অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পীযুষ কান্তি ৰয়

পীযুষ কান্তি ৰয় (Pijush Kanti Roy) এগৰাকী ভাৰতীয় চলচ্চিত্ৰৰ শব্দযন্ত্ৰী। তেওঁ পুণেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ প্ৰাক্তন শিক্ষাৰ্থী। ‘চালিয়া’, ‘ৰেশম কী ডোৰী’ আদি হিন্দী চলচ্চিত্ৰৰ শব্দযন্ত্ৰী ৰয়ে কেইখনমান অসমীয়া ছবিত কাম কৰাৰ উপৰিও বিজয় চৌধুৰীৰ সৈতে তেওঁ কাঁচঘৰ নামৰ অসমীয়া ছবি…

হালনাগাদ: ২২ মে’ ২০২৫ ১০৮ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

পীযুষ কান্তি ৰয় (Pijush Kanti Roy) এগৰাকী ভাৰতীয় চলচ্চিত্ৰৰ শব্দযন্ত্ৰী। তেওঁ পুনেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ প্ৰাক্তন শিক্ষাৰ্থী। ‘চালিয়া’, ‘ৰেশম কী ডোৰী’ আদি হিন্দী চলচ্চিত্ৰৰ শব্দযন্ত্ৰী১ ৰয়ে কেইখনমান অসমীয়া ছবিত কাম কৰাৰ উপৰিও বিজয় চৌধুৰীৰ সৈতে তেওঁ কাঁচঘৰ নামৰ অসমীয়া ছবি এখন পৰিচালনা কৰিছিল।২

প্ৰাৰম্ভিক জীৱন

পীযুষ ৰয়ৰ জন্ম গুৱাহাটীত। দেউতাকৰ নাম আছিল শৰৎ ৰয়, যি বৰ্তমানৰ ধুবুৰী জিলাৰ অন্তৰ্গত গোলোকগঞ্জৰ মূল নিবাসী আছিল। দেউতাক আছিল অসম চৰকাৰৰ কৰ্মচাৰী। শ্বিলঙৰ ছেই্ণ্ট এডমাণ্ড কলেজত বি.এচ.চিৰ প্ৰথম বাৰ্ষিকলৈ পঢ়াৰ পিছত ৰয়ে পুনেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানলৈ শব্দযন্ত্ৰীৰ পাঠ্যক্ৰম লবলৈ যায়। আৰ্থিক অৱস্থা সিমান টনকিয়াল নাছিল। গতিকে অসম চৰকাৰৰ এটা বৃত্তিৰ বাবে তেওঁ চেষ্টা চলাইছিল যদিও চৰকাৰে কোনো বৃত্তি অনুমোদন নকৰিলে।১

কৰ্মজীৱন

শব্দযন্ত্ৰীৰ পাঠ্যক্ৰম শেষ কৰি ৰয়ে ৰাজ কাপুৰৰ ষ্টুডিঅ’ত শব্দযন্ত্ৰী আলাউদ্দিনৰ সহযোগী হয়। তাতেই শব্দগ্ৰহণৰ কামত দক্ষতা অৰ্জনৰ পিছত ৰাজ কাপুৰৰ ষ্টুডিঅ’ৰ চাকৰি এৰি তেওঁ ফ্ৰিলাঞ্চ সহকাৰী শব্দযন্ত্ৰী হয়। পৰিচালক লেখ টেণ্ডনে তেওঁৰ ছবিত ৰয়ক সহকাৰী শব্দযন্ত্ৰী হোৱাৰ সুযোগ প্ৰদান কৰে। তেওঁ পৰিচালক প্ৰসাদৰ ছবিতো সহকাৰী শব্দযন্ত্ৰী ৰূপে কাম কৰে।১

ইয়াৰ পিছত মুকুল দত্তৰ ‘ছালিয়া’, ৰমেশ যোশীৰ ‘কোঁৰা কাগজ’ত ৰয় স্বাধীন শব্দযন্ত্ৰী হয়। তেওঁ লেখ টেণ্ডনৰ বহুকেইখন ছবি, টি.চি. দেৱানৰ ‘ৰেচমকী ডোৰী’, বাসু ভট্টাচাৰ্যৰ ‘আবিষ্কাৰ’ আদি ছবিত শব্দগ্ৰহণৰ কাম কৰে।১

১৯৭৫ চনত ৰয়ে বলীউডৰ প্ৰতিষ্ঠিত চলচ্চিত্ৰ সম্পাদক বিজয় চৌধুৰীৰ সৈতে কাঁচঘৰ পৰিচালনা কৰে। ছবিখনৰ শব্দগ্ৰহণৰ কামো তেওঁ কৰিছিল। ইয়াৰোপৰি আদালত (১৯৭৬), সন্ধ্যাৰাগ (১৯৭৭), অনিৰ্বাণ (১৯৮১), দূৰণীৰ ৰঙ (১৯৭৯), মন আৰু মৰম (১৯৮০), অগ্নিস্নান (১৯৮৫), কনকলতা (১৯৯০) আদি কেইখনমান অসমীয়া ছবিতো শব্দগ্ৰহণ কৰিছিল।২

১৯৭৩ চনত গুৱাহাটীৰ কাহিলীপাৰাত জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ নিৰ্মাণ হৈ উঠাৰ পিছত মহেশমল্ল বুজৰ বৰুৱা (FTII, পুনাৰ পৰা শব্দগ্ৰহণৰ প্ৰশিক্ষণপ্ৰাপ্ত), চিত্ৰগ্ৰহণকাৰী ইন্দুকল্প হাজৰিকা আদিৰ সৈতে ৰয়েও এই চালুকীয়া প্ৰতিষ্ঠানটো যোগদান কৰি বহু অসমীয়া যুৱশিল্পীক প্ৰশিক্ষণ দিয়ে।৩

তথ্যসূত্ৰ

  1. ↑ হাজৰিকা, ভূপেন. (১৯৭৩). অসমীয়া শব্দযন্ত্ৰী পীযুষ ৰায়. মূল প্ৰকাশ- আমাৰ প্ৰতিনিধি, পুনঃপ্ৰকাশ- চিনেকথা ডট কম
  2. ↑ Das Arunlochan. (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati
  3. ↑ JYOTI CHITRABAN (FILM STUDIO) SOCIETY. DEPARTMENT OF CULTURAL AFFAIRS, ASSAM

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ চলচ্চিত্ৰ পৰিচালকঅসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পীযুষ কান্তি ৰয়” প্ৰবন্ধৰ সংশোধন ৫১১২৪০ (২২ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।