অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰঞ্জন বেজবৰুৱা

ৰঞ্জন বেজবৰুৱা (Ranjan Bezbaruah) অসমৰ এগৰাকী শিল্পী, গীতিকাৰ, অনুবাদক, শিক্ষক, প্ৰবন্ধকাৰ। ২০১৪ চনৰ ৫ নৱেম্বৰত 'সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয়' বঁটা লাভ কৰা উপৰিও এটি আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ তৰফৰ পৰা ২০২০ চনত 'ৰাষ্ট্ৰীয় সংস্কৃত গীতিকবি' সন্মান লাভ কৰে।

হালনাগাদ: ১২ ডিচেম্বৰ ২০২৪ ৩৬৯ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ৰঞ্জন বেজবৰুৱা (Ranjan Bezbaruah) অসমৰ এগৰাকী শিল্পী, গীতিকাৰ, অনুবাদক, শিক্ষক, প্ৰবন্ধকাৰ। ২০১৪ চনৰ ৫ নৱেম্বৰত 'সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয়' বঁটা লাভ কৰা উপৰিও এটি আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ তৰফৰ পৰা ২০২০ চনত 'ৰাষ্ট্ৰীয় সংস্কৃত গীতিকবি' সন্মান লাভ কৰে।১

জন্ম পৰিচয়

ৰঞ্জন বেজবৰুৱাৰ ১৯৭১ চনত অসমৰ নগাঁৱৰ হাতীচোঙত জন্ম হয়। তেওঁৰ পিতৃ শিক্ষাবিদ, সাহিত্যিক প্ৰয়াত ৰোহিত চন্দ্ৰ বেজবৰুৱা আৰু মাতৃ শিক্ষয়িত্ৰী, শিল্পী শ্ৰীসুভদ্ৰা বেজবৰুৱা। ২০০২ চনত তেজপুৰ-জামুগুৰিহাটৰ বৰ্ণালী পৰাশৰৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হয়। তেওঁৰ সন্তান দুটি ক্ৰমে- ময়ূখী আৰু জিষ্ণু।২

শিক্ষা আৰু কৰ্মজীৱন

তেওঁ নগাঁৱৰ এ. ডি. পি. কলেজ আৰু কটন বিশ্ববিদ্যালয়ত কলেজীয়া শিক্ষা গ্ৰহণ কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰে। ১৯৯৭ চনত সংস্কৃত সাহিত্যত এম. এ. কৰে।

১৯৯৯ চনত নগাঁৱৰ এ. ডি. পি. কলেজত অস্থায়ী শিক্ষক হিচাপে যোগদান কৰে। কলেজত শিক্ষকতা কৰি থাকোঁতেই বেজবৰুৱাই জ্যোতিপ্ৰসাদৰ ‘জানো জানো জানো, বিফলে নাযায়, মোৰ গানো’ শীৰ্ষক গীতটো সংস্কৃতলৈ অনুবাদ কৰে। উল্লেখযোগ্য যে, এইটোৱে তেওঁৰ প্ৰথমটো অনূদিত গীত। গীতটো তেওঁ শিক্ষক-সভা এখনত প্ৰথম গায় আৰু শিক্ষাগুৰুসকলৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰে। পাছত ‘নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়’ত সংস্কৃত বিষয়ৰ স্থায়ী শিক্ষক হিচাপে যোগদান কৰে।

তেওঁ জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, ৰবীন্দ্ৰনাথ ঠাকুৰ, ইকবাল, কবি প্ৰদীপ, এ আৰ ৰহমান আদিৰ গীত যেনে- ‘অ’ মোৰ আপোনাৰ দেশ’, ‘শুন শুন ৰে সুৰ’, ‘বৈষ্ণৱজন তো’ ‘একলা চলো ৰে’, ‘চাৰে জাহা চে আচ্ছা’ আদি সংস্কৃত ভাষালৈ অনুবাদ কৰি স্বকণ্ঠে গাইছে।

তেওঁ ২০১৭ চনৰ জানুৱাৰী মাহত উত্তৰ-পূৱ ভাৰতৰ প্ৰথম আৰু দেশৰ দ্বিতীয়টো সংস্কৃত বেণ্ড ‘প্ৰাচ্যা’ গুৱাহাটীৰ বালাজী মন্দিৰৰ মঞ্চত মুকলি কৰে।৩ তেওঁ কণ্ঠদান কৰা কেইখনমান কথাছবি হ’ল- ‘মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ’ (২০১২), ‘যুগদ্ৰষ্টা’ (২০১৫); ‘সৰ্বগুণাকৰ শ্ৰীমন্তশঙ্কৰদেৱ’ (২০১৬); ‘মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ’ (২০২০) আদি।

বঁটা আৰু সন্মান

  • ২০১৪ চনৰ ৫ নৱেম্বৰত 'সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা'। (স্থান: যোৰহাট, অসম।)
  • 'সংস্কৃত গায়ক' (২০১৯)
  • উৰিষ্যাৰ ভূৱনেশ্বৰস্থিত সংস্কৃত আৰু ভাৰতীয় সংস্কৃতিৰ প্ৰচাৰৰ দিশত উৎসৰ্গিত বিশ্বৰ ৪২খন দেশলৈ প্ৰসাৰিত আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান 'লোকভাষা প্ৰচাৰ সমিতি, ভাৰত' -এ তেওঁক ২০২০ চনৰ 'ৰাষ্ট্ৰীয় সংস্কৃত গীতিকবি' সন্মান প্ৰদান কৰে।৪
  • ২০২০-২৩ বৰ্ষৰ ‘সাধনা বঁটা’; অসম সাহিত্য সভা, নগাঁও৷

গ্ৰন্থ

  • গীত-সংস্কৃতম (সংস্কৃতলৈ অনূদিত গীতৰ পুথি)
  • আনন্দ-সুধাকৰ (সংস্কৃতমূলক প্ৰবন্ধ)

তথ্যসূত্ৰ

তথ্যসূত্ৰ

  1. ↑ Ranjan Bezbaruah. Asomaditya.com
  2. ↑ সাক্ষাৎকাৰ- সংগীত সমুদ্ৰত অৱগাহন: এক ব্যতিক্ৰমী পথেৰে শিল্পী ৰঞ্জন বেজবৰুৱা. Xahitya.org
  3. ↑ Bhattacharyya, Smita. (2017-01-07). Fresh words, familiar music. Telegraphindia.com
  4. ↑ Assams Ranjan Bezbaruah Conferred Rashtriya Sanskrit-Geetikavi-Title

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া প্ৰবন্ধকাৰঅসমৰ কণ্ঠশিল্পীঅসমীয়া ভাষাৰ গীতিকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঞ্জন বেজবৰুৱা” প্ৰবন্ধৰ সংশোধন ৪৫৪০৯৩ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।