অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কুমাৰ ভৱেশ

কুমাৰ ভৱেশ (ইংৰাজী: Kumar Bhabesh), প্ৰকৃত নাম: ভৱেশ কলিতা; জন্ম: মিৰ্জা, কামৰূপ গ্ৰাম্য) এগৰাকী অসমীয়া কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত প্ৰযোজক। তেওঁ অসমীয়া সংগীতৰ লগতে বিভিন্ন ভাষাৰ গীততো কণ্ঠদান কৰিছে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৬ ১,২৬০ শব্দ · ৭ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

কুমাৰ ভৱেশ (ইংৰাজী: Kumar Bhabesh), প্ৰকৃত নাম: ভৱেশ কলিতা; জন্ম: মিৰ্জা, কামৰূপ গ্ৰাম্য) এগৰাকী অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) কণ্ঠশিল্পী১, সুৰকাৰ আৰু সংগীত প্ৰযোজক। তেওঁ অসমীয়া সংগীতৰ লগতে বিভিন্ন ভাষাৰ গীততো কণ্ঠদান কৰিছে।২৩ ঘাইকৈ নব্বৈৰ দশকৰ শেষৰ ভাগৰপৰা বৰ্তমানলৈকে অসমীয়া আধুনিক সংগীত৪, বিহু গীত৫, চাহ জনগোষ্ঠীয় আধুনিক গীত, কথাছবি৬ আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ সংগীত জগতলৈ তেওঁ উল্লেখনীয় বৰঙনি যোগাই আহিছে। ভাৰতৰ আগশাৰীৰ অভিজাত প্ৰযোজনা প্ৰতিষ্ঠান এইচ.এম.ভি. সাৰেগামা৭ আৰু টাইমচ মিউজিকৰ৮ সৈতে চুক্তিবদ্ধ হোৱা তেওঁ অসমৰ অন্যতম শিল্পী। তেওঁৰ ১৯৯৮ চনৰ নৱেম্বৰ মাহতমুক্তিপ্ৰাপ্ত দেহাজান৯ এলবামটোৱে সেই সময়ত অসমৰ লগতে বিহাৰ, ঝাৰখণ্ড আৰু উৰিষ্যাৰ বজাৰতো অভিলেখ সংখ্যক বিক্ৰী লাভ কৰিছিল। এই এলবামৰ 'নাযাবা নাযাবা সোণ মোকে এৰি থৈ' (Najaba Najaba১০) গীতটো আজিও অত্যন্ত জনপ্ৰিয়।'। দেহাজান অসমীয়া অডিঅ' কেছেটৰ যুগৰ এক অত্যন্ত জনপ্ৰিয় আৰু ব্যৱসায়িকভাৱে সফল এলবাম আছিল। বিশেষকৈ নব্বৈৰ দশক বা ২০০০ চনৰ প্ৰথমভাগত এই এলবামে অসমৰ সংগীত জগতত এক ডাঙৰ আলোড়নৰ সৃষ্টি কৰিছিল আৰু সেই বছৰৰ সৰ্বাধিক বিক্ৰী হোৱা অসমীয়া এলবাম হিচাপে স্বীকৃতি লাভ কৰিছিল। তদুপৰি তেওঁ কণ্ঠশিল্পী জুবিন গাৰ্গৰ সৈতে যুটীয়াভাৱে গোৱা দেহাজান ২০১২১১ শীৰ্ষক বিহুসুৰীয়া বিহু এলবামে মুক্তিৰদিনাই অভিলেখসংখ্যক ৪০ হাজাৰ কেছেট বিক্ৰীৰে অসমৰ শ্ৰৱ্য বজাৰৰ ইতিহাসত এক নতুন অভিলেখ সৃষ্টি কৰিছিল। তেওঁৰ কণ্ঠই ২৫০তকৈ অধিক গীতৰ এলবামত তথা অসমীয়াৰ১২ লগতে হিন্দী ভাষা১৩, ভোজপুৰী ভাষা১৪, বঙালী ভাষা১৫, বড়ো জনগোষ্ঠী, চাহ-বাগানীয়া১৬, কোচ ৰাজবংশী / গোৱালপাৰীয়া, ৰাভা জনগোষ্ঠী ইত্যাদি ভাষাৰ গীতৰ উপৰি বৰগীত, বিহুগীত, লোকগীত, বনগীত১৭, টোকাৰী গীত, নাম, ভক্তিমূলক গীত, ইছলাম ধৰ্মৰ গীত১৮, শৰণীয়া জনগোষ্ঠীৰ গীতে১৯ প্ৰাণ পাই উঠিছে। দেহাজানৰ উপৰিও কুমাৰ ভৱেশৰ আন কেইটামান বহুল বিক্ৰী হোৱা তথা জনপ্ৰিয় এলবাম হৈছে:মাইজান (Maijaan), ৰুকছানা (Ruksana), জেউতি (Jeuti), সোণপাহী (Xunpahi), কামৰূপীয়া ছোৱালী (Kamrupia Sowali), জোনাক (Jonak)

