অসমৰ কণ্ঠশিল্পী
১০০ প্ৰবন্ধ
-
তৰুলতা কুটুম
তৰুলতা কুটুম হৈছে এগৰাকী অসমৰ মিচিং সমাজৰ গায়িকা, সুৰকাৰ, গীতিকাৰ আৰু অভিনেত্ৰী। তেওঁ মিচিং ভাষাত গান, বিশেষকৈ পৰম্পৰাগত ঐনিতম শৈলী জনপ্ৰিয় কৰাৰ বাবে জনাজাত। তেওঁৰ সংগীতত অসমীয়া আধুনিক সংগীতৰ ধাৰা আৰু মিচিং লোকসংগীতৰ সংমিশ্ৰণ দেখা যায়।
-
দিগেন মহন্ত
দিগেন মহন্ত( Digen Mahanta) অসমৰ এগৰাকী কণ্ঠশিল্পী। তেওঁ আধুনিক গীত আৰু লোকসংগীতত কণ্ঠদান কৰাৰ উপৰি সুৰাৰোপ কৰাৰ লগতে কথাছবিৰ গীততো কণ্ঠদান কৰিছিল। তেওঁ অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শীৰ্ষগীত প্ৰযোজনা কৰিছিল। তেওঁক “কলংপৰীয়া সংগীত কণ্ঠ’’ উপাধি প্ৰদান কৰা হৈছিল।
-
নীলোৎপল বৰা
নীলোৎপল বৰা এজন ভাৰতীয় কণ্ঠশিল্পী,সুৰকাৰ,গীতিকাৰ,সংগীত ব্যৱস্থাপক আৰু সংগীত পৰিচালক। ২০১৭ চনত মুক্তিপ্ৰাপ্ত মাজুলী শীৰ্ষক গীতটোৰ জৰিয়তে তেওঁ শ্ৰোতা-দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।
-
প্ৰদীপ দহোতীয়া
প্ৰদীপ দহোতীয়া (Pradip Dohutia) হ'ল অসমৰ এগৰাকী গীতিকাৰ, সুৰকাৰ,কণ্ঠশিল্পী,সংগীত পৰিচালক আৰু শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষক। লগতে এগৰাকী ভাল বাদ্যশিল্পী তথা গীটাৰ বাদক। সংগীতৰ ক্ষেত্ৰত থকা বিশেষ অৱদানৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ ফালৰ পৰা ২০২৪-২৫ বৰ্ষত নিয়মীয়া শিল্পী পেন্সন লাভ কৰে।
-
প্ৰফুল্লবালা বৰুৱা
প্ৰফুল্লবালা বৰুৱা (Prafullabala Barua) অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। তেখেত বিষ্ণুপ্ৰসাদ ৰাভাৰ পত্নী প্ৰিয়বালা ৰাভাৰ জ্যেষ্ঠ ভগ্নী, নাট্যশিল্পী প্ৰবোধ বৰুৱাৰ পত্নী আৰু প্ৰতিষ্ঠিত কণ্ঠশিল্পী তথা গীতিকাৰ ৰুবী সিংহৰ মাতৃ।
-
প্ৰিয়ংকা মজুমদাৰ
প্ৰিয়ংকা (프리얀카; সম্পূৰ্ণ নাম: প্ৰিয়ংকা মজুমদাৰ) অসমৰ এগৰাকী কণ্ঠশিল্পী। প্ৰিয়ংকা বৰ্তমান কোৰীয় প'প সংগীত (চমুকৈ কে-প'প) বেণ্ড জি-গাৰ্লচ্ (Z-Girls)-ৰ মূল কণ্ঠশিল্পী। প্ৰিয়ংকাক ভাৰতৰ প্ৰথম কে-প'প তাৰকা ৰূপে অভিহিত কৰা হয়।
-
মিনতি খাউণ্ড
মিনতি খাউণ্ড (Minoti Khaund, ১৯৪০–২০২৬) অসমৰ এগৰাকী বিশিষ্ট বেহেলাবাদক আৰু যশস্বী শাস্ত্ৰীয় সংগীত শিল্পী আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ।
-
মৌচুমী চহৰীয়া
মৌচুমী চহৰীয়া (ইংৰাজী: Mousumi Saharia) এগৰাকী অসমৰ সংগীত জগতৰ এগৰাকী কণ্ঠশিল্পী। তেখেতে বৰ্তমানলৈ বহুকেইটা অসমীয়া জনপ্ৰিয় গীতত নিজৰ কণ্ঠদান কৰিছে। ১৯৯০ চনত মাত্ৰ ৫ বছৰ বয়সতে তেখেতৰ "ফাগুনৰ চেঁচাতে" নামৰ এটা এলবাম মুকলি কৰ।
-
ৰাজীৱ শদিয়া
ৰাজীৱ শদিয়া ( Rajiv Sadiya) অসমৰ এগৰাকী জনপ্ৰিয় গায়ক আছিল। বিশেষকৈ উজনি অসমত অধিক পৰিচিত ৰাজীৱ শদিয়া মৃত্যুৰ পিছত সমগ্ৰ অসমত পৰিচিত হৈ পৰিছিল আৰু তেওঁৰ দেশপ্ৰেমমূলক গীতবোৰৰ চৰ্চা হৈছিল। তেওঁৰ প্ৰকৃত নাম ৰাজীৱ গগৈ।
-
ৰাজেন গোহাঁই (কণ্ঠশিল্পী)
ৰাজেন গোহাঁই অসমৰ এজন কণ্ঠশিল্পী, সুৰকাৰ, সংগীত সংযোজক৷ ১৯৪৬ চনৰ ১৪ জানুৱাৰীত তিনিচুকীয়া জিলাত তেখেতৰ জন্ম হয়৷ তেখেতৰ পিতৃৰ নাম সোণেশ্বৰ গোহাঁই আৰু মাতৃৰ নাম ফুলেশ্বৰী গোহাঁই৷ তেখেতে ডিব্ৰুগড় হনুমানবক্স সুৰজকমল কানৈ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে৷ তেখেতে লক্ষ্নৌ ভাতখাণ্ডে…