ৰূপম ভূঞা অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত পৰিচালক।১ তেওঁ অসমীয়া ভাষাৰ বাহিৰেও হিন্দী ভাষা,বঙালী ভাষা,ৰাজস্থানী আদি ভাষাত গীত গাইছে। ইয়াৰ উপৰি তেখেতে উত্তৰ-পূৱৰ কুকি ভাষাতো গীত গাইছে লগতে চাহ-বাগানৰ গীতো গাইছে।২ তেওঁ নৰ্থ-ইষ্ট ব্ৰীজ নামৰ এটা বেণ্ডৰ অন্যতম সদস্য। কটন বিশ্ববিদ্যালয়ত দুবাৰকৈ শ্ৰেষ্ঠ গায়কৰ খিতাপ লাভ কৰা ৰূপম ভূঞাই ২০০৯ চনত আইডিয়া ৰকচ্ ইণ্ডিয়া নামৰ অনুষ্ঠানত তেওঁৰ ‘নৰ্থ-ইষ্ট ব্ৰীজ’ নামৰ দলটোৰে অংশ লৈ দ্বিতীয় স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল। অসমৰ সাংগীতিক ক্ষেত্ৰখনত গীতি সাহিত্যৰ সু প্ৰয়োগ আৰু মাৰ্জিত সংগীত উপস্থাপনৰ ক্ষেত্ৰত ৰূপম ভূঞাৰ নাম প্ৰনিধানযোগ্য।৩৪
জন্ম
১৯৮০ চনৰ ৬ মাৰ্চত গুৱাহাটীত ৰূপম ভূঞাৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম গৌৰীকান্ত ভূঞা আৰ মাতৃৰ নাম চাৰু মেধি।
শিক্ষা
- নতুন ফটাশিল টাউন হাইস্কুলৰপৰা ১৯৯৬ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীৰ্ণ হয়।
- ১৯৯৯ চনত কটন বিশ্ববিদ্যালয়ৰপৰা কলা শাখাত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত উৰ্ত্তীৰ্ণ হয়।
- কটন বিশ্ববিদ্যালয়ৰ পৰা ২০০২ চনত ইংৰাজী ভাষা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।
- ২০০৪ চনত পাব্লিক এডমিনিষ্ট্ৰেচন বিষয়ত মধ্য প্ৰদেশৰ অৱধেশ প্ৰতাপ সিং বিশ্ববিদ্যালয়ৰপৰা স্নাতেকাত্তৰ ডিগ্ৰী গ্ৰহণ কৰে।
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত (বি.আৰ.এম. গভ্ট ল’ কলেজ) পৰা তেখেতে ২০০৮ চনত এল.এল.বি. ডিগ্ৰী লাভ কৰে।৫
- বি. মিউজ, ভাতখাণ্ডে সংগীত বিদ্যালয়, লখ্নৌ, ১৯৯২
- এম. মিউজ, নিখিল ভাৰতীয় সংগীত পৰিষদ, কলকাতা, ২০০৮
সাংগীতিক জীৱন
ৰূপম ভূঞাৰ মাতৃয়েই প্ৰথমতে তেওঁক সংগীতজগতখনৰ লগত পৰিচয় কৰাই দিয়ে আৰু সংগীতৰ গুৰুৰ ওচৰলৈ লৈ যায়। ১৯৯৮ চনত ৰূপম ভূঞাই প্ৰথম আকাশবাণী গুৱাহাটী কেন্দ্ৰত গীত পৰিৱেশন কৰে।৬ কিন্তু কটন বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়তে তেওঁ সংগীতজগতখনলৈ বেছি আকৰ্ষিত হ'বলৈ ধৰিলে। কটন বিশ্ববিদ্যালয়ত থাকোঁতেই ৰূপম ভূঞাই দুবাৰকৈ শ্ৰেষ্ঠ সংগীত শিল্পীৰ বঁটা লাভ কৰে আৰু কটন কলেজক প্ৰতিনিধিত্ব কৰি বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনে। বিশেষকৈ বিভিন্ন মঞ্চত শাস্ত্ৰীয় সংগীত আৰু গজল পৰিৱেশন কৰি চিৰিয়াচ সংগীতৰ বাবে এটা চিনাকি নাম হ’বলৈ ধৰে ৰূপম ভূঞা।৬
