অসমৰ কণ্ঠশিল্পী
১০০ প্ৰবন্ধ
-
ভিতালী দাস
ভিতালী দাস (Vitali Das বা Bhitali Das; ৬ জুন, ১৯৭৯ – ২১ এপ্ৰিল, ২০২১) এগৰাকী অসমীয়া সংগীত শিল্পী আছিল। ভিতালী তেওঁৰ স্মৰণীয় আৰু সুৱলা কণ্ঠৰ বাবে জনপ্ৰিয় আছিল। তেওঁ জুবিন গাৰ্গ আদি বিভিন্ন শিল্পীৰ সৈতে ৫০০০ৰো অধিক বিহু গান গাইছিল।
-
ময়ূখ হাজৰিকা
ময়ূখ হাজৰিকা (Mayukh Hazarika; জন্ম ১৩ জানুৱাৰী ১৯৭১) অসমৰ এজন গায়ক তথা গীতিকাৰ আৰু সুৰকাৰ। Mayukh Hazarika and the Brahmaputra Balladeers নামৰ বেণ্ডটোৰ তেওঁ মুখ্য শিল্পী। তেওঁ প্ৰখ্যাত অসমীয়া কণ্ঠশিল্পী যুটী জয়ন্ত হাজৰিকা আৰু মণীষা হাজৰিকাৰ পুত্ৰ আৰু ভূপেন হাজৰিকাৰ ভতিজা।
-
মালবিকা বৰা
মালবিকা বৰা (Malabika Bora) অসম, ভাৰতৰ এগৰাকী কণ্ঠশিল্পী। তেওঁ ৫০ বছৰতকৈও অধিক কাল অসমীয়া সংগীত জগতৰ লগত জড়িত হৈ আছে৷ ১৯৭৩ চনত অনাতাঁৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰা মালবিকা বৰাই পৰৱৰ্তী সময়ছোৱাত ২৮খন অসমীয়া কথাছবিত নেপথ্য কণ্ঠশিল্পীৰ ভূমিকা পালন কৰিছে৷ ৰাষ্ট্ৰীয় পৰ্যায়ত টেবুল টেনিছ খেল আৰু…
-
সুবাসনা দত্ত
সুবাসনা দত্ত (Subasana Dutta) অসমৰ এগৰাকী কণ্ঠশিল্পী। মুনিন বৰুৱা পৰিচালিত ৰং নামৰ চলচ্চিত্ৰত জুবিন গাৰ্গৰ সহিত কণ্ঠদান কৰি তেওঁ সঙ্গীত জগতত প্ৰথম প্ৰবেশ কৰে। তেওঁ বিহু এলবাম আৰু অসমীয়া চলচ্চিত্ৰত কণ্ঠদান কৰিছে। অপ্সৰা আৰু পখিলা নামৰ গানৰ এলবামৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
ৰূপম ভূঞা
ৰূপম ভূঞা অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত পৰিচালক। তেওঁ অসমীয়া ভাষাৰ বাহিৰেও হিন্দী,বাংলা,ৰাজস্থানী আদি ভাষাত গীত গাইছে। ইয়াৰ উপৰি তেখেতে উত্তৰ-পূৱৰ কুকি ভাষাতো গীত গাইছে লগতে চাহ-বাগানৰ গীতো গাইছে। তেওঁ নৰ্থ-ইষ্ট ব্ৰীজ নামৰ এটা বেণ্ডৰ অন্যতম সদস্য।
-
ৰেকিবুদ্দিন আহমেদ
ৰেকিবুদ্দিন আহমেদ(Rekibuddin Ahmed) আছিল আজান পীৰ চাহাবৰ দ্বাৰা প্ৰচলিত জিকিৰ আৰু জাৰী গীতৰ শিল্পী। ৰেকিবুদ্দিন আহমেদক অসমৰ ' জিকিৰ সম্ৰাট 'বুলি কোৱা হয়। বিলুপ্ত হ'বলৈ ধৰা জিকিৰ গীতসমূহ ৰেকিবুদ্দিন আহমেদে পুনৰ্জীৱিত কৰি তুলিছিল।
-
খগেন গগৈ
