অসমৰ কণ্ঠশিল্পী
১০০ প্ৰবন্ধ
-
অনিন্দিতা পাল
অনিন্দিতা পাল (ইংৰাজী: Anindita Paul) এগৰাকী অসমীয়া কণ্ঠশিল্পী। তেওঁ বহুকেইখন অসমীয়া চলচ্চিত্ৰ আৰু বহুকেইটা অসমীয়া শ্ৰব্য এলবামত কণ্ঠদান কৰিছে। দীনবন্ধু চলচ্চিত্ৰৰ ক'ৰ এজাক সপোন যেন বৰষুণ গীতটিৰ বাবে তেওঁ জ্যোতিৰূপা বঁটা আৰু প্ৰাগ চিনে বঁটা লাভ কৰে।
-
অসমৰ কণ্ঠশিল্পীসকলৰ তালিকা
অসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকা অসমীয়া ভাষাৰ উল্লেখযোগ্য কবিসকলৰ তালিকা অসমৰ সাহিত্যিকসকলৰ তালিকা অসমীয়া অভিনেতা অভিনেত্ৰীসকলৰ তালিকা অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা অসমৰ ৰাজ্যপালসকলৰ তালিকা Gaana.comত সন্নিবিষ্ট অসমীয়া নেপথ্য গায়ক গায়িকাসকল
-
তাৰিকুদ্দিন আহমেদ
তাৰিকুদ্দিন আহমেদ (Tarikuddin Ahmed) অসমৰ এজন গায়ক আৰু সংগীত পৰিচালক। ১৯৪৮ চনত ‘ইমান ধুনীয়া মুকুতাৰ মালা’ গীতটোৰ জৰিয়তে তেখেতে অসমৰ শ্ৰোতাৰ মাজত সমাদৰ লাভ কৰে। তেখেত আকাশবাণী গুৱাহাটী কেন্দ্ৰ এজন নিয়মীয়া সংগীত শিল্পী আছিল।
-
নয়ন নীলিম
নয়ন নিলীম (ইংৰাজী: Nayan Nilim) অসমীয়া চলচ্চিত্ৰ জগতৰ এজন জনপ্ৰিয় অভিনেতা। চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও তেখেত এজন গায়কো৷ "আবেলি" নামৰ এটা সংগীত এলবামত তেখেতে কণ্ঠদান কৰিছিল। বিহু নৃত্যৰ ক্ষেত্ৰটো তেখেতৰ সুনাম আছে। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ আৰু ছুটি ছবিত অভিনয় কৰিছে৷
-
নীলিমা খাতুন
নীলিমা খাতুন অসমৰ এগৰাকী কণ্ঠশিল্পী। তেখেতে অসমীয়া ছবি, অনাতাঁৰ কেন্দ্ৰ আৰু গ্ৰামফোনত গীত গোৱাৰ উপৰিও মঞ্চতো গীতৰ অনুষ্ঠান পৰিবেশন কৰিছে। কুৰি শতিকাৰ সত্তৰ, আশীৰ দশকত তেখেতে ছবি আৰু অনাতাঁৰত গোৱা বহুকেইটা গীত শ্ৰোতাৰ মাজত প্ৰভূত জনপ্ৰিয়তা লাভ কৰিছিল।
-
মানস ৰবীন
মানস ৰবীন (Manas Robin) অসমৰ এজন আগশাৰীৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰু সংগীত পৰিচালক। মূলতঃ তেওঁ লোকসংগীত আৰু পপ সংগীত পৰিৱেশন কৰে। তেওঁ বহুতো জনপ্ৰিয় অসমীয়া বোলছবিৰ গীত, অসমীয়া থলুৱা লোক সংগীত আৰু বিহু সুৰীয়া গীতৰ এলবামত সংগীত পৰিচালনা কৰি অসমীয়া সংগীত জগতত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে।
-
মিতালী চৌধুৰী
মিতালী চৌধুৰী (Mitali Choudhury; ১০ জানুৱাৰী ১৯৬০-২৬ মাৰ্চ, ২০১১) এগৰাকী অসমীয়া সংগীত জগতৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ১৯৬০ চনৰ ১০ জানুৱাৰীত গুৱাহাটীৰ ৰিহাবাৰীত জন্ম লাভ কৰা চৌধুৰীয়ে "বুঢ়া লুইতৰ বিশাল বাহু", "কেতিয়াবা মোৰ", "প্ৰথম দেখাৰ মধুবেলা", "ৰাতি মায়াবিনী", "বন বননিত আঁচল উৰুৱাই", "মোৰ…
