শংকুৰাজ কোঁৱৰ (Shankuraj Konwar) এগৰাকী ভাৰতীয় গীতিকাৰ, সুৰকাৰ, সংগীত প্ৰযোজক, কণ্ঠশিল্পী আৰু ইউটিউবাৰ। তেওঁ অসমীয়া গীতৰ আধুনিক ইলেকট্ৰনিক সংগীতৰ ধাৰালৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত।১ ২০১৯ চনত তেওঁ 'কি বেদনাতে' শীৰ্ষক গীতটি 'প্ৰজেক্ট বাৰ্তালাপ' নামৰ ইউটিউব চেনেলত মুকলি কৰে। অথচ 'জলপ্ৰপাত' শীৰ্ষক গীতটিৰ মুক্তিলাভৰ পাছতহে তেওঁ নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয়তা লাভ কৰে। ২০২২ চনৰ ২২জুনত তেওঁৰ জনপ্ৰিয় অসমীয়া গীত অলকানন্দাৰ হিন্দী সংস্কৰণ মুকলি কৰে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
শংকুৰাজ কোঁৱৰৰ পিতৃ আৰক্ষী বিভাগত কৰ্মৰত হোৱাৰ বাবে তেওঁ সৰুকালত অসমৰ বিভিন্ন স্থানত থাকিবলগা হৈছিল। ১৯৯৫ চনত তেওঁলোক স্থায়ীভাৱে যোৰহাটলৈ আহে আৰু তাতেই তেওঁ শিক্ষা-জীৱন আৰম্ভ কৰে। তেওঁৰ ঘৰত সৰুৰে পৰা সাংস্কৃতিক পৰিৱেশে বিৰাজ কৰিছিল যদিও তেওঁ কোনো শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ লোৱা নাছিল। সৰুকালত তেওঁ ড॰ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, পাৰ্ৱতি প্ৰসাদ বৰুৱা, লোকনাথ গোস্বামী আদি গায়কৰ গান শুনি সংগীতৰ প্ৰতি আকৰ্ষিত হৈছিল। অসমীয়াৰ উপৰিও তেওঁ পশ্চিমীয়া সংগীতৰ প্ৰতিও যথেষ্ট আকৃষ্ট হৈছিল।
যোৰহাটত শিক্ষা-জীৱন আৰম্ভ কৰি তেওঁ ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা সমাপ্ত কৰে আৰু তাৰ পাছত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত ভৰ্তি হয়। ইঞ্জিনীয়াৰিঙৰ শিক্ষা সমাপ্ত কৰি তেওঁ চাকৰিৰ বাবে মেঘালয়লৈ যায়। মেঘালয়ত প্ৰায় দুবছৰ কটোৱাৰ পাছত তেওঁ মুম্বাইলৈ যায় আৰু পুনৰ শিক্ষাগ্ৰহণ বাবে টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েঞ্চেছত নামভৰ্তি কৰি মিডিয়া আৰু সাংস্কৃতিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে পঢ়ি থকা সময়তেই তেওঁ নিজৰ প্ৰথমটি গীত মুকলি কৰে আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত সংগীত পৰিৱেশন কৰাৰ বাবে নিমন্ত্ৰণ পাবলৈ ধৰে। তেনেদৰেই তেওঁ পেছাদাৰী সংগীত জগতখনত ভৰি দিয়ে।
কৰ্মজীৱন
অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰাৰ পাছত তেওঁ মেঘালয়লৈ গৈ তাৰে কোম্পানী এটাত চাকৰি আৰম্ভ কৰে য'ত তেওঁ প্ৰায় দুটা বছৰ পাৰ কৰে। তাৰ পাছত তেওঁ স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে মুম্বাইলৈ ৰাওনা হয়।২ মুম্বাইত পঢ়ি থকা অৱস্থাতেই তেওঁ 'প্ৰজেক্ট বাৰ্তালাপ'ৰ ওপৰত কাম আৰম্ভ কৰে আৰু ইয়াৰ জৰিয়তে তেওঁ পেছাদাৰী সংগীত জগতত ভৰি দিয়ে।