প্ৰাৰম্ভিক জীৱন আৰু সংগ্ৰাম

কুমাৰ ভৱেশৰ জন্ম কামৰূপ জিলাৰ মিৰ্জাৰ গোপালপুৰত হৈছিল।৩ তেওঁৰ পিতৃ আছিল প্ৰয়াত চন্দ্ৰধৰ কলিতা, যি দক্ষিণ কামৰূপৰ এজন দক্ষ চৰকাৰী বাছ চালক আছিল। কুমাৰ ভৱেশৰ শৈশৱ আৰু ছাত্ৰজীৱন যথেষ্ট সংগ্ৰামৰ মাজেৰে অতিবাহিত হৈছিল। তেওঁ প্ৰাৰম্ভিক সময়ত ছয়গাঁৱৰ পাণ্টান হাইস্কুলত চাকৰি জীৱন আৰম্ভ কৰে। তাৰ আগতে তেওঁ মিৰ্জাত৩ ধাবাৰ ব্যৱসায় কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ আৰ.বি. হাইস্কুলত অধ্যয়ন কৰে যদিও সংগীত সাধনাৰ বাবে আধাতে আনুষ্ঠানিক শিক্ষা এৰে। ১৯৯৩ চনৰপৰা তেওঁ মঞ্চত লাইভ সংগীত পৰিৱেশন কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত ১৯৯৬ চনৰপৰা তেওঁৰ এলবাম মুক্তি পাবলৈ আৰম্ভ কৰে।৩ সংগীত জীৱনৰ আৰম্ভণিতে তেওঁ বিভিন্ন মঞ্চত হিন্দী গীত পৰিৱেশন কৰিছিল।২০ ১৯৯৩ চনত তেওঁ এখন মঞ্চত গীত পৰিৱেশন কৰি থাকোঁতে আয়োজকে তেওঁৰ নাম ভৱেশ কলিতাৰ সলনি কুমাৰ ভৱেশলৈ সলনি কৰে। তেতিয়াৰপৰা তেওঁ কুমাৰ ভৱেশ নামেৰে জনপ্ৰিয়।২১ ১৯৯৬ চনৰ জানুৱাৰী মাহত তেওঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ড° সংগীতা কাকতিৰ সৈতে মিলি তেওঁৰ প্ৰথম অসমীয়া শ্ৰৱ্য কেছেট পৰী বাণীবদ্ধ কৰে।৩২ ইয়াৰ পিছতে ১৯৯৭ চনত তেওঁ পুৱা আৰু প্ৰতিশ্ৰুতি নামৰ দুখন এলবাম আৰু পৰৱৰ্তী সময়ত দেহাজান২২, জেউতি, জোনাক, সোণপাহী, অনুপমা আদি এলবামত কণ্ঠদান কৰে।২২৩

পেছাদাৰী সংগীত জীৱন

এলবাম

কুমাৰ ভৱেশৰ প্ৰথম উল্লেখযোগ্য অসমীয়া এলবাম পৰী। ২০১৫ চনত প্ৰকাশিত এটা প্ৰতিৱেদন অনুসৰি, ৰীৰ পৰা আৰম্ভ কৰি তেওঁ তেতিয়ালৈকে ৭০খনতকৈ অধিক অসমীয়া এলবামত কাম কৰিছিল।২ তেওঁৰ দেহাজান এলবামৰ নাযাবা নাযাবা সোণ মোকে এৰি থৈ গীতটো বিশেষভাৱে জনপ্ৰিয় হৈছিল।২২৩২৪

