ৰাজজ্যোতি কোঁৱৰ (জন্ম- ৭ অক্টোবৰ ১৯৭৫) অসমৰ উত্তৰ লখিমপুৰৰ এজন গায়ক আৰু সুৰকাৰ। তেওঁ বহুকেইখন অসমৰ চলচ্চিত্ৰৰ লগতে বলিউডৰো বহুকেইখন চলচ্চিত্ৰৰ সংগীতত কণ্ঠদান কৰিছে।১
শিক্ষাজীৱন
উত্তৰ লক্ষীমপুৰ মজলীয়া বিদ্যালয় আৰু উত্তৰ লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেওঁ স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। তাৰ পাছত তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, গুৱাহাটীৰ কটন বিশ্ববিদ্যালয় আৰু পাছলৈ মুম্বাইৰ নেচনেল কলেজ (জামাথমল আদৱানি ল' কলেজ)ৰপৰা শিক্ষা লাভ কৰে।২
ব্যক্তিগত জীৱন
১৯৭৫ চনৰ ৭ অক্টোবৰ তাৰিখে উত্তৰ লখিমপুৰৰ নকাৰীৰ এক আহোম পৰিয়ালত তেওঁৰ জন্ম হয়। পিতৃ ক্ষেত্ৰমোহন বৰা আৰু মাতৃ অমিয়া বৰা। ২০১৩ চনত তেওঁ লিজা কোঁৱৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।২
প্ৰাৰম্ভিক সংগ্ৰাম
১৯৯৬ চনত তেওঁ নিজৰ প্ৰথমখন সংগীতৰ এলবাম সাগৰ তুমিৰ ৰেকৰ্ডিঙৰ উদ্দেশ্যে মুম্বাইলৈ যায়।৩ তাৰ পাছৰ বছৰতে তেওঁ মুম্বাইত নিজৰ কেৰিয়াৰ গঢ়াৰ মানসেৰে স্থায়ীভাৱে তালৈ গুচি যায়। তাৰ সমান্তৰালকৈ তেওঁ বান্দ্ৰাস্থিত নেচনেল কলেজৰ আইন শাখাত নামভৰ্তি কৰে যদিও তেওঁ সংগীতৰ সাধনাতহে বেছিকৈ মনোনিৱেশ কৰে। এই সময়ছোৱাত তেওঁৰ ককায়েক ভাগ্যমোহন কোঁৱৰে তেওঁক আৰ্থিক সহায়-সহযোগ আগবঢ়াই থাকে। তথাপি আৰ্থিক অনাটনৰ কাৰণে তেওঁ মুম্বাইত ৪০খন বিছনাযুক্ত এক ডৰ্মিটৰীতো প্ৰায় ডেৰ বছৰ থাকিবলগীয়া হয়। ২
চলচ্চিত্ৰত কণ্ঠদান
প্ৰায় সাত-আঠ বছৰ সংগ্ৰাম কৰাৰ পাছত তেওঁ "ছুপাৰষ্টাৰ" নামৰ ছবিত কণ্ঠ দিয়াৰ সুবিধা পায়। ২০০৮ চনত মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰখনৰ "আজনবী খোৱাব' মে'" শীৰ্ষক গীতটি হিট গান হিচাপে পৰিগণিত হয়।৪ ইয়াৰ পাছত তেওঁ ক্লিক, এচিড ফেক্টৰী, মিছন ইষ্টানবুল, ৰাগিনী এম এম এছ, হোষ্টেল, ছাড্ডা আড্ডা, মল্লিকা ইত্যাদি বলিউডৰ বহুকেইখন চলচ্চিত্ৰৰ সংগীতত কণ্ঠদান কৰে। ইয়াৰ উপৰিও তেওঁ ৰামধেনু, ৰিচাং (চলচ্চিত্ৰ), আকাশ চুবলৈ মন, ৰ’দ্ (চলচ্চিত্ৰ) ইত্যাদি অসমীয়া চলচ্চিত্ৰতো গান গায় আৰু বহুকেইটা গান হিট হয়।২
বেণ্ড
যোৰহাটত উচ্চতৰ মাধ্যমিক শিক্ষা লাভ কৰি থকা সময়ত ৰাজে 'ডাইনেষ্টী' (Dynasty) নামৰ এক বেণ্ড গঠন কৰিছিল। কটন কলেজত পঢ়ি থকা সময়ত তেওঁ 'জাষ্ট' (Just) নামৰ এক বেণ্ডৰ হৈ গান গায়। মুম্বাইত থকাৰ প্ৰাৰম্ভিক সময়ছোৱাত তেওঁ 'Hoboes' নামৰ এক বেণ্ডৰ লীড ভকেলিষ্ট হিচাপে অনুষ্ঠান পৰিৱেশন কৰিছিল। মনছুৰ আলম নামৰ সেই সময়ৰ এ্জন সফল গীটাৰিষ্টৰ সৈতেও তেওঁ কাম কৰে।২
