অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দেৱজিৎ সাহা

দেৱজিৎ সাহা এজন ভাৰতীয় হিন্দী, বাংলা আৰু অসমীয়া ভাষা চিনেমাৰ প্লেবেক গায়ক, পৰিৱেশক। তেওঁ মূলতঃ জনপ্ৰিয় টিভি অনুষ্ঠান Zee TV ৰিয়েলিটি শ্ব', আৰু SaReGaMaPa Challenge 2005ৰ বিজয়ী প্ৰাৰ্থী আছিল। তাৰ বাবে তেওঁ 'ভাৰতৰ কণ্ঠ' উপাধি লাভ কৰিছিল।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৩০২ শব্দ · ২ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

দেৱজিৎ সাহা এজন ভাৰতীয় হিন্দী ভাষা, বঙালী ভাষা আৰু অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) ভাষা চিনেমাৰ প্লেবেক গায়ক, পৰিৱেশক। তেওঁ মূলতঃ জনপ্ৰিয় টিভি অনুষ্ঠান Zee TV ৰিয়েলিটি শ্ব', আৰু SaReGaMaPa Challenge 2005ৰ বিজয়ী প্ৰাৰ্থী আছিল। তাৰ বাবে তেওঁ 'ভাৰতৰ কণ্ঠ' উপাধি লাভ কৰিছিল। ১২০০৬, ২০০৭ আৰু ২০০৮ চনত তেওঁ গায়ক ৰিয়েলিটি শ্ব' Sa Re Ga Ma Pa Banglaৰ এংকৰ আছিল আৰু ২০০৮ চনত শিল্পা শ্বেট্টীৰদ্বাৰা আয়োজন কৰা বিগবছ-২ ৰ চেলিব্ৰিটি প্ৰতিযোগীও আছিল। দেৱজিৎক জি টিভি সাৰেগামাপা লিল চেম্পিয়ন ২০১৭ৰ অন্যতম গ্ৰেণ্ড জুৰী হিচাপে দেখা গৈছিল। ২০১৭ চনৰ ১৭ নৱেম্বৰৰপৰা ১৯ নৱেম্বৰলৈ অসমৰ শিলচৰত অনুষ্ঠিত হোৱা "নমামী বৰাক" মহোৎসৱৰ থিম গীতটো (হিন্দী আৰু বাংলা সংস্কৰণ দুয়োটা) ৰচনা আৰু কণ্ঠদান কৰিছে।

জীৱনী

ৰিয়েলীতি অনুষ্ঠান

সাহাক ইছমাইল দৰবাৰৰ "য়ালগাৰ হো ঘৰানা"ত সাৰেগামাপা চেলেঞ্জ ২০০৫ স্থান লাভ কৰিছিল। ২০০৬ চনৰ ২৪ ফেব্ৰুৱাৰীত তেওঁক "ভাৰতৰ কণ্ঠ" উপাধিৰে বিজয়ী ঘোষণা কৰা হয়। এই প্ৰতিযোগিতাত জনপ্ৰিয় সাহাক ভোটৰ আধাৰত বিজয় লাভ কৰিছিল। সাহাক ভোট দিবলৈ ভাৰতৰ উত্তৰ-পূব ৰাজ্যত সদৌ অসম ছাত্ৰ সন্থা, উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সন্থা, শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু হিন্দু ছাত্ৰ পৰিষদৰ দৰে বিভিন্ন সংগঠনে প্ৰচাৰ চলাইছিল।২টিভি ৰিয়েলিটি শ্ব' বিগবছ (হিন্দী)ৰ দ্বিতীয় ছিজনৰ ১৪জন প্ৰতিযোগীৰ ভিতৰত তেওঁ অন্যতম আছিল। তেওঁ STAR Plusৰ ৰিয়েলিটি শ্ব' জো জীতা ৱোহি ছুপাৰ ষ্টাৰত অংশগ্ৰহণ কৰিছিল।৩তেওঁৰ প্ৰতিভাক এই অনুষ্ঠানত সংগীত সুৰকাৰ যুটি বিশাল–শেখৰ য়ে অতিশয় শলাগ লৈছিল। কিন্তু তেওঁক শ্ব’টোৰপৰা ভোটৰ ব্যৱধানত বাহিৰ হ’ব লগা হৈছিল। তেখেতে হিন্দী টিভি চেনেল STAR Plusৰ Music Ka Maha Muqqabla অনুষ্ঠানৰ টিম Shaan's Strikerৰ দলত স্থান লাভ কৰিছিল।