অসমীয়া সংগীতৰ উপৰি কুমাৰ ভৱেশে ভোজপুৰী সংগীততো কাম কৰিছে। আসাম টাইমছৰ ২০১৫ চনৰ প্ৰতিৱেদন অনুসৰি, তেওঁৰ প্ৰথম ভোজপুৰী ভাষা এলবাম আছিল খাটিয়া হিলেলা।২২৫

  • দেহাজান (১৯৯৮): এইটো কুমাৰ ভৱেশৰ কেৰিয়াৰৰ সফল আধুনিক গীতৰ এলবাম আছিল। নাযাবা নাযাবা মোকে এৰি থৈ২৬, বিহুৰে বতৰত আছা যে লুকাই২৭ গীত দুটি সমগ্ৰ অসমতে কালজয়ী হিচাপে পৰিগণিত হয়। এই এলবামটোৰ বিপুল জনপ্ৰিয়তাৰ বাবেই অসমৰ লগতে চুবুৰীয়া ৰাজ্যতো এই এলবামৰ গীতে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৯৮ চনৰ দেহাজান এলবামটোৰ সংগীত প্ৰকাশৰ সৈতে Times Music-ৰ সম্পৰ্কও সংগীত-তথ্যভাণ্ডাৰত নথিভুক্ত হৈছে।৯৭
  • দেহাজান (২০০৮): আলপাইন প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত এই এলবামটোত তেওঁ আৰু জুবিন গাৰ্গে একেলগে কণ্ঠদান কৰিছিল। ইয়াত অন্তৰ্গত কামৰূপীয়া ছোৱালী ঐ দেখাত যে বৰ ধুনীয়া তই২৮ গীতটো সমগ্ৰ অসমতে জনপ্ৰিয় হৈছিল।২৯
  • চাহ জনগোষ্ঠীয় এলবাম: তেওঁ চাহ জনগোষ্ঠীয় আধুনিক গীতৰ এলবাম চন্দাত কণ্ঠদান কৰিছে।৩০ ইয়াৰ জনপ্ৰিয় গীতসমূহ হৈছে— নাম কি বাতা, ডলে ডলে দিল বলে, দেখলেৰে কাহাকেৰ ছবি৩০ আৰু আইগেলো কিয়ে জামানা।
  • বাটৰুৱা: অসমৰ তিনিগৰাকী বৰেণ্য কবি ক্ৰমে চন্দ্ৰকুমাৰ আগৰৱালা, শৈলধৰ ৰাজখোৱা আৰু দুৰ্গেশ্বৰ শৰ্মাৰ বিখ্যাত কবিতাসমূহক লোকগীতৰ আধাৰত সুৰ দি গীতলৈ ৰূপান্তৰ কৰা বাটৰুৱা৩১ নামৰ এটা ব্যতিক্ৰমী আৰু পৰীক্ষামূলক উচ্চমানৰ এলবাম তেওঁ নিৰ্মাণ কৰিছিল (সংগীত ব্যৱস্থাপনা: মৃণাল কান্তি)।৩২
  • অন্যান্য জনপ্ৰিয় গীত আৰু এলবাম: জুবিন গাৰ্গৰ সৈতে থকা তেওঁৰ যুটীয়া কণ্ঠৰ গানে গানে উঠলিছে প্ৰাণ, প্ৰিয়াৰ প্ৰিয়৩৩ গীত দুটাই যথেষ্ট জনপ্ৰিয়তা বুটলিছিল। ইয়াৰ উপৰি এলবাম জোনাকৰ অন্তৰ্গত নিশাৰ উচপনি, একক গীত অকলে অকলে জানানে তুমি৩৪, বগীতৰা এলবামৰ নেঘেৰি খোপাতে কপৌফুল৩৫ আৰু মাইজ়ান৩৬, ৰুকছানা৩৭, ঢুলীয়া ককাই৩৮, হীনা, শ্ৰদ্ধাঞ্জলি, বহু দিন দেখা নাই৩৯ আদি তেওঁৰ অন্যতম সৃষ্টি।