গীতৰ তালিকা
বলিউডৰ গান
| চন | গান | বোলছবি | সংগীত পৰিচালক | সহ গায়ক/গায়িকা |
|---|---|---|---|---|
| ২০০৮ | আজনবী | ছুপাৰষ্টাৰ | সমীৰ টেণ্ডন | একক |
| ২০০৮ | ৱৰ্ল্ড হ'ল্ড অন | মিছন ইষ্টানবুল | সমীৰ টেণ্ডন | কুণাল গাঞ্জাৱালা, গায়ত্ৰী গাঞ্জাৱালা |
| ২০০৯ | য়ে জিছ্ম | এচিড ফেক্টৰী | সমীৰ টেণ্ডন | আঁচল দত্ত |
| ২০১০ | ৰুবায়ী | ক্লিক | সমীৰ টেণ্ডন | সুনিধি চৌহান |
| ২০১০ | য়াদেঁ ৰিমিক্স | ক্লিক | সমীৰ টেণ্ডন | একক |
| ২০১১ | ৰিস্তা বনো | হোষ্টেল | বিৰাগ মিশ্ৰ | ম'নালি ঠাকুৰ |
| ২০১১ | ইতনে' কৰীব আও | ৰাগিনী এম এম এছ | সমীৰ টেণ্ডন | একক |
| ২০১১ | ইত্তেফাক | মল্লিকা | সমীৰ টেণ্ডন | শিল্পা ৰাও |
| ২০১২ | ৰৌছন দিল কা জহাঁ (ৰিমিক্স) | ৰানৱে' | সমীৰ টেণ্ডন | সুনিধি চৌহান |
| ২০১২ | ছাড্ডা আড্ডা | ছাড্ডা আড্ডা | সমীৰ টেণ্ডন | আহান শ্বাহ, শ্বাহিদ মাল্যা |
অসমীয়া বোলছবিৰ গান
| চন | গান | চিনেমা | সংগীত পৰিচালক | সহ গায়ক/গায়িকা |
|---|---|---|---|---|
| ২০১১ | অস্ত আকাশতে | ৰামধেনু | যতীন শৰ্মা | একক |
| ২০১২ | ৱাৰিয়ৰ অৱ লাভ | ৰিচাং (চলচ্চিত্ৰ) | যতীন শৰ্মা | বব অ'মুল' |
| ২০১২ | মজা কৰোঁ | আকাশ চুবলৈ মন | নন্দন ভূঞা | একক |
| ২০১২ | ৰঙীন পলিথিন | ৰ’দ্ (চলচ্চিত্ৰ) | যতীন শৰ্মা | একক |
অসমীয়া এলবাম
| চন | এলবাম |
|---|---|
| ১৯৯৬ | সাগৰ তুমি |
| ১৯৯৭ | অভিমান |
| ২০০০ | পখীৰাজ মিক্স |
| ২০০৬ | পাখি মেলি |
| ২০১৪ | অলস আবেলি |
পুৰষ্কাৰ
- ৰাগিনী এম এম এছ বোলছবিৰ "ইতনে' কৰীব আও" শীৰ্ষক গীতৰ বাবে Best New Sensation of the year শাখাত ২০১২ চনৰ ষ্টাৰডাষ্ট বঁটাৰ বাবে মনোনয়ন লাভ।
- ৰিচাং (চলচ্চিত্ৰ) বোলছবিৰ ৱাৰিয়ৰ অৱ লাভ শীৰ্ষক গীতৰ বাবে ২০১৩ চনত শ্ৰেষ্ঠ নেপথ্য গায়কৰ প্ৰাগ চিনে বঁটা লাভ।
- "অলস আবেলি" এলবামৰ শীৰ্ষগীতটিৰ বাবে ২০১৩ চনত শ্ৰেষ্ঠ গায়কৰ শিতানত ৰামধেনু ভিৱাৰ্ছ চইচ বঁটাৰ বাবে মনোনয়ন লাভ।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Raaj Jyoti Konwar, this time with brother!. http://rajdweep.blogspot.in
- ↑ Raaj J. Konwar. raajkonwar.com
- ↑ Raaj J Konwar. http://www.planitindia.com/raaj-j-konwar/
- ↑ Singer Raaj scores with Bollywood tracks. http://www.radioandmusic.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজজ্যোতি কোঁৱৰ” প্ৰবন্ধৰ সংশোধন ৪৫৪০৯৫ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।