সুবাসনা দত্ত (Subasana Dutta) অসমৰ এগৰাকী কণ্ঠশিল্পী। মুনিন বৰুৱা পৰিচালিত ৰং নামৰ চলচ্চিত্ৰত জুবিন গাৰ্গৰ সহিত কণ্ঠদান কৰি তেওঁ সঙ্গীত জগতত প্ৰথম প্ৰবেশ কৰে। তেওঁ বিহু এলবাম আৰু অসমীয়া চলচ্চিত্ৰত কণ্ঠদান কৰিছে। অপ্সৰা আৰু পখিলা নামৰ গানৰ এলবামৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত। ২০১৭ চনত মুক্তিপ্ৰাপ্ত কোঁৱৰপুৰৰ কোঁৱৰ নামৰ চলচ্চিত্ৰতো দত্তই কণ্ঠদান কৰিছিল।
জন্ম আৰু শিক্ষা
১৯৮৮ চনৰ ২৭ ফেব্ৰুৱাৰী তাৰিখত ডিফুত সুবাসনা দত্তৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম দিলীপ কুমাৰ দত্ত আৰু মাতৃৰ নাম ৰুনু বুঢ়াগোহাঁই।১ ঘৰতেই সংগীতৰ ভাল পৰিৱেশ থকাৰ ফলত শৈশবকালতে তেওঁ গৃহৰ পৰাই সংগীতৰ শিক্ষা লাভ কৰে। তেওঁৰ পিতৃ সংগীতপ্ৰেমী আৰু মাতৃয়ে ভাল গান গায়। সৰুকালৰ পৰাই তেওঁ পুৰণি হিন্দী গীত বিশেষকৈ লতা মংগেশকাৰৰ গীত শুনছিলি আৰু গাবলৈ প্ৰচেষ্টা কৰিছিল। এটি সাক্ষাৎকাৰত তেওঁ কৈছে সংগীতজগতক পেছা হিচাপে বাছি ল’ব বুলি মা-দেউতাই কেতিয়াও ভবা নাছিলে আৰু জনাই যে সৰুকালৰ পৰা হিন্দী আৰু পাশ্চাত্য গান শুনাৰ ফলত প্ৰথমাৱস্থাত অসমীয়া গানৰ উচ্চাৰণ প্ৰায় হিন্দীৰ নিচিনা আছিল যাৰ কাৰণত তেওঁ বহুবাৰ গালি শুনিছিল।
দুৰ্ঘটনা
বঙাইগাঁৱৰ পৰা বিহু অনুষ্ঠান কৰি অহাৰ সময়ত ৰঙিয়াৰ উদিয়ানা নামৰ স্থানত গাড়ীৰ নিয়ন্ত্ৰণ হেৰুয়ায় ফলত গাড়ীচালক, মেনেজাৰ শেখৰ জ্যোতি বৈশ্য সহ সুবাসনা দত্ত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয়২। চিকিৎসাৰ বাবে তেওঁক গুৱাহাটীৰ এক্সেলকেয়াৰ হস্পিতালত ভৰ্তি কৰোৱা হয়। চিকিৎসাৰ কিছুদিনৰ ভিতৰত তেওঁ সম্পূৰ্ণ সুস্থ হয়।
ডিস্ক'গ্ৰাফী
- কবিতা কেনেকৈ লিখে
- দিখৌ নৈ
- আকাহে বতাহে
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুবাসনা দত্ত” প্ৰবন্ধৰ সংশোধন ৪৫৪০৮৩ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।