কুমাৰ ভৱেশৰ শ্ৰব্য এলবামসমূহ:-

  1. পৰী ২০
  2. পুৱা২০
  3. প্ৰতিশ্ৰুতি২০
  4. দেহাজান২০৪০
  5. জেউতি২০৪১
  6. সোণপাহী২০
  7. বাটৰুৱা৪২
  8. সৰুমাই৪৩
  9. ৰুকচানা (ইছলাম ধৰ্মৰ গীতৰ কেছেট)২০৪৪
  10. ৰোজা (ইছলাম ধৰ্মৰ গীতৰ কেছেট)৪৫
  11. এসোনা এসোনা (বাংলা ভাষাৰ এলবাম)
  12. অনুপমা৪৬৪৭
  13. পমিলি বাই৪৮
  14. কামৰূপীয়া-ছোৱালী (জুবিন গাৰ্গৰ সৈতে)৪৯
  15. জোন-তৰা
  16. জোনাক(জনপ্ৰিয় কণ্ঠশিল্পী সুনীতা ৰাওৰ সৈতে )৫০
  17. মোৰ গান
  18. বেষ্ট অফ কুমাৰ ভৱেশ
  19. মোৰ দেহাজান৫১
  20. আকৌ দেহাজান
  21. ঢুলীয়া ককাই৫২
  22. দিপাঞ্জলী৫৩
  23. যামিনী,
  24. সপোন
  25. সপোনৰ পৰী
  26. বাৰো মাসে তেৰো ফুল (গোৱালপৰীয়া গীতৰ এলবাম)৫৪
  27. কুমাৰ ভৱেশ লাইভ৫৫
  28. চেনি মিঠা (অমিতাভ বচ্চন, সুদেশ ভোঁচলে, জঁজৰ সৈতে)
  29. মনলৈ বহাগ
  30. শিহৰণ
  31. জানেমণ (হিন্দী গীতৰ এলবাম)৫৬
  32. খাটিয়া হিলেলা (ভোজপুৰী গীতৰ এলবাম)৫৭
  33. ভোজপুৰী কুমাৰ ভৱেশ (ভোজপুৰী গীতৰ এলবাম)৫৮
  34. লাজুকী বাই৫৯
  35. ৰংমনকাই৬০
  36. যুদ্ধযাত্ৰা৬১
  37. বহু দিন দেখা নাই৬২
  38. তেজীমলা
  39. পদুমণি
  40. মইনা,
  41. নেইনা
  42. অশ্বমেধ,
  43. মোৰ জান,
  44. মাইজান২০৬৩
  45. অনুভৱ
  46. বনগীত (লোকগীতৰ এলবাম)৬৪
  47. চিনাকি কুমাৰ ভৱেশ
  48. নাযাবা নাযাবা মোকে এৰি থৈ
  49. চিকুণ চেংৰি১-২-৩ (পাতি ৰাভা গীতৰ এলবাম)৬৫৬৬৬৭
  50. বাবা লংকেশ্বৰ (ভক্তিমূলক গীতৰ এলবাম)৬৮
  51. চেতনা (শৰণীয়া কছাৰী গীতৰ এলবাম)৬৯
  52. চন্দা (বাগানীয়া গীতৰ এলবাম)৭০
  53. একাঁজলি (শ্ৰদ্ধাঞ্জলি শীৰ্ষক এলবাম)৭১
  54. জলনিধি (বৰগীতৰ এলবাম)
  55. দেহাজাণ ২০১২৭২
  56. ঢোল (বিহু)৭৩
  57. নামনিৰ পিৰিতি (বিহু)
  58. শেৱালি (বিহু)
  59. বৰদৈচিলা (বিহু)৭৪
  60. পাহাৰী মইনা (বিহু)৭৫
  61. দোলা
  62. মন আৰু মৰম
  63. নাচো নাচো মন
  64. লাজুকী নাচনী
  65. ৰাধা
  66. তৰা
  67. মোৰ মন জ্বলে
  68. হীনা
  69. বিগ বেণ্ড৭৬
  70. হিয়াৰ পখিলা
  71. তোমাৰ পদুম চকুটি
  72. অভিলাষী মন
  73. বলুকা ইত্যাদি

ধাৰাবাহিক

২০১৮ চনত তেওঁ বিশিষ্ট নাট্যকাৰ তথা চলচ্চিত্ৰ পৰিচালক হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাত ৰং (দূৰদৰ্শন কেন্দ্ৰ) চেনেলত সম্প্ৰসাৰিত হোৱা ধাৰাবাহিক বকুলতলৰ আদালতৰ মূল টাইটেল ট্ৰেকটোত কণ্ঠদান কৰিছে।৭৭