-
জিতুল সোণোৱাল
জিতুল সোণোৱাল (Jitul Sonowal) এগৰাকী অসমীয়া সংগীত জগতৰ এগৰাকী প্ৰসিদ্ধ গায়ক, গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক। তেখেতে বৰ্তমানলৈ বহুকেইটা অসমীয়া জনপ্ৰিয় গীতত নিজৰ কণ্ঠদান কৰিছে। গান গোৱাৰ উপৰিও তেখেতে বিভিন্ন বাদ্যযন্ত্ৰ যেনে গীটাৰ, কীবৰ্ড আদি বজাব পাৰে।
-
দীপলিনা ডেকা
দীপলিনা ডেকা (Deeplina Deka) অসমৰ এগৰাকী অভিনেত্ৰী আৰু কণ্ঠশিল্পী। বৈদ্যুতিক অভিযান্ত্ৰিক ডিগ্ৰীধাৰী দীপলিনা অসমত "পৰী" নামেৰেও পৰিচিত। জুবিন গাৰ্গ পৰিচালিত মিছন চাইনা চলচ্চিত্ৰখনৰ মাধ্যমত তেওঁ অসমীয়া চলচ্চিত্ৰ জগতত অভিনয় জীৱনৰ পাতনি মেলিছিল।
-
বৰ্ণালী কলিতা
বৰ্ণালী কলিতা (Bornali Kalita) অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। তেওঁ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী বিহু ৰাণী। তেওঁৰ জনপ্ৰিয় সংগীত এলবামবোৰৰ ভিতৰত আছে ৰাংঢালী, মৰমজান, মাইনা, অটোগ্ৰাফী ইত্যাদি৷ তেওঁ এতিয়ালৈ ১০,০০০ৰো অধিক গান গাইছে৷
-
মহানন্দ মজিন্দাৰ বৰুৱা
মহানন্দ মজিন্দাৰ বৰুৱা (Mahananda Majinder Baruah) অসমৰ এগৰাকী কণ্ঠশিল্পী আছিল। ১৯৪৩ চনৰ ৬ ছেপ্টেম্বৰত শিৱসাগৰ জিলাৰ নাজিৰাত তেওঁ জন্মগ্ৰহণ কৰে। ২০১০ চনৰ ২০ মে'ত গুৱাহাটীত বৰুৱাৰ দেহাৱসান ঘটে।
-
সীমান্ত শেখৰ
সীমান্ত শেখৰ (Simanta Shekhar, জন্ম: ১৮ মে' ১৯৮২) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত প্ৰযোজক। তেওঁ বৰ্তমান অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষ। সীমান্ত শেখৰৰ সংগীত শৈলী মূলতঃ লোক সংযোজন আৰু ইণ্ডি-পপেৰে গঠিত আৰু তেওঁৰ অসমীয়া একক এলবাম গীতৰ বাবে সুপৰিচিত।
-
কুইন হাজৰিকা
কুইন হাজৰিকা (জন্ম: ১৬ অক্টোবৰ ১৯৭৬) এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী। তেওঁৰ ঘৰ অসমৰ লখিমপুৰ জিলাত। তেওঁ কণ্ঠ প্ৰদান কৰা কেইখনমান অসমীয়া বোলছবিৰ ভিতৰত গৰম বতাহ, মন, চুৰেণ চোৰৰ পুতেক আৰু স্নেহ বন্ধন অন্যতম।
-
কুল বৰুৱা
কুল বৰুৱা (Kula Barua) অসমৰ এজন গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী আৰু সংগীত পৰিচালক। তেখেতে একাধিক অসমীয়া গান জয়ন্তীকা হাজাৰিকাৰ সৈতে গাইছিল আৰু গীটাৰ, মেণ্ডোলিন, আফ্ৰিকাৰ ড্ৰামৰ দৰে পশ্চিমীয়া সঁজুলি অন্তৰ্ভুক্ত থকা গানবোৰ গাই সেই সময়ত অসমীয়া সমাজত আধুনিক সংগীতৰ নতুন ঢৌৰ সৃষ্টি কৰিছিল।
-
জুবলী বৰুৱা
