মালবিকা বৰা (Malabika Bora) অসম, ভাৰতৰ এগৰাকী কণ্ঠশিল্পী। তেওঁ ৫০ বছৰতকৈও১ অধিক কাল অসমীয়া সংগীত জগতৰ লগত জড়িত হৈ আছে৷ ১৯৭৩ চনত অনাতাঁৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰা মালবিকা বৰাই পৰৱৰ্তী সময়ছোৱাত ২৮খন অসমীয়া কথাছবিত নেপথ্য কণ্ঠশিল্পীৰ ভূমিকা পালন কৰিছে৷ ৰাষ্ট্ৰীয় পৰ্যায়ত টেবুল টেনিছ খেল আৰু নৃত্যশিল্পৰ লগতো তেওঁ জড়িত হৈছিল৷
প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল
গোলাঘাট জিলাৰ বেঙেনাখোৱাত মালবিকা বৰাৰ জন্ম হৈছিল৷ তেওঁৰ পিতৃ নগেন্দ্ৰ নাথ বৰুৱা আৰু মাতৃ হেমপ্ৰভা বৰুৱা৷ তেওঁলোকৰ পৰিয়ালত ৫গৰাকী ছোৱালী আৰু দুগৰাকী ল'ৰা সন্তান৷ পিতৃ আছিল আইনজীৱী আৰু পৌৰসভাৰ চেয়াৰমেন। তেওঁ নাটকত অভিনয় কৰাৰ বাবেও জনাজাত আছিল৷ ইয়াৰ লগতে গোলাঘাট ক্ৰীড়া জগতলৈ আগবঢ়োৱা অৱদানৰ বাবেও তেওঁ পৰিচিত৷ নগেন্দ্ৰ নাথ বৰুৱাৰ স্মৃতিত শেহতীয়াকৈ গোলাঘাটৰ ষ্টেডিয়ামৰ মূল পেভিলিয়নটো তেওঁলৈ উচৰ্গা কৰা হৈছে৷ মালবিকা বৰাৰ ডাঙৰ ককায়েক প্ৰিয়ব্ৰত বৰুৱায়ো একাধিক মঞ্চত গীত গাইছিল৷ সৰু ককায়েক তপোব্ৰত বৰুৱা সাংস্কৃতিক দিশৰ লগত জড়িত আছিল৷ ১৯৮২ চনত শিৱপ্ৰসাদ ঠাকুৰৰ পৰিচালনাত মুক্তিলাভ কৰা অসমীয়া চলচ্চিত্ৰ বোৱাৰীৰ তেওঁ এজন প্ৰযোজক আছিল৷১ স্কুলীয়া দিনৰ পৰা মালবিকা বৰাই গীত গাইছিল আৰু মইনা পাৰিজাতৰ পৰা গীত গাই পুৰস্কাৰো লাভ কৰিছিল। তেওঁ সত্ৰীয়া নৃত্য আৰু ভাৰত নাট্যমৰ শিক্ষাও গ্ৰহণ কৰিছিল। সৰুতেই মালবিকা বৰাই ধ্ৰুপদী সংগীতৰ শিক্ষা লৈছিল৷২
সংগীত জীৱন
১৭ বছৰ বয়সত মালবিকা বৰাই প্ৰথমবাৰৰ বাবে গীত বাণীবদ্ধ কৰাৰ সুযোগ লাভ কৰে৷ ইয়াৰ পূৰ্বে তেওঁ মইনা পাৰিজাতত গীত গাইছিল৷ ১৯৭১ চনত মালবিকা বৰা দশম শ্ৰেণীত পঢ়ি থাকোঁতে পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ সন্তান প্ৰণবিৰাম বৰুৱাই তেওঁৰ কণ্ঠ শুনি পিতৃৰ এটা গীত গাবলৈ প্ৰস্তাৱ দিয়ে। এই ৰেকৰ্ডখনত তেওঁ 'শাৰদী সন্ধিয়াৰ জোনাকী মেল' শীৰ্ষক গীত গায়। গীতটো ৰেকৰ্ডিঙৰ বাবে তেওঁ কলিকতালৈ যায়৷২ কলিকতাত মালবিকা বৰাৰ লগত ড০ ভূপেন হাজৰিকা আৰু প্ৰণৱিৰাম বৰুৱাই একেলগে আহিছে আজি নৱ জীৱনৰ ঢল শীৰ্ষক গীতটোত কণ্ঠ নিগৰাইছিল৷ ১ পিছলৈ তেওঁ সুৰেন ৰয়ৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ শিক্ষা লৈছিল। বিয়াৰ পিছত গুৱাহাটীলৈ আহি তেওঁ হীৰেণ শৰ্মাৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ আধৰুৱা