ভিতালী দাস (Vitali Das বা Bhitali Das; ৬ জুন, ১৯৭৯ – ২১ এপ্ৰিল, ২০২১) এগৰাকী অসমীয়া সংগীত শিল্পী আছিল। ভিতালী তেওঁৰ স্মৰণীয় আৰু সুৱলা কণ্ঠৰ বাবে জনপ্ৰিয় আছিল। তেওঁ জুবিন গাৰ্গ আদি বিভিন্ন শিল্পীৰ সৈতে ৫০০০ৰো অধিক বিহু গান গাইছিল।১ জানমনি, জোনবাই, অঞ্জনা, ৰাংধালী, ৰহেদৈ, বগীতৰা, এনাজৰী আদি তেওঁৰ জনপ্ৰিয় বিহুসুৰীয়া গীতৰ এলবাম।২৩
উত্তৰ গুৱাহাটীৰ মাজগাঁৱত তেওঁৰ জন্ম হয়। ভিতালী দাসে চেনিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল।৪
কেৰিয়াৰ
ভিতালী দাসে দুটা দশকৰো অধিক সময় ধৰি অসমীয়া গীত গাই আহিছিল আৰু এতিয়াও তেওঁৰ গীতবোৰ অসমত অতি জনপ্ৰিয়। জুবিন গাৰ্গৰ লগতে বৰ্ণালী কলিতা, তৰালি শৰ্মা, নিৰ্মালী দাস, জুবলী বৰুৱা ইত্যাদি বহু জনপ্ৰিয় শিল্পীৰ সৈতে ভিতালীয়ে ৩০০০ৰো অধিক গীত ৰেকৰ্ডিং কৰিছিল। লগতে বহু বিহু এলবামৰ ভিচিডি আৰু একক গীতত গাইছিল। ভিতালী দাসৰ কণ্ঠৰে ৰেকৰ্ডিং কৰা কেইটিমান এলবাম হ’ল-৫
- চেংকলি ২০২০
- টিপ টপ ২০২০
- ধনশিৰি নুমনি ২০২০
- আহিলে বহাগী ২০১৯
- ৰাংঢালী ২০১৮
- ৰাংঢালী ২০১৭
- ৰহেদৈ ২০১৬
- এনাজৰী ২০১৬
- নাংছেং ২০১৬
- কপৌ ফুল ২০১৫
- মইনা চৰাই মইনা মাত ২০১৩
- বগীতৰা ২০০৮
- জোনবাই ২০০৫
- জানমনি ২০০৫
- তগৰ ২০০১
মৃত্যু
২০২১ চনৰ ১৪ এপ্ৰিলত গুৱাহাটীৰ লতাশিল খেলপথাৰত বিহু অনুষ্ঠান কৰাৰ পিছত ভিতালী দাস ক'ভিড-১৯ পজিটিভ বুলি ধৰা পৰে। ১৬ এপ্ৰিলত তেওঁক গুৱাহাটীৰ কালাপাহাৰ ক'ভিড চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়। পিছত তেওঁৰ অৱস্থা গুৰুতৰ হৈ উক্ত চিকিৎসালয়তে ২১ এপ্ৰিলৰ ৭.০৫ বজাত মৃত্যু হয়।৬ মৃত্যুৰ পূৰ্বে ভিতালী দাস মধুমেহ ৰোগতো আক্ৰান্ত আছিল।
তথ্যসূত্ৰ
- ↑ Desk, Sentinel Digital. (22 April 2021). Bihu Singer Bhitali Das Laid to Rest at Nabagraha Crematorium, Guwahati - Sentinelassam. www.sentinelassam.com
- ↑ Vitali Das. biographyinsider.com
- ↑ Desk, Sentinel Digital. (April 22, 2021). Bihu Singer Bhitali Das Laid to Rest at Nabagraha Crematorium, Guwahati - Sentinelassam. www.sentinelassam.com
- ↑ Biography, Insider. (25 April 2021). Vitali Das - Biography Insider. biographyinsider.com
- ↑ Biography, Insider. (25 April 2021). Vitali Das - Biography Insider. biographyinsider.com
- ↑ News, Live. (25 April 2021). Eminent singer Vitali Das passes away - Twitter. twitter.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভিতালী দাস” প্ৰবন্ধৰ সংশোধন ৪৫৪০৮০ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।