জুবলী বৰুৱা (ইংৰাজী: Zublee Baruah) এগৰাকী অসমীয়া সংগীত জগতৰ এগৰাকী বিখ্যাত গায়িকা, গীতিকাৰ আৰু সুৰকাৰ। তেখেতে বৰ্তমানলৈ বহুকেইটা জনপ্ৰিয় গীতত নিজৰ কণ্ঠদান কৰিছে। গান গোৱাৰ উপৰিও তেখেতে অসমীয়া ভাষাৰ চলচ্চিত্ৰ আৰু ছুটি ছবি আৰু ধাৰাবাহিকটো অভিনয় কৰি আহিছে৷ "জন্ম" তেখেতৰ একক কণ্ঠৰ এক এলবাম৷
-
জ্যোতি প্ৰকাশ দাস
জ্যোতি প্ৰকাশ দাস (Jyoti Prakash Das) বা জে পি দাস (J P das) হৈছে অসমৰ এজন প্ৰতিষ্ঠিত কণ্ঠশিল্পী। অসমৰ অগণন শ্ৰোতাৰ মাজত তেওঁ জেপিদা বুলি পৰিচিত। ‘মোৰ মিনতি তৰা হয় যদি...’, ‘সন্ধিয়াৰ আকাশত...’, ‘ওৰে ৰাতি অন্ধকাৰত...’, ‘পৰিচয়বিহীন...’ আদি সৰ্বকালৰ অনেক জনপ্ৰিয় গীতৰ সুৰকাৰ হৈছে জে পি দাস।
-
নমিতা ভট্টাচাৰ্য
নমিতা ভট্টাচাৰ্য (Namita Bhattacharya) হৈছে অসম, ভাৰতৰ এগৰাকী কণ্ঠশিল্পী৷ সত্তৰ-আশীৰ দশকত অসমীয়া সংগীত জগতখনৰ প্ৰত্যক্ষ সান্নিধ্যলৈ অহা গায়িকাগৰাকীৰ ১৯৭৫ চনত মুক্তিলাভ কৰা অসমীয়া চলচ্চিত্ৰ তৰামাইত পোনপ্ৰথমবাৰৰ বাবে নেপথ্য কণ্ঠশিল্পী হিচাপে অভিষেক ঘটে৷ ইয়াৰ পূৰ্বে তেখেতে আকাশবাণীত গীত পৰিৱেশন…
-
পদ্ম কৈৰী
পদ্ম কৈৰী (Padma Koiri, ১৯৫২ - ৮ জুন ২০২০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, ৰাজনৈতিক নেতা, সমাজকৰ্মী, অভিনেতা তথা কণ্ঠশিল্পী। তেওঁ ১৯৮৫ চনৰ বিধানসভা নিৰ্বাচনত বিশ্বনাথ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি অসম বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।
-
বিউটি শৰ্মা বৰুৱা
বিউটি শৰ্মা বৰুৱা (জন্ম ১৮ জুন ১৯৫১) এগৰাকী ভাৰতীয় সংগীতশিল্পী। তেওঁ অসমীয়া আধুনিক গীত, লোকগীত, ভাৰতীয় শাস্ত্ৰীয় সংগীত, গজল, ভজন পৰিবেশনৰ বাবে বিখ্যাত। মেলডি কুইন হিচাপে খ্যাত বিউটি বাইদেউয়ে দূৰদৰ্শন, ৰেডিঅ', এলবাম আৰু অন্যান্যত প্ৰায় ১০০০ গীত গাইছে।
-
বিভূৰঞ্জন চৌধুৰী
বিভূৰঞ্জন চৌধুৰী (Bibhuranjan Choudhury; ১৪ অক্টোবৰ ১৯৫০-২০ ছেপ্তেম্বৰ ১৯২০) এজন কণ্ঠশিল্পী তথা অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালক আছিল। বাওপন্থী ৰাজনীতি আৰু আদৰ্শৰ প্ৰতি গভীৰ আস্থা থকা চৌধুৰীয়ে দীৰ্ঘদিন ধৰি গণনা্ট্য সংঘ, অসম শাখাৰ নেতৃত্ব বহন কৰিছিল।
-
মৈত্ৰেয়ী পাটৰ
মৈত্ৰেয়ী পাটৰ (Maitrayee Patar, ৭ এপ্ৰিল ১৯৯০) এগৰাকী ভাৰতীয় কবি, গীতিকাৰ আৰু কণ্ঠশিল্পী। তেওঁ বিশেষকৈ অসমীয়া সাহিত্য আৰু অসমীয়া গীতৰ নতুন আধুনিক ইলেকট্ৰনিক সংগীতৰ ধাৰালৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত।
-
ৰুবী সিংহ
ৰুবী সিংহ (Ruby Singha) এগৰাকী কণ্ঠশিল্পী, গীতিকাৰ আৰু সুৰকাৰ। মূলতঃ অসমীয়া আধুনিক গীত বা সুগম সংগীত ধাৰাটোৰ এগৰাকী পৰিচিত আৰু প্ৰতিষ্ঠিত সংগীত শিল্পী ৰুবী সিংহ। আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ ৰুবী সিংহই নিজে ৰচনা কৰা গীতৰ সংখ্যা প্ৰায় এশ।