নৰ্থ-ইষ্ট ব্ৰীজ
এই দলটোৰ জন্ম হয় ২০০৯ চনত। গুৱাহাটী মহানগৰত। প্ৰতিষ্ঠাকালৰ শিল্পীসকল হৈছে- ৰূপম ভূঞা, প্ৰীয়াংকু বৰদলৈ, অনুপম নাথ, ত্ৰিদিপ বসুমতাৰী, আনোৱাৰ হুছেইন, বিৰাজ বৈশ্য আৰু বিদ্যুত বিকাশ বৰদলৈ। বৰ্তমানৰ সক্ৰীয় সদস্যসকল হ’ল-ৰূপম ভূঞা, ত্ৰিদিপ বসুমতাৰী, বিৰাজ বৈশ্য আৰু বিদ্যুত বিকাশ বৰদলৈ, সুমিত বৰুৱা, ৰাকেশ বাৰো আৰু চন্দন জ্যোতি হাজৰিকা। এই দলটোৱে ২০০৯ চনত কালাৰ্ছ টিভিয়ে আয়োজন কৰা ‘আইডিয়া ৰকচ্ ইণ্ডিয়া’শীৰ্ষক প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। দলটোৰ দ্বাৰা প্ৰযোজিত এলবামসমূহ হ’ল- ধ্বনি (২০১০), ৰিফ্লেকচন (২০১১), গ্ৰুভ (২০১৪)৭ আৰু ইক’জ (২০১৭)।
নৰ্থ-ইষ্ট ব্ৰীজৰ এৱাৰ্ডৰ তালিকা
- ইয়ং এচিভাৰ্চ এৱাৰ্ড, WWE MUMBAI, ২০১৩
- গপ্-চপ মিউজিক এৱাৰ্ড, ২০১৮
- প্ৰাইড ইষ্ট এৱাৰ্ড, ২০১৭
চলচ্চিত্ৰ
- ৰূপম ভূঞাই কণ্ঠ দিয়া অসমীয়া চলচ্চিত্ৰসমূহ হ’ল- আকাশ চুবলৈ মন, মমতাজ, অনুৰাধা, ক্ষোভ, মাজৰাতিৰ কেতেকী, টি. আৰ. পি., শৃংখল, মহাসমৰ, সূৰ্য, কোঁৱৰপুৰৰ কোঁৱৰ,ৰাফ্ এণ্ড টাফ, ক্ৰোধ আদি।
বাংলা
- ৰূপম ভুঞাই কণ্ঠ দিয়া বাংলা চলচিত্ৰসমূহ হ’ল- চৌধুৰী ৰাজবাড়ী আৰু গধূলি বেলা।
কানাড়া
- ৰূপম ভুঞাই কণ্ঠ দিয়া কানাড়া চলচিত্ৰখন হ’ল-অভ্যুদয়া
নিজা এলবাম
অসমীয়া এলবাম
- ৰোমণ্ঠন, ২০০৭
গীতসমূহ- বৰ্তমান ইণ্টাৰনেটত উপলব্ধ নহয়৷
- ৰূপমৰ পৰশ, ২০১০
গীতসমূহ-সোণাৰু ফুলিলে, তোমাৰ ভাৱনাই, কিয়নো দিলা প্ৰেম, প্ৰথম চাৱনিতে, তোমাৰ চকুৰ, সৰতৰ জোনাক, পৰেনে মনত
- ছাঁ-পোহৰৰ খেলা, ২০১৩
গীতসমূহ- বৰষা তোমাৰ, দেখা হ’ল, বিদিশাৰে নিশাটি, পাৰ হৈ অহা, ডাৱৰ সৰকি, তুমি যে আহিলা, কিনো দিলা বাকি
- বিচাৰি আঁত, ২০১৫
গীতসমূহ-বিচাৰি আঁত, এনেকৈয়ে, গধূলি আহিল, চিৰিং কৈ, বাটত, চকুত তোমাৰ
- ছায়া-ছঁবি, চেপ্তাৰ-১, ২০২২