শিক্ষা সম্পূৰ্ণ কৰে। ১৯৭৮ চনত 'ফাগুনী' বোলছবিত তেওঁ কণ্ঠদান কৰে। এইখন তেওঁ কণ্ঠদান কৰা প্ৰথম কথাছবি। ইয়াত তেওঁ 'মইনা চৰাইটি', 'বিচাৰিলোঁ সোণৰ খনি' আৰু 'পিতাইটি ঐ' শীৰ্ষক গীতত কণ্ঠদান কৰে। ইয়াৰ পিছত তেওঁ 'বোৱাৰী', 'মা', 'প্ৰতিশোধ', 'অহিৰ ভৈৰৱ', 'হিয়া দিয়া নিয়া' আদি চলচ্চিত্ৰৰ কেইবাটাও গীতত কণ্ঠ নিগৰায়।
অনাঁতাৰ মাধ্যমত
১৮ বছৰ বয়সত (১৯৭৩ চনত) মালবিকা বৰাই১ অনাতাঁৰ শিল্পী হ'বৰ বাবে অ'ডিছন দিয়ে আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ বাবে নিৰ্বাচিত হয়।২ নিয়মীয়া শিল্পী হিচাপে স্বীকৃতি পোৱাৰ পাছত তেওঁ অনাতাঁৰ কেন্দ্ৰত বহুকেইটা গীত পৰিৱেশন কৰে৷ বিবাহৰ পাছত১ তেওঁ পুনৰ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত গীত পৰিৱেশন কৰিবলৈ লয়৷
অসমীয়া ছবিৰ নেপথ্য কণ্ঠ হিচাপে
১৯৭৮ চনত মালবিকা বৰাই শিৱপ্ৰসাদ ঠাকুৰৰ দ্বাৰা পৰিচালিত অসমীয়া কথাছবি ফাগুনীত পোনপ্ৰথমবাৰৰ বাবে গীত পৰিৱেশন কৰে৷ ছবিখনৰ সংগীত পৰিচালনা কৰিছিল ৱাই এছ মুল্কীয়ে৷ ফাগুনী বোলছবিৰ বাবে মালবিকা বৰাই মইনা চৰাইটি, বিচাৰিলোঁ সোণৰ খনি, পিতাইটি ঐ গীত কেইটাত কণ্ঠ নিগৰাই শ্ৰোতাসমাজত পৰিচিতি লাভ কৰে৷ গীতকেইটা লিখিছিল উপেন কাকতীয়ে৷৩ ইয়াৰ পিছত তেওঁ বিজু ফুকন অভিনীত জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ বোৱাৰী (১৯৮২)ত কণ্ঠদান কৰে৷ পৰৱৰ্তী সময়ত তেওঁ ২৮খন অসমীয়া চলচ্চিত্ৰত কণ্ঠদান কৰে৷১
ড০ ভূপেন হাজৰিকাৰ সংগীত পৰিচালনা কৰা প্ৰতিশোধ আৰু মাত মালবিকা বৰাই কণ্ঠদান কৰে৷ ১
বানাক্ৰান্ত অসমৰ ৰাইজক সাহায্য প্ৰদানৰ অৰ্থে সংগীতশিল্পী জয়ন্ত হাজৰিকাই নেতৃত্ব দিয়া সুৰ বাহিনীত মালবিকা বৰাই অংশ লৈ দুৰ্গতসকলৰ বাবে অৰ্থ সংগ্ৰহ কৰিছিল৷ ১
ব্যক্তিগত জীৱন
১৯৭৯ চনত মালবিকা বৰাৰ গুৱাহাটী নিবাসী প্ৰবীৰ কুমাৰ বৰাৰ সৈতে বিবাহ সম্পন্ন হয়৷ প্ৰবীৰ কুমাৰ বৰা নুমলীগড় তেল শোধনাগাৰৰ এজন অভিযন্তা আছিল৷ ১
তথ্যসূত্ৰ
- ↑ সাক্ষাৎগ্ৰহণ- কুমুদ তালুকদাৰ. (৮ জুন ২০২৫). ছবিত গীত গাই পাৰিশ্ৰমিক নহয়, উপহাৰ লাভ কৰিছিলোঁ. নিয়মীয়া বাৰ্তা. পৃ. সুকন্যা
- ↑ (14 August 2023). ARDHA AKASH. DD Assam
- ↑ Babul Das. (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃ. 371
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালবিকা বৰা” প্ৰবন্ধৰ সংশোধন ৫৪৫৮৫৮ (২৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।