাৰাবাহিকখনৰো সংগীত তেৱেঁ দিছিল।৩২

চৌধুৰীৰ বাওপন্থী ৰাজনীতি আৰু আদৰ্শৰ প্ৰতি গভীৰ আস্থা আছিল। তেওঁ দীৰ্ঘদিন ধৰি ভাৰতীয় গণনাট্য সংঘৰ অসম শাখাৰ সম্পাদকৰ দায়িত্ব পালন কৰাৰ উপৰি অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ অধীক্ষকৰ পদত অধিষ্ঠিত আছিল।২১

চলচ্চিত্ৰৰ সংগীত পৰিচালনা

চৌধুৰীয়ে সূত্ৰপাত ছবিৰে চলচ্চিত্ৰীয় সংগীত পৰিচালনাৰ জগতত খোজ পেলায়। তেওঁ সংগীত পৰিচালনা কৰা অসমীয়া ছবিসমূহ হ’ল-

মৃত্যু

বিভূৰঞ্জন চৌধুৰী পাঁচবছৰ জুৰি কৰ্কট ৰোগত ভুগি আছিল। ২০২০ চনৰ ২০ ছেপ্তেম্বৰত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।২১

তথ্যসূত্ৰ

  1. ↑ Sumit Arora. (22 September 2020). Assam Musician Bibhuranjan Choudhury passes away. currentaffairs.adda247.com/
  2. ↑ Staff Reporter. (21 September 2020). গণশিল্পী, সুৰকাৰ, অভিনেতা বিভূৰঞ্জন চৌধুৰীৰ দেহাৱসান. janambhumi.in/
  3. ↑ (21 September 2020). Assam: Music composer, lyricist and actor Bibhuranjan Choudhury dead at 71 www.sentinelassam.com/north-east-india-news/assa. www.sentinelassam.com/

সম্পৰ্কিত শ্ৰেণী

অসমৰ কণ্ঠশিল্পীঅসমীয়া ভাষাৰ গীতিকাৰঅসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালকঅসমৰ চলচ্চিত্ৰ পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিভূৰঞ্জন চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৬৩৭০৭৬ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।