খগেন গগৈ (Khagen Gogoi) অসমৰ এগৰাকী কণ্ঠশিল্পী। বিহুগীত আৰু দেহবিচাৰৰ শিল্পী হিচাপে তেওঁক বিশেষভাৱে জনা যায়। কণ্ঠশিল্পীগৰাকীয়ে অবিভক্ত শিৱসাগৰ জিলাৰ (বৰ্তমানৰ চৰাইদেউ জিলা) সোণাৰিৰ সমীপৱৰ্তী লংপটীয়া গাঁৱত জন্মলাভ কৰে।
-
তুলতুল বৰুৱা
তুলতুল বৰুৱা (Tultul Baruah) অসমৰ প্ৰথমগৰাকী মহিলা অনাতাঁৰ শিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সাহিত্যিক, সাংবাদিক আৰু নিবন্ধকাৰ। কলিকতাৰ প্ৰেচিডেন্সী কলেজৰপৰা নিউক্লিয়াৰ ফিজিক্সত প্ৰথম শ্ৰেণী লাভ কৰি তেওঁ স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল।
-
দশৰথ দাস
দশৰথ দাস (Dasarath Das; ১৯ নবেম্বৰ ১৯৪২-২১ অক্টোবৰ ২০২৩ অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ এজন সংগীত পৰিচালক আৰু কণ্ঠশিল্পী আছিল। তেওঁ দুখন অসমীয়া চলচ্চিত্ৰ সেন্দূৰ আৰু ৰেলৰ আলিৰ দুবৰী বনৰো সংগীত পৰিচালনা কৰিছে।
-
দিলীপ চৌধুৰী
দিলীপ চৌধুৰী (Dilip Choudhuri) হৈছে এগৰাকী অসমীযা সংগীতৰ একান্ত সাধক।
-
দীক্ষু শৰ্মা
দীক্ষু শৰ্মা এগৰাকী ভাৰতীয় সংগীতশিল্পী। তেওঁ অসমীয়া গীতৰ লগতে হিন্দী আৰু বঙালী গীততো কণ্ঠদান কৰিছে।
-
নৰেন্দ্ৰ চন্দ্ৰ হাজং
নৰেন্দ্ৰ চন্দ্ৰ হাজং ( Narendra Chandra Hajong): এগৰাকী বিশিষ্ট অনাতাঁৰ শিল্পী তথা সংগীত প্ৰযোজক আছিল। তাৰ উপৰিও তেওঁ সমাজৰ সেৱা কৰিছিল। তেওঁৰ হাজং ভাষাৰ "জিলমিল জিলমিল চাৰিৰৗ সোনা পানী লাগা ৰা" গীতটোৰ বাবে অতি জনপ্ৰিয় হৈছিল।
-
পখিলা লেকথেপী
পখিলা লেকথেপী (Pokhila Lekthepi, জন্ম: ১৯৬২) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। কাৰ্বি সংগীতজগতত তেওঁ চাৰি দশকৰো অধিক কালজুৰি সংগীতৰ চৰ্চা কৰি আহিছে। তেওঁ বৰ্তমানলৈকে প্ৰায় তিনি শতাধিক গীতত কণ্ঠদান কৰিছে।
-
প্ৰণবিৰাম বৰুৱা
প্ৰণবিৰাম বৰুৱা (Pronobiram Boruah) আছিল এগৰাকী। আগখাৰী সঙ্গীত শিল্পী।
-
মধুমতী গোস্বামী
মধুমতী গোস্বামী (Madhumati Goswami) অসমৰ এগৰাকী অনাতাঁৰ কণ্ঠশিল্পী। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা তেওঁৰ গীতসমূহ প্ৰচাৰ হৈছিল। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰপৰা ১৯৭৮ চনত স্বীকৃতি লাভ কৰাৰ পাছৰে পৰা তেওঁ নিয়মীয়াকৈ আকাশবাণীত গীত পৰিবেশন কৰি আহিছিল আৰু শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈ পৰিছিল।
-
মনজ্যোৎস্না মহন্ত