গীতসমূহ- বেলি যায়, বাট পাহৰা, জিৰালেহি, তোমাৰ সুৰভিৰে
আনৰ প্ৰযোজনাত
- এন্ধাৰে-জোনাকে, ২০১৭
গীতসমূহ-তুমি লিখা, দুটি জীৱন, লাহে-লাহে, বহুবাৰ,দুবাহুৰ, এবাৰ মাথোঁ
- শুভকামনা, ২০১৯
গীতসমূহ- শুভকামনা একাজলি, সৰু সৰু সৰু, আবেলিৰ অ’ আকাশ, অনন্ত অপেক্ষা, বন কুকুহা, ফাগুনৰে আকাশক
বাংলাৰ
নিজা প্ৰযোজনা
- কিছু গান কিছু আৱেশ, ২০১৭
গীতসমূহ- জোনাকী হৈয়ে, এই আমি, কি যে জীৱন, ভৰেৰ আলো,চুৰেৰ পাখা, বৰষা ৰাণীৰ ৰূপ দেখেছি
- মানুষ খোজে বেড়াই, ২০১৯
গীতসমূহ- আমি মানুষ খোজে, ভৰেৰ সূৰ্য, কিছু কথা, তোমাৰ ঠিকানা, আজ অস্তিত্বেৰ, আগেৰ মত, ধোৱাচা কোৱাচা, দচমাচ দচদিন
কণ্ঠ দান কৰা জনপ্ৰিয় গীত
- ৰমেন নাথ এজন সুখী লোক, ২০২১
- অ' মোৰ সুৰৰে ডিঙৰা, ২০২০ (গীতৰ কথা আৰু সুৰ - মিন্টু কুমাৰ নাথ, শ্ৰেষ্ঠ গীতিকাৰ বঁটা)
- ধূলিৰ ধেমালি, ২০২২
- মৌন পৃথিৱীত
- শুভকামনা একাজলি
- বৰষুণ, ২০২১
আদি
বঁটা/সন্মান
- নৰ্থ ইষ্ট আইড’ল, ২০০৬
- সুৰ-সন্ধান, ২০০৭
- প্ৰাগ্ চিনে এৱাৰ্ড, ২০১৩
- ৰামধেনু ভিউৱাৰ্ছ চয়্জ এৱাৰ্ড, ২০১৩
- ইয়ং এচিভাৰ্চ এৱাৰ্ড, গুৱাহাটী ৰটাৰী ক্লাৱ, ২০১৪
- ৰ’দালী এৱাৰ্ড, ২০১৪
- ইয়ং এচিভাৰ্চ এৱাৰ্ড, WWE MUMBAI, ২০১৫
- প্ৰাগ্ চিনে এৱাৰ্ড, ২০১৭
- গপ্ চপ্ মিউজিক এৱাৰ্ড, ২০১৮৮
- বিজু ফুকন এৱাৰ্ড, ২০১৯
তথ্যসূত্ৰ
- ↑ (১ ডিচেম্বৰ, ২০১৯). সাক্ষাৎকাৰ – জনপ্ৰিয় গায়ক ৰূপম ভূঞাৰ সৈতে এখন্তেক. সাক্ষাৎকাৰ. ফটাঢোল
- ↑ হাতীবৰুৱা,সুজাতা. (৯ জানুৱাৰী,২০১৭). সাক্ষাৎকাৰ. মুক্তচিন্তা
- ↑ Band of boys ready to rock – Music show finalist Northeast Breeze mixes folk with Bollywood beats, The Telegraph (Calcutta)
- ↑ Assam takes creative, traditional route to celebrate its culture, Business Standard
- ↑ (১৪ মে,২০১৪). সাক্ষাৎকাৰ. xahitya.org
- ↑ ভূঞা,ৰূপম. (২২ মাৰ্চ,২০১৬). yourstory. Yourstory
- ↑ 'Groove' album on Songdew. Songdew
- ↑ Kite, Brahmaputra fest from today, The Assam Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰূপম ভূঞা” প্ৰবন্ধৰ সংশোধন ৫৫৮১৩৬ (২৭ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।