ভ্ৰাম্যমাণ থিয়েটাৰ

নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ জনপ্ৰিয় ভ্ৰাম্যমাণ নাটক মই সেন্দূৰ নলওঁত তেওঁৰ বিখ্যাত গীত "মই বান্দৰ"ত কণ্ঠদান কৰিছিল।৭৮

চলচ্চিত্ৰৰ গীত

২০২৫ চনৰ ৯ মে'ত ছবিগৃহত মুক্তি লাভ কৰা অসমীয়া বোলছবি কেছেটো নগেনৰ মূল আকৰ্ষণ হিচাপে থকা টাইটেল ট্ৰেক৭৯ The Nagen Song৮০ গীতটিত কুমাৰ ভৱেশে কণ্ঠদান কৰি চলচ্চিত্ৰ সংগীতৰ জগতত অৱদান আগবঢ়ায়।৮১ কুমাৰ ভৱেশে মুনিন বৰুৱাৰ প্ৰিয়াৰ প্ৰিয়, চন্দ্ৰ মুদৈৰ ভোলা বমভোলা৮২, হিমাংশু প্ৰসাদ দাসৰ ছাকিৰা আহিব বকুল তলৰ বিহুলৈ৮৩, বুলু ফিল্ম৮৪, ২০১১ চনৰ মন, ২০১২ বৰ্ষৰ প্ৰিয়ামনি, ২০০৮ বৰ্ষৰ ধন কুবেৰৰ ধন৮৫, ২০১৮ চনৰ ভাবৰীয়া৮৬ ইত্যাদি চিনামাত কণ্ঠদান কৰাৰ উপৰি দেহাজান, চিকুণ আপী৮৭ আদি ভিচিডিত কণ্ঠদান কৰিছে।

অভিনয়

কুমাৰ ভৱেশে ২০১২ চনত এলপাইন প্ৰডাকচনৰ অধীনত নিৰ্মিত দেহাজান শীৰ্ষক ভিচিডি ছবিত অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰে। পৰৱৰ্তী সময়ত তেওঁ ৰজী প্ৰডাকচনৰ বেনাৰত নিৰ্মিত প্ৰীয়ামনি ' শীৰ্ষক ভিচিডি আৰু ২০১৮ চনত মুক্তিপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ ভাৱৰীয়াত সৰু চৰিত্ৰ এটাত অভিনয় কৰিছিল। টেলিভিছনত অভিনয় হিচাপে তেওঁ ৰং চেনেলত প্ৰচাৰিত বকুলতলৰ আদালত ' শীৰ্ষক ধাৰাবাহিক খনৰ মুখ্য গীতটিত অভিনয় কৰিছিল।

চৰকাৰী স্বীকৃতি আৰু সমাজসেৱা

  • ভাৰতৰ নিৰ্বাচন আয়োগৰ জিলা আইকন (২০২৪): ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কামৰূপ জিলা প্ৰশাসন আৰু নিৰ্বাচন বিভাগৰ (SVEEP) তৰফৰপৰা কুমাৰ ভৱেশক আনুষ্ঠানিকভাৱে কামৰূপ জিলাৰ "ব্ৰেণ্ড এম্বেছেডৰ তথা জিলা আইকন" (District Icon for SVEEP) হিচাপে মনোনীত কৰা হয়। জিলা উপায়ুক্ত কীৰ্তী জল্লীৰ উপস্থিতিত ভোটাৰ সজাগতা বৃদ্ধিৰ বাবে তেওঁ বিশেষ ভূমিকা পালন কৰে।৮৮
  • মানৱীয়তা: অসমৰ এজন জ্যেষ্ঠ তথা অসুস্থ কণ্ঠশিল্পী কুমাৰ সঞ্জীৱৰ দুৰৱস্থাৰ কথা ফেচবুক প’ষ্টৰ জৰিয়তে পোহৰলৈ আনি তেওঁ অসম চৰকাৰৰ তৰফৰপৰা এক লাখ টকাৰ তাৎক্ষণিক চিকিৎসা সাহায্য CMO-ৰপৰা লাভ কৰাই দিয়াৰ ক্ষেত্ৰত মূল হোতা হিচাপে কাম কৰিছিল।
  • তেওঁ ২০২৬ চনত উজনি অসমৰ শিৱসাগৰ জিলাত হোৱা বানপীড়িত লোকসকলৰ বাবে অৰ্থ সংগ্ৰহ কৰি সাহায্য প্ৰদান কৰিছিল।৮৯৯০
  • কোৰোণা মহামাৰীৰ সময়ত তেওঁ "কোৰোণা ভেকচিন" আৰু "নাযাবা নাযাবা ঘৰৰ বাহিৰত" শীৰ্ষক দুটি গীতেৰে ৰাইজক কোৰোণা ভেকচিন লবলৈ আৰু ঘৰৰ বাহিৰলৈ ওলাই নাযাবলৈ বাৰ্তা প্ৰেৰণ কৰিছিল।৯১
  • গুৱাহাটী মহানগৰীৰ বানপানী সমস্যাক চৰকাৰৰ আগত দাঙি ধৰিব পৰাকৈ তেওঁ গীত "বানপানী" সৃষ্টি কৰিছিল।৯২