মনজ্যোৎস্না মহন্ত গোস্বামী অসমৰ এগৰাকী কণ্ঠশিল্পী, সংগীত পৰিচালক, অধ্যাপক। তেখেত কেশৱ মহন্ত আৰু নিকুঞ্জলতা মহন্তৰ জীয়ৰী। তেখেতে কণ্ঠ দিয়া অসমীয়া চলচ্চিত্ৰসমূহ হৈছে- সপোন, অজলা ককাই, দ্বীপজ্যোতি।
-
শংকুৰাজ কোঁৱৰ
শংকুৰাজ কোঁৱৰ (Shankuraj Konwar) এগৰাকী ভাৰতীয় গীতিকাৰ, সুৰকাৰ, সংগীত প্ৰযোজক, কণ্ঠশিল্পী আৰু ইউটিউবাৰ। তেওঁ অসমীয়া গীতৰ আধুনিক ইলেকট্ৰনিক সংগীতৰ ধাৰালৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত। ২০১৯ চনত তেওঁ 'কি বেদনাতে' শীৰ্ষক গীতটি 'প্ৰজেক্ট বাৰ্তালাপ' নামৰ ইউটিউব চেনেলত মুকলি কৰে।
-
হেমেন হাজৰিকা
হোমেন হাজৰিকা (humen হাজৰিকা) হৈছে এগৰাকী অসমীয়া গায়ক,সুৰকাৰ আৰু গীতিকাৰ |
-
ৰাজজ্যোতি কোঁৱৰ
ৰাজজ্যোতি কোঁৱৰ (জন্ম- ৭ অক্টোবৰ ১৯৭৫) অসমৰ উত্তৰ লক্ষীমপুৰৰ এজন গায়ক আৰু সুৰকাৰ। তেওঁ বহুকেইখন অসমীয়া চলচ্চিত্ৰৰ লগতে বলিউডৰো বহুকেইখন চলচ্চিত্ৰৰ সংগীতত কণ্ঠদান কৰিছে।
-
গুণদা দাস কৌৰ
গুণদা দাস কৌৰ হৈছে এগৰাকী অসমীয়া সংগীত শিল্পী। তেওঁ চল্লিশ আৰু পঞ্চাশ দশকত অসমীয়া সংগীত জগতত আত্মপ্ৰকাশ কৰিছিল। তেওঁ গুৱাহাটী তাৰিনী চৌধুৰী চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংগীতৰ শিক্ষয়িত্ৰী ৰূপে সেৱা আগবঢ়াইছিল।
-
জ্যোতিষ ভট্টাচাৰ্য্য
জ্যোতিষ ভট্টাচাৰ্য্য আছিল এগৰাকী অসমৰ দৰদী কণ্ঠৰ গায়ক তথা অনাতাঁৰ শিল্পী। জ্যোতিষ ভট্টাচাৰ্য্যই জন্ম গ্ৰহণ কৰিছিল ১৯৩৭ চনৰ ১৩ ছেপ্টেম্বৰত। ডিব্ৰুগড় চহৰৰ এক সংগীতৰ পৰিবেশ থকা পৰিয়ালত। দেউতাকৰ নাম আছিল গুনেশ ভট্টাচাৰ্য্য আৰু মাতৃৰ নাম আছিল কামাখ্যা দেৱী।
-
দেৱজিৎ সাহা
দেৱজিৎ সাহা এজন ভাৰতীয় হিন্দী, বাংলা আৰু অসমীয়া ভাষা চিনেমাৰ প্লেবেক গায়ক, পৰিৱেশক। তেওঁ মূলতঃ জনপ্ৰিয় টিভি অনুষ্ঠান Zee TV ৰিয়েলিটি শ্ব', আৰু SaReGaMaPa Challenge 2005ৰ বিজয়ী প্ৰাৰ্থী আছিল। তাৰ বাবে তেওঁ 'ভাৰতৰ কণ্ঠ' উপাধি লাভ কৰিছিল।
-
বাণীকণা ঘোষাল
বাণীকণা ঘোষাল (Banikona Ghoshal) আছিল গোৱালপৰীয়া লোকগীত তথা অসমৰ লোক-সংগীত জগতৰ এগৰাকী কণ্ঠশিল্পী। যশস্বী শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যুৰ পিছত গোৱালপৰীয়া লোকগীতৰ সাধনা কৰা শিল্পী সকলৰ ভিতৰ ঘোষাল অন্যতম আছিল।
-
মুনমুন দাস