-
অপূৰ্ব বেজবৰুৱা
অপূৰ্ব বেজবৰুৱা (Apurba Bezbaruah, জন্ম:১৫ অক্টোবৰ ১৯৫১, মৃত্যু: ৯ ফেব্ৰুৱাৰী ২০২২) অসমৰ এগৰাকী কণ্ঠশিল্পী, কবি, গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক আছিল। তেওঁক অসমৰ সংগীতৰ ক্ষেত্ৰখনৰ বিহুসুৰীয়া গীতৰ ধাৰাটোৰ বাটকটীয়া বুলি কোৱা হয়।
-
অৰুণ দাস
অৰুণ দাস ( Arun Das) অসমৰ ৰকষ্টাৰ হিচাপে পৰিচিত এগৰাকী সংগীত শিল্পী। তেওঁ কেইবাখনো অসমীয়া চলচ্চিত্ৰত কণ্ঠদান কৰাৰ উপৰি দুখন চলচ্চিত্ৰৰ সংগীত পৰিচালনাও কৰিছিল। ১৯৮৭ চনত তেওঁৰ কণ্ঠৰ প্ৰথমটো কেছেট “মোৰ গীত মোৰ প্ৰেম’’ মুক্তি পাইছিল।
-
তৰাৱতী মিলি বড়ি
তৰাৱতী বড়ি (জন্ম: ১৬ এপ্ৰিল ১৯৫০) হৈছে এগৰাকী অসমীয়া লোক-কণ্ঠশিল্পী। তেওঁ অসমৰ অন্যতম পৰম্পৰাগত সংগীত মিচিং ভাষাৰ ঐনিতম পৰিবেশন কৰে। তেওঁৰ আজীৱন সংস্কৃতি চৰ্চাৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে লোক-সংগীত শাখাত ২০২২ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰিছে।
-
দুলাল মানকি
দুলাল মানকি (Dulal Manki, জন্ম: ১৯৬৪) এগৰাকী অসমৰ লোকশিল্পী তথা সংগীতজ্ঞ। তেওঁ অসমৰ চাহ জনগোষ্ঠীৰ পাৰম্পৰিক লোকসংগীতৰ এগৰাকী শিল্পী। ঝুমুৰ গীতৰ বিশেষ পাৰদৰ্শিতাৰ বাবে তেওঁক ঝুমুৰ সম্ৰাট বুলি কোৱা হয়।
-
দোস্ত হবিবুৰ ৰহমান
দোস্ত হবিবুৰ ৰহমান (Dost Habibur Rahman, ১৯৩৯-১৯৬৯) অসম তথা ভাৰতৰ এগৰাকী গীতিকাৰ, গায়ক আৰু অভিনেতা আছিল। মাত্ৰ ত্ৰিশ বছৰ বয়সতে মৃত্যু হোৱা দোস্ত হবিবুৰ ৰহমান এগৰাকী পেৰ'ডি গায়ক হিচাপে অতি জনপ্ৰিয় আৰু প্ৰখ্যাত আছিল।
-
ধনদা পাঠক
ধনদা পাঠক (বিবাহৰ পূৰ্বে বৰ্মন; Dhanada Pathak) এগৰাকী অসমীয়া কণ্ঠশিল্পী। তেওঁ বিশেষকৈ কামৰূপী লোকগীতৰ বাবে জনাজাত। তেওঁ এগৰাকী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতি প্ৰাপ্ত কণ্ঠশিল্পী। তাৰোপৰি তেওঁ মঞ্চতো গীত পৰিবেশন কৰি আহিছে।
-
পদ্মনাভ বৰদলৈ
পদ্মনাভ বৰদলৈ এজন ভাৰতীয় গায়ক, গীতিকাৰ, সংগীত পৰিচালক আৰু অনুষ্ঠান পৰিচালক। তেওঁ অসমীয়া, হিন্দী, নেপালী, বাংলা, মাৰাঠী আৰু ইংৰাজী ভাষাত গীত গাইছে। তেওঁৰ প্ৰথম হিন্দী সৃষ্টি তেৰি জ' বাতেঁ হ্যে ৰ বাবে গ্লোবেল ইণ্ডিয়ান মিউজিক একাডেমি বঁটাৰ নন-ফিল্ম শাখাত মনোনয়ন লাভ কৰিছিল.
-
বিমান বৰুৱা
বিমান বৰুৱা (Biman Baruah) অসমৰ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু কণ্ঠশিল্পী। আধুনিক বিহুগীতৰ গীতিকাৰ আৰু শিল্পী হিচাপে তেওঁক বিশেষভাৱে জনা যায়।