লাভ কৰা বঁটা আৰু সন্মান

  • নুনমাটি বিহু সন্মিলন বঁটা (২০০৫):শ' সৰ্বশ্ৰেষ্ঠ পৰিৱেশনকাৰী প্ৰতিযোগিতাত প্ৰথম স্থান লাভ।
  • ইউটিউব চিলভাৰ ক্ৰিয়েটৰ বঁটা (Silver Play Button): ইউটিউবৰ তৰফৰপৰা ১ লাখ চাবস্ক্ৰাইবাৰ অতিক্ৰম কৰা চিলভাৰ মাইলষ্ট’ন বঁটা।
  • সুধাকণ্ঠ ড° ভূপেন হাজৰিকা সোঁৱৰণী সংগীত শিল্পী বঁটা (২০১৮): নগাঁও জিলাৰ কামপুৰৰ সামাজিক অনুষ্ঠান ‘আচপাচ’ৰদ্বাৰা প্ৰদত্ত।
  • জুবিন গাৰ্গ সমন্বয় বঁটা (২০২২): সন্মিলিত জনকল্যাণ মঞ্চ, পলাশবাৰীৰ তৰফৰপৰা প্ৰদত্ত।
  • কামাতাশ্ৰী বঁটা (২০২২): কামাতাপুৰ কোচ-ৰাজবংশী শিল্পী সমাজৰ উদ্যোগত ফকিৰাগ্ৰামত প্ৰদত্ত।
  • সংগীতৰত্ন ৰামধেনু বঁটা (২০২২): বিহগী মিডিয়া গ্ৰুপ, অসমৰ পূৰ্ণাংগ অধিৱেশনত প্ৰদত্ত শ্ৰেষ্ঠ শিল্পীৰ সন্মান।
  • কণ্ঠশ্ৰী বঁটা (২০২২): সংগীত গ্ৰুপ অফ ক্ৰিয়েচনৰ উদ্যোগত প্ৰয়াত বাণেশ্বৰ দেৱ শৰ্মা সোঁৱৰণী বিশেষ ৰাজ্যিক বঁটা প্ৰদান অনুষ্ঠানত ২০২২ বৰ্ষৰ সন্মানীয় কণ্ঠশ্ৰী বঁটা।
  • আন্তৰিক অভিনন্দন সন্মান (২০২৩): বৰপুখুৰী শিশুখেল সমিতি আৰু পদুমকলি সংঘ (ওদালগুৰি জিলা)ৰ সোণালী জয়ন্তী উদ্‌যাপন উপলক্ষ্য্য্যে প্ৰদত্ত।
  • ৰূপালী কণ্ঠ উপাধি: উপৰহালী কণ্টিপুৰ সুৰক্ষা সমিতিৰফালৰপৰা ২০২৩ বৰ্ষত ৰূপালী কণ্ঠ উপাধি প্ৰদান।
  • গুৱাহাটী দূৰদৰ্শন (বৰ্তমান প্ৰসাৰ ভাৰতী)ৰ গীতিমালিকা অনুষ্ঠানৰ বঁটা: গুৱাহাটী দূৰদৰ্শনৰদ্বাৰা সম্প্ৰচাৰিত গীতিমালিকা অনুষ্ঠানত সৰ্বোচ্চ অনুৰোধৰ গীতৰ গায়ক বঁটা লাভ।
  • মান বঁটা (২০১১): মিৰ্জা জ্যোতিনগৰ ৰাইজ গয়ৰহ, মিৰ্জা, কামৰূপ, অসমৰদ্বাৰা প্ৰদান কৰা মান বঁটা।

