বাণীকণা ঘোষাল (Banikona Ghoshal) আছিল গোৱালপৰীয়া লোকগীত তথা অসমৰ লোক-সংগীত জগতৰ এগৰাকী কণ্ঠশিল্পী। যশস্বী শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যুৰ পিছত গোৱালপৰীয়া লোকগীতৰ সাধনা কৰা শিল্পী সকলৰ ভিতৰ ঘোষাল অন্যতম আছিল।১
চমু জীৱনী
কামৰূপ জিলাৰ পাণ্ডুত জন্মলাভ কৰা বাণীকণা ঘোষালৰ পিতৃ আছিল মনমোহন বেনাৰ্জী আৰু মাতৃ সৌদামিনী বেনাৰ্জী। মাতৃ-পিতৃ দুয়োজনে সংগীত আৰু বাদ্যযন্ত্ৰৰ সৈতে জড়িত হোৱা সূত্ৰে ঘোষালে সংগীত চৰ্চাৰ প্ৰতি আগ্ৰহী হয়। লক্ষ্ণৌ ভাতখাণ্ডে সংগীত বিদ্যালয়ৰ পৰা তেওঁ সংগীতৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ আদিনাথ ঘোষালৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ২০১৭ চনৰ ২৩ জানুৱাৰীত তেওঁ মৃত্যুমুখত পৰে।
সংগীত জীৱন
বাণীকণা ঘোষাল আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী আছিল। আকাশবাণীত তেওঁ গোৱালপৰীয়া লোকগীত, ভজন আৰু আধুনিক গীত পৰিৱেশন কৰিছিল। গোৱালপৰীয়া লোকগীতৰ বিশেষ চৰ্চা কৰা ঘোষালে অসমৰ বাহিৰেও কলিকতা, পুৰী,এলাহাবাদ আদি ঠাইত সংগীত পৰিৱেশন কৰি গোৱালপৰীয়া লোকগীতক সৰ্বভাৰতীয় পৰ্যায়ত জনপ্ৰিয় কৰি তুলিছিল। তেওঁ পাঠশালা, দুধনৈ, ছিপাঝাৰ, নগাঁও, লখিমপুৰ আদিত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত গীত পৰিৱেশন কৰিছিল। ১৯৮৫ চনত কলিকতাত উদযাপিত অসমীয়া বোলছবিৰ সোণালী জয়ন্তী সমাৰোহত তেওঁ আমন্ত্ৰিত শিল্পী হিচাপে অংশগ্ৰহণ কৰিছিল। গোৱালপৰীয়া লোকগীতৰ উপৰিও তেওঁ ৰামদানী গীত, ভোজপুৰী গীত,ৰাজস্থানী ভজন,বাংলা আধুনিক গীততো কণ্ঠদান কৰিছিল। কলিকতা ৰেডিঅ’তো গীত পৰিৱেশন কৰা ঘোষালে সুৰীয়া, স্পন্দন, মিলন, গগণা, জংলী মাহুত ৰে’ আদি কেছেটতো কন্ঠ নিগৰাইছিল। তদুপৰি তেওঁ পণবন্দী নামৰ এখন অসমীয়া ছবি আৰু কনকলতা নামৰ ধাৰাবাহিকৰ গীততো কণ্ঠদান কৰে।১
বঁটা আৰু সন্মান
- ১৯৮৬ চনত হাওৰা আৰ্ট ফ’ৰামৰ পৰা মহানায়ক (উত্তম কুমাৰ)বঁটা লাভ
- ১৯৯৩ চনত পশ্চিমবংগ সাংবাদিক সন্থাৰ পৰা কিশোৰী বঁটা লাভ
লগতে চাওক
তথ্যসূত্ৰ
- ↑ অনুভৱ পৰাশৰ. (৩ ফেব্ৰুৱাৰী). গোৱালপৰীয়া লোকগীতৰ শিল্পী বাণীকণা ঘোষাল. দৈনিক অসম
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাণীকণা ঘোষাল” প্ৰবন্ধৰ সংশোধন ৪৫৪০৫৬ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।