সংগীতজগত
শংকুৰাজ কোঁৱৰৰ আধুনিক গীতসমূহ নৱপ্ৰজন্মৰ মাজত অতি জনপ্ৰিয়। 'প্ৰজেক্ট বাৰ্তালাপ' বেনাৰৰ অধীনত নিৰ্মিত মৈত্ৰেয়ী পাটৰ আৰু শংকুৰাজ কোঁৱৰৰ গীত ৰ'লিং ষ্ট'ন ইণ্ডিয়াই ২০২০ চনৰ প্লে'লিষ্টত 'দূৰ সীমনাত' অল্টাৰ্নেটীভ ৰক্ তালিকাত অন্তৰ্ভুক্ত কৰিছিল।৩ “প্ৰজেক্ট বাৰ্তালাপ” মৈত্ৰেয়ী পাটৰ আৰু শংকুৰাজ কোঁৱৰৰ যুটীয়া প্ৰচেষ্টাত গঢ় লৈ উঠিছে। মুম্বাইত তেওঁলোকে একেখন কলেজত পঢ়িছিল আৰু বিশ্ব প্ৰতিবন্ধকতা দিৱসৰ অনুষ্ঠানত একেলগে গীত পৰিৱেশন কৰিছিল। বৰ্তমান তেওঁলোকে অসম তথা দেশৰ বিভিন্ন মঞ্চত একেলগে গীত পৰিৱেশন কৰে।৪
প্ৰজেক্ট বাৰ্তালাপ
"টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েঞ্চেছ"ত পঢ়ি থাকোঁতেই তেওঁ মৈত্ৰেয়ী পাটৰক লগ পায়। দুয়োৱে সংগীতৰ কথা আলাপ-আলোচনা কৰি থাকোঁতে এক প্ৰকল্পৰ কথা চিন্তা-চৰ্চা কৰে যাক পাছলৈ 'প্ৰজেক্ট বাৰ্তালাপ'ৰূপে নামকৰণ কৰা হয়। ২০১৯ চনত ইয়াৰ অধীনত তেওঁলোকৰ প্ৰথমটো গীত 'কি বেদনাতে' মুকলি কৰা হয়।
গীতসমূহ আৰু এলবাম
| +গীত আৰু এলবামৰ তালিকা৫ | গীতৰ শীৰ্ষক | এলবাম | সহশিল্পী | মুক্তিলাভৰ তাৰিখ |
| কি বেদনাতে | বাৰ্তালাপ | ৩ ডিচেম্বৰ, ২০১৭ | ||
| ভাটিয়ালী সপোন | মৈত্ৰেয়ী পাটৰ | |||
| ল’ৰালি | ||||
| জলপ্ৰপাত | অভী শইকীয়া | |||
| নক্ষত্ৰ | অভী শইকীয়া | |||
| অধিকাৰ | ||||
| খিৰিকী | শৰ্মিষ্ঠা চক্ৰৱৰ্তী | |||
| মৌপিয়া | মৈত্ৰেয়ী পাটৰ | |||
| নীলাঞ্জনা | ||||
| দূৰ সীমনাত | মৈত্ৰেয়ী পাটৰ | |||
| বাৰ্তালাপ | মৈত্ৰেয়ী পাটৰ | |||
| অলকানন্দা | তন্ময় ক্ৰিপ্টন | |||
| অলকানন্দা (হিন্দী) | ||||
| ৰণলে’ যাওঁ | ||||
| ভালপোৱা | মৈত্ৰেয়ী পাটৰ | |||
| গানে গানে | মৈত্ৰেয়ী পাটৰ | |||
| অৱতাৰ | এজ-ওৱি-কীপ-ছাৰ্চিং | ২১ আগষ্ট, ২০২১ | ||
| মৰীচিকা | ২০২২ | |||
| কাহিনী | ভেন এম, শান্তনু গগৈ | ২০২২ | ||
| তোমালৈ বৰষা | ২০২২ | |||
| লুজিং দ্য ম’মেণ্ট | MRIK | ২০২২ | ||
| মে’ক মি বিলীভ | অনন্যা চৌধুৰী | ২০২২ | ||
| বুকু ভৰি | ২০২২ | |||
| আৰোহী | ২০২২ | |||
| মহাবাহু | মহাবাহু – দ্য ব্ৰহ্মপুত্ৰ | ২০২৩ | ||
| দ্য ক্লিনিক | ২০২৩ | |||
| মনকবিতা | তপনীত | জয় বৰুৱা, মানসকুৱাম মহন্ত | ২০২৩ | |
| উভতি দূৰ | দ্য কন্সিকুৱেঞ্চেছ | ২০২৩ | ||
| অ’ জীৱন | ২০২৩ | |||
| এনে লাগে | ২০২৩ |
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শংকুৰাজ কোঁৱৰ” প্ৰবন্ধৰ সংশোধন ৫৬৮২০৫ (৭ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।