ব্যক্তিগত জীৱন

কুমাৰ ভৱেশে কামৰূপ জিলাৰ লঙ্কেশ্বৰৰ নিবাসী হিৰামনি দাসক বিয়া কৰায়।৯৩ তেওঁলোকৰ দুটি সন্তান। চানভি তেওঁলোকৰ একমাত্ৰ জীয়ৰী আৰু প্ৰিছ হল তেওঁলোকৰ পুত্ৰ।

বিতৰ্ক

২০১০ চনত হিন্দী ভাষা চলচ্চিত্ৰৰ সংগীত পৰিচালক প্ৰীতম চক্ৰৱৰ্তীৰ জোৰ কা ঝটকা গীতক লৈ কুমাৰ ভৱেশে সুৰৰ সাদৃশ্যৰ অভিযোগ উত্থাপন কৰিছিল। দ্য টাইম্‌ছ অৱ ইণ্ডিয়াৰ এক প্ৰতিৱেদন অনুসৰি, ভৱেশে অভিযোগ কৰিছিল যে গীতটোৰ মুখড়া তেওঁৰ ‘Dehati Lahi Lahi’ আৰু অন্তৰা ‘Ruksana’ গীতৰ সৈতে সাদৃশ্যপূৰ্ণ।কেইটামান গীতৰ সুৰৰ সৈতে জোৰ কা ঝটকাৰ সাদৃশ্য থকাৰ অভিযোগ কৰিছিল আৰু বিষয়টোত পৰৱৰ্তী আইনী পৰামৰ্শ লোৱাৰ কথা কৈছিল।৯৪৯৫

