অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তিমথি দাস হান্সে

তিমথি দাস হান্সে (Timothy Das Hanse) অসম, ভাৰতৰ এজন চলচ্চিত্ৰ পৰিচালক, তথ্যচিত্ৰ-নিৰ্মাতা, চলচ্চিত্ৰ প্ৰযোজক আৰু গীতিকাৰ। তেখেতে মূলত: অসমীয়া আৰু কাৰ্বি ছবিজগতত কাম কৰিছিল৷ ১৯৮৫ চনত অসমীয়া ছবিজগতৰ লগত জড়িত হৈ পৰা তিমথি দাস হান্সে পৰৱৰ্তী সময়ত পাহাৰী কন্যা, ৰঙা মদাৰ আৰু ২০০৯ চনত অসম চৰকাৰৰ…

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ১৮৫ শব্দ · ১ মিনিট সংগৃহীত ৪৮
সংশোধনৰ পৰামৰ্শ

তিমথি দাস হান্সে (Timothy Das Hanse) অসম, ভাৰতৰ এজন চলচ্চিত্ৰ পৰিচালক, তথ্যচিত্ৰ-নিৰ্মাতা, চলচ্চিত্ৰ প্ৰযোজক আৰু গীতিকাৰ।১ তেখেতে মূলত: অসমীয়া আৰু কাৰ্বি ছবিজগতত কাম কৰিছিল৷ ১৯৮৫ চনত অসমীয়া ছবিজগতৰ লগত জড়িত হৈ পৰা তিমথি দাস হান্সে পৰৱৰ্তী সময়ত পাহাৰী কন্যা, ৰঙা মদাৰ আৰু ২০০৯ চনত অসম চৰকাৰৰ বঁটাপ্ৰাপ্ত জীৱন বাটৰ লগৰী ছবি নিৰ্মাণ কৰিছিল৷ ২৩

চমু জীৱনী

১৯৫৫ চনৰ কাৰ্বি আংলং জিলাৰ এখন ভিতৰুৱা ঠাই চকীহোলাত তিমথি দাস হান্সেৰ জন্ম হয়৷ তেখেতে ২০১৬ চনত অসম কৃষি বিভাগৰ উদ্যান শস্যৰ সঞ্চালকৰূপে অৱসৰগ্ৰহণ কৰে৷ ১৯৮৫ চনত তেওঁ অসমীয়া ছবি জগতৰ লগত জড়িত হৈ পৰে৷ তেওঁৰ প্ৰথম নিৰ্মাণ আছিল ১৯৯০ চনৰ পাহাৰী কন্যা৷ তেওঁ ছবিখনৰ প্ৰযোজনা, পৰিচালনা আৰু গীত-লেখনৰ লগত জড়িত আছিল৷ ছবিখন সফল হিচাপে বিবেচিত হয়৷ সেইটো বছৰতে তেওঁৰ দ্বাৰা নিৰ্মিত তথ্যচিত্ৰ শ্বেৰ আলং-এ কাৰ্বি ভাষাত মুক্তি পায়৷ তথ্যচিত্ৰখনে ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হয়৷ পৰৱৰ্তী সময়ত তেওঁ ৰঙা মদাৰ আৰু প্ৰেম পাহাৰে-ভৈয়ামে ছবি দুখন নিৰ্মাণ কৰে৷ দুয়োখন ছবিয়ে সফল হিচাপে পৰিগণিত হয়৷ প্ৰেম পাহাৰে-ভৈয়ামে ছবিখনে চিত্ৰলেখা বঁটা আৰু মুনলাইট বঁটা লাভ কৰে৷ ১৯৯৫ চনত কাৰ্বি জনজাতিৰ উৎসৱ তথ্যচিত্ৰখনে কেৰালাৰ তিৰুৱনন্তপুৰমত অনুষ্ঠিত হোৱা আন্ত:ৰাষ্ট্ৰীয় ভিডিঅ' ফিল্ম ফেষ্টিভেলৰ পৰা চাৰ্টিফিকেট অৱ মেৰিট লাভ কৰে৷

হান্সে প্ৰচাৰ ভাৰতী ব্ৰডকাষ্টিং কৰ্পোৰেশ্যনৰ এজন স্বীকৃতিপ্ৰাপ্ত পৰিচালক-প্ৰযোজক আছিল৷

কৰ্মৰাজি

ক্ৰমবৰ্ষকথাছবি/তথ্যচিত্ৰভাষাতথ্য
১১৯৯০পাহাৰী কন্যাঅসমীয়া
২১৯৯০শ্বেৰ আলং(তথ্যচিত্ৰ)কাৰ্বি জনগোষ্ঠীৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
৩ৰঙা মদাৰঅসমীয়া
৪১৯৯৫কাৰ্বি জনজাতিৰ উৎসৱঅসমীয়াচাৰ্টিফিকেট অৱ মেৰিট (১৯৯৫, কেৰালা চলচ্চিত্ৰ মহোৎসৱ)
৫২০০৯জীৱন বাটৰ লগৰীঅসমীয়াঅসম চৰকাৰৰ চলচ্চিত্ৰ বঁটা (২০১০)
৬২০১১পলে পলে উৰে মনঅসমীয়া

তথ্যসূত্ৰ

  1. ↑ Fare, Eastern. (1952-10-17). North-East India | NE Blog: Jahnu Barua - an Assamese film-maker. Neblog.in
  2. ↑ Timothy Das Hanche. IMDB
  3. ↑ Ojha,Manoj Kumar. (September 29, 2025 6: 30 pm). Filmmaker Timothy Das Hanse passes away. North East Now

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ চলচ্চিত্ৰ পৰিচালকঅসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালকচলচ্চিত্ৰ প্ৰযোজকচলচ্চিত্ৰ পৰিচালকতথ্যচিত্ৰ নিৰ্মাতাগীতিকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তিমথি দাস হান্সে” প্ৰবন্ধৰ সংশোধন ৬৩৯৮৫০ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।