অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গুণদা দাস কৌৰ

গুণদা দাস কৌৰ হৈছে এগৰাকী অসমীয়া সংগীত শিল্পী। তেওঁ চল্লিশ আৰু পঞ্চাশ দশকত অসমীয়া সংগীত জগতত আত্মপ্ৰকাশ কৰিছিল। তেওঁ গুৱাহাটী তাৰিনী চৌধুৰী চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংগীতৰ শিক্ষয়িত্ৰী ৰূপে সেৱা আগবঢ়াইছিল।

হালনাগাদ: ২৫ নৱেম্বৰ ২০২৪ ২৮১ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

গুণদা দাস কৌৰ হৈছে এগৰাকী অসমীয়া সংগীত শিল্পী। তেওঁ চল্লিশ আৰু পঞ্চাশ দশকত অসমীয়া সংগীত জগতত আত্মপ্ৰকাশ কৰিছিল। তেওঁ গুৱাহাটী তাৰিনী চৌধুৰী চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংগীতৰ শিক্ষয়িত্ৰী ৰূপে সেৱা আগবঢ়াইছিল।১

প্ৰাৰম্ভিক জীৱন

১৯৩৯ চনত গুৱাহাটীৰ শান্তিপুৰত জন্মগ্ৰহণ কৰা কৰিছিল। শৈশৱৰ পৰাই তেওঁ সংগীতৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল। কটন বিশ্ববিদ্যালয়ৰ পৰা আই এ পাছ কৰি অসম চৰকাৰৰ জলপানি লৈ শান্তি নিকেতনলৈ গৈ বিশ্বভাৰতীত চাৰিবছৰ শাস্ত্ৰীয় সংগীত আৰু এডিশ্যনেল ৰবীন্দ্ৰ সংগীতৰ ডিপ্লমা লাভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত সংগীতত নামভৰ্তি কৰে। তাত দুবছৰ থাকি তেওঁ লক্ষ্নৌলৈ যায়। তাৰ পৰা তেওঁ বিশাৰদ ডিগ্ৰী লাভ কৰে।১

সংগীত শিল্পীৰ জগতত

আকাশবাণীত প্ৰৱেশ প্ৰখ্যাত শিল্পী আনন্দিৰাম বৰুৱাই গুণদা দাসক বনগীত আৰু আধুনিক গীত শিকাই আকাশবাণীত গোৱাইছিল। ইয়াৰ বাবে তেওঁ পাঁচ টকা মাননি পাইছিল। পৰৱৰ্তী সময়ত তেওঁ আকাশবাণীত নিয়মীয়াকৈ গীত পৰিৱেশন কৰিছিল। আনন্দিৰাম দাসে কলকাতালৈ লৈ গৈ গ্ৰাম’ফোন ৰেকৰ্ড কৰাইছিল। ইয়াৰ উপৰি তেওঁ কলকাতা ৰেডিঅ’তো গীত পৰিৱেশন কৰিছিল।

বোলছবি জগত ভূপেন হাজৰিকাৰ পৰিচালনাত পিয়লি ফুকন বোলছবিখনত প্ৰথমবাৰৰ বাবে কণ্ঠদান কৰিছিল। পৰৱৰ্তী সময়ত ভক্ত প্ৰহ্লাদ, স্মৃতিৰ পৰশ, কেঁচা সোণ, সৰাপাত, মাটিৰ স্বৰ্গ আদি কেইবাখনো ছবিৰ গীতত কণ্ঠদান কৰিছিল।

বিভিন্ন শিল্পীৰ সান্নিধ্যত গুণদা দাসৰ জীৱন বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, আনন্দিৰাম দাস, হেমাঙ্গ বিশ্বাস, লতা মংগেশকাৰৰ সান্নিধ্যই মহীয়ন কৰি তুলিছিল। কলকাতাত শান্তি নিকেতনত থাকোতে হেমাঙ্গ বিশ্বাসৰ লগত কলকাতাৰ বিভিন্ন অঞ্চলত গীত পৰিৱেশন কৰিছিল।

ব্যক্তিগত জীৱন

বীৰেন্দ্ৰ সিঙৰ লগত গুণদা দাসৰ প্ৰেমৰ সম্পৰ্ক হৈছিল। পৰৱৰ্তী কালত দুয়ো বিবাহ পাশত আৱদ্ধ হৈছিল। বিয়াৰ পাছত স্বামীৰ পৰিয়ালে যৌতুক দাবী কৰি তেওঁক নানান শাৰীৰিক অত্যাচাৰ চলাইছিল। এটা সময়ত তেওঁ স্বামীগৃহৰ পৰা একমাত্ৰ সন্তানটি লৈ মাতৃগৃহলৈ গুছি আহিছিল। ইয়াৰ পিছত, স্বামীগৃহৰ ব্যক্তিসকলে তেওঁৰ সন্তানক অপহৰণ কৰাৰ প্ৰচেষ্টাও চলাইছিল।১

সন্মান, বঁটা

  • ১৯৯৬ চনত সংগীতৰ শিক্ষয়িত্ৰীৰ হিচাপে ৰাষ্ট্ৰপতি পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।
  • ১৯৯৬ চনতে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ ‘Teacher of outstanding Merit’ সন্মান লাভ কৰে।
  • অসম চৰকাৰৰ পৰা বিষ্ণুৰাভা বঁটা লাভ কৰিছিল।১

তথ্যসূত্ৰ

  1. ↑ অনুভৱ পৰাশৰ. (২০০৮). এটা কাৰুণ্যৰ পৰিসমাপ্তি – গুণদা দাস কৌৰ. দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী ‘বসুন্ধৰা’. পৃ. ১৭, ১৮ পৃষ্ঠা

সম্পৰ্কিত শ্ৰেণী

অসমৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুণদা দাস কৌৰ” প্ৰবন্ধৰ সংশোধন ৪৪৮৪৪১ (২৫ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।