অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ময়ূখ হাজৰিকা

ময়ূখ হাজৰিকা (Mayukh Hazarika; জন্ম ১৩ জানুৱাৰী ১৯৭১) অসমৰ এজন গায়ক তথা গীতিকাৰ আৰু সুৰকাৰ। Mayukh Hazarika and the Brahmaputra Balladeers নামৰ বেণ্ডটোৰ তেওঁ মুখ্য শিল্পী। তেওঁ প্ৰখ্যাত অসমীয়া কণ্ঠশিল্পী যুটী জয়ন্ত হাজৰিকা আৰু মণীষা হাজৰিকাৰ পুত্ৰ আৰু ভূপেন হাজৰিকাৰ ভতিজা।

হালনাগাদ: ১২ ডিচেম্বৰ ২০২৪ ২২৬ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

ময়ূখ হাজৰিকা (Mayukh Hazarika; জন্ম ১৩ জানুৱাৰী ১৯৭১) অসমৰ এজন গায়ক তথা গীতিকাৰ আৰু সুৰকাৰ।১ Mayukh Hazarika and the Brahmaputra Balladeers নামৰ বেণ্ডটোৰ তেওঁ মুখ্য শিল্পী। তেওঁ প্ৰখ্যাত অসমীয়া কণ্ঠশিল্পী যুটী জয়ন্ত হাজৰিকা আৰু মনীষা হাজৰিকাৰ পুত্ৰ আৰু ভূপেন হাজৰিকাৰ ভতিজা।২৩

জীৱনী

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৭১ চনৰ ১৩ জানুৱাৰী তাৰিখে গুৱাহাটীত ময়ূখ হাজৰিকাৰ জন্ম হয়। তেওঁৰ অন্য নাম 'ৰাজা'। পিতৃ-মাতৃ জয়ন্ত হাজৰিকা আৰু মনীষা হাজৰিকাৰ তেওঁ একমাত্ৰ সন্তান। তেওঁৰ ৭ বছৰ বয়সতে দেউতাকৰ মৃত্যু হয়। সৰুৰেপৰাই তেওঁ মাকৰপৰা সংগীতৰ শিক্ষা লাভ কৰে। খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ত তেওঁ স্কুলীয়া শিক্ষা গ্ৰহণ কৰে আৰু পিছলৈ দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে। ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, ইন্দ'ৰৰপৰা (IIM ইন্দ'ৰ) তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৪

কৰ্মজীৱন

IIM-ৰপৰা উত্তীৰ্ণ হোৱাৰ পাছত হাজৰিকাই ২০০৭ চনত এন ডি টি ভি লাইফষ্টাইলত Head of Camera হিচাপে চাকৰি জীৱন আৰম্ভ কৰে। সমান্তৰালভাৱে তেওঁ মাতৃ মণীষা হাজৰিকা আৰু পত্নী লাইলি দত্ত হাজৰিকাৰ সৈতে ভাৰতৰ বাহিৰে-ভিতৰে বিভিন্ন ঠাইৰ অনুষ্ঠানত গীত পৰিৱেশন কৰি আহিছে।৫৬৭৮৯

সংগীত জীৱন

প্ৰথমে তেওঁ জয়ন্ত হাজৰিকা আৰু ভূপেন হাজৰিকাৰ জনপ্ৰিয় গীতসমূহৰ ক'ভাৰ ভাৰ্চন গাই জনপ্ৰিয়তা লাভ কৰিছিল।১০১১ ২০০৯ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে তেওঁৰ নিজৰ কথা, সুৰ আৰু কণ্ঠৰ প্ৰথমটো এলবাম 'চকুৱে যদি কথা কয়' মুক্তিলাভ কৰে।১২

ব্যক্তিগত জীৱন

পত্নী লাইলি দত্ত হাজৰিকাৰ সৈতে ময়ূখ হাজৰিকা দিল্লীত বাস কৰে।

গীতৰ এলবাম

  • শ্বিলঙৰে গধূলি (২০০২)
  • চকুৱে যদি কথা কয় (২০০৯)
  • মনৰ মৰম (২০১২)
  • Assamese Modern Songs (২০১২)
  • All Time Greats Jayanta Hazarika (২০১২)
  • অনুৰাধা (২০১২)১৩
  • অসমৰ চিৰযুগমীয়া গীত (২০১২)

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Mayukh Hazarika - the frontman of the Brahmaputra Balladeers, India-north-east.com
  2. ↑ Airtel promotes Assam’s singing sensation – Mayukh & Laili Hazarika Eastern Panorama
  3. ↑ Relive golden melodies - ‘A Tribute to Assamese Music’ down the ages on Sunday The Telegraph (Calcutta)
  4. ↑ Legend Resurrected, Bipuljyoti.in
  5. ↑ (13 October 2006). London tribute to Assamese music legend - Wife, son and daughter-in-law to sing at the Nehru Centre in memory of Jayanta Hazarika. The Telegraph (Calcutta)
  6. ↑ (16 May 2012). Mayukh-Laili enthrall Assamese in Australia. Times of Assam
  7. ↑ (8 November 2014). Festival of northeast begins in Delhi. Assam Times
  8. ↑ (20 February 2012). A celebration of the North East. Deccan Herald
  9. ↑ (18 November 2014). North East festival in Delhi sends out message of national integration. Asian News International
  10. ↑ (26 June 2012). Maestros honoured thorough performances at this tribute event in Delhi. Times Of India
  11. ↑ (2 November 2014). Bhupenda’s death anniversary at Mumbai. দ্য আছাম ট্ৰিবিউন
  12. ↑ (10 November 2011). Airtel promotes Assam’s singing sensation – Mayukh Hazarika & Laili Hazarika. Future Sounds
  13. ↑ Anuradha - Mayukh Hazarika, Gaana.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ কণ্ঠশিল্পীঅসমীয়া ভাষাৰ গীতিকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ময়ূখ হাজৰিকা” প্ৰবন্ধৰ সংশোধন ৪৫৪০৯১ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।