মুনমুন দাস (ইংৰাজী: Munmun Das) অসমৰ এগৰাকী কণ্ঠশিল্পী। তেওঁ তিৱা লোক সংগীতৰ বাবে বিশেষভাৱে জনাজাত। তেওঁ আকাশবাণী কেন্দ্ৰ গুৱাহাটীৰ জনগোষ্ঠীয় গীত বিভাগৰ স্বাকৃতিপ্ৰাপ্ত গায়িকা আৰু তিৱা নৃত্য গুৰু নাদিৰাম দেউৰীৰ উদ্যোগত প্ৰতিষ্ঠিত 'মাৰ্কাংকুছি তিৱা কাণ্ঠিচুৰী চমত' নামৰ সাংস্কৃতিক গোষ্ঠীৰো এগৰাকী…
-
মৌচুমী আলিফা
মৌচুমী আলিফা (ইংৰাজী: Mousumi Alifa) হৈছে ভাৰতৰ অসম ৰাজ্যৰ এগৰাকী নৱাগত অভিনেত্ৰী, গায়িকা আৰু নৃত্যশিল্পী। তেওঁ ২০২৫ চনত মুক্তিপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ ৰৈ ৰৈ বিনালে চলচ্চিত্ৰৰ মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰে।
-
সোমনাথ বড়া
সোমনাথ বড়া একাধাৰে গীতিকাৰ, সুৰকাৰ, ঢোলবাদক, সংগীত পৰিচালক৷ অসমীয়া সংগীতৰ কেছেটৰ যুগটোৰ শিল্পী সকলৰ ভিতৰত সোমনাথ বড়াৰ নাম উল্লেখযোগ্য৷ বিহুগীত, টোকাৰী গীত আৰু বিশেষকৈ ঢোল বাদনৰ ক্ষেত্ৰখনত তেওঁ খ্যাতি অৰ্জন কৰিছে৷ ঢোল বাদ্যক বিশ্বৰ আগত প্ৰতিষ্ঠা কৰি দিয়াত বড়াৰ অৱদান আছে৷ বৰ্তমান তেওঁ বিহু নাচ…
-
ৰঞ্জন বেজবৰুৱা
ৰঞ্জন বেজবৰুৱা (Ranjan Bezbaruah) অসমৰ এগৰাকী শিল্পী, গীতিকাৰ, অনুবাদক, শিক্ষক, প্ৰবন্ধকাৰ। ২০১৪ চনৰ ৫ নৱেম্বৰত 'সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয়' বঁটা লাভ কৰা উপৰিও এটি আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ তৰফৰ পৰা ২০২০ চনত 'ৰাষ্ট্ৰীয় সংস্কৃত গীতিকবি' সন্মান লাভ কৰে।
-
অন্তৰা নন্দী
অন্তৰা নন্দী (Antara Nandy) অসমৰ এগৰাকী নেপথ্য গায়িকা। জি টিভিত প্ৰচাৰিত সংগীত প্ৰতিভা আৰু ৰিয়েলিটি শ্ব' Sa Re Ga Ma Pa L'il Champs-২০০৯ৰ ফাইনেল ৰাউণ্ডত উপনীত হোৱাৰ পিছত আৰু শীৰ্ষ তিনিগৰাকী প্ৰতিযোগীৰ ভিতৰত অন্যতম হোৱাৰ পিছত তেওঁ সুপৰিচিত হৈ পৰে।
-
কুমাৰ ভৱেশ
কুমাৰ ভৱেশ (ইংৰাজী: Kumar Bhabesh), প্ৰকৃত নাম: ভৱেশ কলিতা; জন্ম: মিৰ্জা, কামৰূপ গ্ৰাম্য) এগৰাকী অসমীয়া কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত প্ৰযোজক। তেওঁ অসমীয়া সংগীতৰ লগতে বিভিন্ন ভাষাৰ গীততো কণ্ঠদান কৰিছে।
-
গায়ত্ৰী হাজৰিকা
গায়ত্ৰী হাজৰিকা (Gayatri Hazarika) অসমৰ এগৰাকী কণ্ঠশিল্পী। তেখেতে মনোজ বৈশ্যৰ ‘ক্ৰোধ’, যতীন বৰাৰ ‘ৰত্নাকৰ’, জুবিন গাৰ্গৰ কাঞ্চনজংঘা আদিৰ উপৰিও ভালেসংখ্যক অসমীয়া কথাছবি আৰু এককভাৱে গীত গাইছে।