জাংদাও বডোচা (Jwngdao Bodosa) এগৰাকী বড়ো ভাষাৰ চলচ্চিত্ৰ পৰিচালক, চিত্ৰগ্ৰহণকাৰী আৰু সম্পাদক। তেওঁ চলচ্চিত্ৰ পৰিচালনা বিষয়ত ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ (FTII) ডিপ্লোমাধাৰী। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী বড়ো ভাষাৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ কাহিনী-ছবি আলায়াৰণৰ তেওঁ পৰিচালনা, চিত্ৰগ্ৰহণ আৰু সম্পাদনা কৰিছিল। তেওঁ পৰিচালনা কৰা দ্বিতীয়খন কাহিনী ছবি হ’ল হাগ্ৰামায়াও জিনাহাৰি। তেওঁ বহুকেইখন তথ্যচিত্ৰও নিৰ্মাণ কৰিছে।১
প্ৰাৰম্ভিক আৰু শিক্ষা জীৱন
১৯৫৯ চনৰ ১৩ জুলাইত ওদালগুৰি জিলাত বডোচাৰ জন্ম হয়। তেওঁৰ দেউতাকৰ নাম আছিল ৰাধিকা ৰঞ্জন ব্ৰহ্ম আৰু মাকৰ নাম হাৰানি ব্ৰহ্ম। স্কুলীযা শিক্ষা কোকৰাঝাৰত। কলেজীয়া শিক্ষা শ্বিলঙৰ পৰা। কলেজত থাকোঁতে তেওঁ মন কৰে যে সকলো প্ৰধান প্ৰধান ভাৰতীয় ভাষাত চলচ্চিত্ৰ নিৰ্মাণ হৈছে, কিন্তু বড়ো ভাষাত কোনো চলচ্চিত্ৰ তেতিয়ালৈ নিৰ্মাণ হোৱা নাই। সেয়েহে ছবি নিৰ্মাণ কলা-কৌশল শিকিবলৈ তেওঁ পুনাৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানলৈ (FTII) যোৱাৰ বাবে মনস্থ কৰে। এনেতে ১৯৮১ চনত এখন আলোচনীত মুম্বাইৰ জেভিয়াৰ্চ ইঞ্চটিটিউট অৱ মাচ কমিউনিকেচনৰ উল্লেখ পাই তাত কিবা প্ৰকাৰে এবছৰীয়া বেচিক ফিল্ম মেকিঙৰ পাঠ্যক্ৰম এটাত নাম ভৰ্তি কৰে। তাৰপিছত পুনাৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত নাম ভৰ্তি কৰে। তাত প্ৰথম দুবছৰত তেওঁ ছবি নিৰ্মাণৰ সকলো বিষয়- যেনে চিত্ৰগ্ৰহণ, সম্পাদনা, শব্দগ্ৰহণ, পৰিচালনা আদিৰ বিষয়ে শিক্ষাগ্ৰহণ কৰে। তৃতীয় অৰ্থাৎ চূড়ান্ত বৰ্ষতহে তেওঁ চলচ্চিত্ৰ পৰিচালনা সম্পৰ্কীয় বিশেষীকৃত পাঠ্যক্ৰম নিৰ্বাচন কৰে।
চলচ্চিত্ৰ নিৰ্মাণ
ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত পঢ়ি থকা অৱস্থাতে, তৃতীয় চেমিষ্টাৰৰ অন্তত কোকৰাঝাৰৰ কেইজনমান স্থানীয় ব্যক্তিৰ আৰ্থিক সহযোগত আলায়াৰণৰ শ্বুটিং আৰম্ভ কৰে। ১৯৮৪ৰ ১৩ মাৰ্চত ছবিখনৰ মুহূৰত হয় আৰু ১৯৮৬ৰ ১৩ মাৰ্চত কোকৰাঝাৰৰ গঙ্গা টকীজত ছবিখনে মুক্তি পায়। বড়ো দৰ্শকসকলে আলায়ৰণক আদৰি লয়। কোকৰাঝাৰত ই এমাহ জুৰি চলে। মাজেমাজে ইয়াৰ ৪-৫টা দৰ্শনীও অনুষ্ঠিত কৰিবলগীয়া হয়।
১৯৯৬ চনত তেওঁৰ দ্বিতীয় কাহিনী ছবি হাগ্ৰামায়াও জিনাহাৰি মুক্তি পায়। অবিশ্বাসনীয় কম বাজেটেৰে, অপেছদাৰী অভিনয়-শিল্পী আৰু ন-শিকাৰুৰ প্ৰডাকচন ইউনিটেৰে অৰণ্য বিষয়ক এই ছবিখন নিৰ্মাণ কৰি উলিয়াইছিল। আলায়ৰণ আৰু হাগ্ৰামায়াও জিনাহাৰি দুয়োখনৰে চিত্ৰগ্ৰহণ আৰু সম্পাদনাৰ কামো কৰিছে।২
ডী ডী অসমৰ বাবে লোককথাৰ ওপৰত ভিত্তি কৰি ১৪টা খণ্ডৰ থ্ৰি-ডি চুটি এনিমেচন ছবি নিৰ্মাণ কৰিছে।
বডোচাই আন কেইবাখনো চলচ্চিত্ৰ আৰু তথ্যচিত্ৰও নিৰ্মাণ কৰিছে।১ তাৰে ভিতৰত Gwdan Muga (২০০১), Laoga Arw Gobda (২০০৩), Three Girls & Golden Cocoon (২০০৫) আদি উল্লেখযোগ্য।
স্বীকৃতি
- বডোচাৰ প্ৰথম কাহিনী ছবি আলায়াৰণলৈ সংবিধানৰ অষ্টম অনুসূচী বহিৰ্ভূত ভাৰতীয় ভাষাত নিৰ্মিত (বড়ো ভাষা) শ্ৰেষ্ঠ ছবিৰ ১৯৮৫ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা।৩
- হাগ্ৰামায়াও জিনাহাৰিৰ বাবে পৰিবেশ, সংৰক্ষণ, পৰিৰক্ষণ শিতানত ছবিখনে শ্ৰেষ্ঠ ছবিৰ ১৯৯৫ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা।১
তথ্যসূত্ৰ
- ↑ (1996). National Film Awards Archivesː33rd NFA. Directorate of Film Festivals, Govt. of India. পৃ. 18, 155
- ↑ Gokulsing, K. Moti; Dissanayake, Wimal. (2013). Routledge Handbook of Indian Cinemas. Routledge. পৃ. 58. ISBN 978-1-136-77284-9
- ↑ (1986). National Film Awards Archivesː33rd NFA. Directorate of Film Festivals, Govt. of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাংদাও বডোচা” প্ৰবন্ধৰ সংশোধন ৩০৮৬৯৬ (৪ ডিচেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।