সংগীত কেৰিয়াৰ

তেওঁ বলীউডৰ চিনেমা ৮৮ এণ্টপ হিল আৰু জিমি২০০৮ ত নিজ কণ্ঠদান কৰিছিল। দেৱজিৎ সাহা অসমীয়া চিনেমা, জুনদা ইমান গুণ্ডাৰ অ মৰ জান গীতটিত গাইছিল। তেওঁ একে সময়তে বহুতো লাইভ কনচাৰ্ট অনুষ্ঠান পৰিৱেশন কৰিছিল। । ডিস্কোগ্ৰাফী==

এলবাম

YearAlbum NameComposerLyricistMusic LabelLanguage
২০০৬দেৱজিৎবিদ্দু, ইছমাইল দৰ্বাৰ, অন্নুজ কাপ্যসাৰেগামাহিন্দী
২০০৬জিনাসাৰেগামাহিন্দী
২০০৭সাৰেগামাচিৰাদিপ দাসগুপ্তসুমিত সমধ্যাৰসাৰেগামাবাংলা
২০০৯অগ্নিভেনুচ মিউজিকঅসমীয়া
২০১০এই জীৱন নহয় শুনা বন্ধুএনকৰ এণ্টাৰটেইনেণ্ট ইণ্ডিয়াঅসমীয়া
২০১১ঠিক বেলা তিন ঘটিকাইধ্ৰুৱ, দেৱজিৎৰানা মজুমদাৰ, সনেপ নাথআশা অডিওবাংলা
২০১১যদি মই কওঅসমীয়া
২০১৬তোমাক নাপালেতৰুণ তন্ময়তৰুণ তন্ময়ডি এছ প্ৰডাকচনঅসমীয়া
২০১৭Tagore for Today Contemporary Interpretationsৰবীন্দ্ৰনাথ ঠাকুৰৰবীন্দ্ৰনাথ ঠাকুৰStrumm Soundবাংলা
২০১৭Tagore for Everyone Contemporary Hindi Interpretationsৰবীন্দ্ৰনাথ ঠাকুৰৰবীন্দ্ৰনাথ ঠাকুৰStrumm Soundহিন্দী
২০১৯সুক্ৰিয়াদেৱজিৎ সাহাত্ৰিপুৰাৰীইন্দি মিউজিক লেবেলহিন্দী

চলচ্চিত্ৰৰ গান

  • ২০০৭ – জুনদা ইমান গুণ্ডাৰ পৰা "অ মোৰে জান।"
  • ২০০৮ – জিমি ২০০৮৩
  • ২০১০ – টিছ মাৰ খান ২০০৮ৰ পৰা "হেপি এণ্ডিং" অভিজিত সাৱন্ত, প্ৰজাক্তা শুক্ৰে আৰু হৰ্ষিত সক্সেনাৰ সৈতে।
  • ২০১১ – চাহেব, বিৱি আৰু গেংষ্টাৰৰ পৰা "চু চু।" ৪
  • ২০১২ – বড়লেৰ ঘৰত চাৰিটা গীত।

টেলিভিছন

  • দেবজিৎ সাহাই ২০০৮ চনত বিগবছ (হিন্দী) (ছিজন ২)ত চেলিব্ৰিটি প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল। এই অনুষ্ঠানখন শিলপা শ্বেট্টী ৰদ্বাৰা আয়োজিত আৰু তেওঁ ৬৯ দিন অনুষ্ঠানটোত আছিল।

তথ্যসূত্ৰ

  1. ↑ (24 February 2006). Debojit Saha gets 'Voice of India' title. দ্য হিন্দু
  2. ↑ (6 March 2007). A lifetime of gratitude. The Telegraph
  3. ↑ Roy, Priyanka. (17 April 2008). Sing with a smile. The Telegraph
  4. ↑ Dutt, Anjan. (6 October 2011). So Brutally Honest. The Telegraph

সম্পৰ্কিত শ্ৰেণী

অসমৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱজিৎ সাহা” প্ৰবন্ধৰ সংশোধন ৬৩৯৮৮৩ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।