তথ্যসূত্ৰ

  1. ↑ Kumar Bhabesh. Nettv4u
  2. ↑ Kumar Bhabesh enthrals Kalaigaon. Assam Times
  3. ↑ Kumar Bhabesh. Axom Express
  4. ↑ Golden Collection of Kumar Bhabesh, Vol. 1. JioSaavn
  5. ↑ Bagitora Bihu Song. JioSaavn
  6. ↑ Case Tu Nagen — Original Motion Picture Soundtrack. JioSaavn
  7. ↑ Kumar Bhabesh — Songs. Saregama
  8. ↑ imdb.com/name/nm9935379/bio/?ref_=nm_ov_bio_sm
  9. ↑ Dehajan. Spotify
  10. ↑ geetsankalan.com/lyrics/Najaba_Najaba
  11. ↑ Dehajan 2012. YouTube
  12. ↑ jiosaavn.com/song/o-akash/IRgBQURaTlU
  13. ↑ open.spotify.com/album/1zIhSmKaAQ7AAds7ZX1OWT
  14. ↑ www.jiosaavn.com/song/khatiya-hilela/SSU5dDp2VWw
  15. ↑ www.jiosaavn.com/album/aigalo-kije-jamana/8hK8O2
  16. ↑ www.amazon.fr/Dekhlere-Kahaker-Sori/dp/B0H9D3FMZ
  17. ↑ gaana.com/album/bon-geet
  18. ↑ www.jiosaavn.com/album/roja/zxDedQE0ey0_
  19. ↑ www.amazon.com/dp/B072FRXK48?lv=shuf&channel
  20. ↑ Kumar Bhabesh — Biography. IMDb
  21. ↑ Kumar Bhabesh — Interview/Programme. YouTube
  22. ↑ Dehajan. GeetSankalan
  23. ↑ কুমাৰ ভৱেশ সম্পৰ্কীয় বিশেষ প্ৰতিৱেদন. Asomiya Pratidin
  24. ↑ Najaba Najaba. GeetSankalan
  25. ↑ Khatiya Hilela. JioSaavn
  26. ↑ Najaba Najaba. Apple Music
  27. ↑ Mur Hiya Jole. Apple Music
  28. ↑ Kamrupia Sowali. Apple Music
  29. ↑ জুবিন গাৰ্গ
  30. ↑ Dekhlere Kahaker Sori. Gaana
  31. ↑ Batarua. Gaana
  32. ↑ open.spotify.com/artist/5zs9Bd2l5aiZeEMZwKzx8p
  33. ↑ Priyar Priyo. Gaana
  34. ↑ Okole Okole Janane Tumi. Amazon Music
  35. ↑ Negheri Khopate Kopouphool. JioSaavn
  36. ↑ Maizan. Spotify
  37. ↑ Ruksana O Ruksana. SoundCloud
  38. ↑ gaana.com/album/dhulia-kokai
  39. ↑ Bohu Din Dekha Nai. GeetSankalan
  40. ↑ www.jiosaavn.com/album/dehajan/sLwvrE7ViHI_
  41. ↑ www.jiosaavn.com/album/jeuti-2000/DwzAkKma660_
  42. ↑ Batarua. YouTube
  43. ↑ www.jiosaavn.com/album/xhorumai/v1F6pX714ps_
  44. ↑ www.jiosaavn.com/album/ruksana-kumar-bhabesh/-u5
  45. ↑ music.apple.com/in/album/roja/1242861100
  46. ↑ music.apple.com/us/album/anupama/1514262813
  47. ↑ www.jiosaavn.com/album/anupama/3PV98gNcoZY_
  48. ↑ www.jiosaavn.com/album/pamili-bai/MYetnVoEiEk_
  49. ↑ www.jiosaavn.com/album/kamrupia-sowali/IWTOU,KFF
  50. ↑ www.youtube.com/watch?v=k7iSsb0oon8
  51. ↑ music.youtube.com/watch?v=H6YbWCsQuEQ&list=P
  52. ↑ www.jiosaavn.com/album/dhulia-kokai/F5ob3P7NDr0_
  53. ↑ www.jiosaavn.com/album/dipanjali/Tcb9doiB5aI_
  54. ↑ www.jiosaavn.com/album/baro-mase-tero-phool/3UFE
  55. ↑ www.jiosaavn.com/album/kumar-bhabesh-live/hNpZPV
  56. ↑ www.jiosaavn.com/album/janeman/X3CIDyuathc_
  57. ↑ www.jiosaavn.com/song/khatiya-hilela/SSU5dDp2VWw
  58. ↑ www.jiosaavn.com/album/bhojpuri-kumar-bhabesh/I,
  59. ↑ www.jiosaavn.com/album/lajuki-bai/oN4iYA-mph0_
  60. ↑ www.jiosaavn.com/album/rangmonkai/8HtuJYz-OHg_
  61. ↑ www.jiosaavn.com/album/yudhayatra/EncCDoxlMD4_
  62. ↑ geetsankalan.com/albums/Bohu_Din_Dekha_Nai
  63. ↑ www.jiosaavn.com/album/maijan/1EpHQvC4jr4_
  64. ↑ music.apple.com/us/album/bon-geet/6794786313
  65. ↑ www.jiosaavn.com/album/chikun-chengeri-vol.-i/UQ
  66. ↑ www.jiosaavn.com/album/chikun-chengeri-vol.-ii/5
  67. ↑ www.jiosaavn.com/album/chikun-chengeri-vol.-iii/
  68. ↑ www.jiosaavn.com/album/baba-lankeswar/SlqScjBkw5
  69. ↑ www.jiosaavn.com/album/chetana/7h9i3e-RiyQ_
  70. ↑ gaana.com/album/naam-ki-bata
  71. ↑ www.jiosaavn.com/album/akajoli/4z8YVtjSRCM_
  72. ↑ www.jiosaavn.com/album/dehajaan-2012/eJliyscO9kA
  73. ↑ www.jiosaavn.com/song/boxontor-ba-laagi/FwwOSERf
  74. ↑ open.spotify.com/track/0nM1iSUQKNiH1zOOl8t8LD
  75. ↑ www.jiosaavn.com/album/pahari-moina-2001/FHRlroQ
  76. ↑ www.jiosaavn.com/album/bigband-vol-1/K-r10y1BQpc
  77. ↑ Bakultolor Adalat — Title Track. YouTube
  78. ↑ Moi Bandar. YouTube Music
  79. ↑ www.youtube.com/watch?v=B8kKadOR_bw
  80. ↑ timesofguwahati.com/Caseto-Nagen-to-hit-theatres
  81. ↑ Case Tu Nagen. JioSaavn
  82. ↑ Bhola Bombhola Song. The Times of India
  83. ↑ Sakira Ahib Bokul Tolor Bihuloi. Spotify
  84. ↑ Bulu Film. YouTube
  85. ↑ Dhan Kuborer Dhan. YouTube
  86. ↑ Bhaworiya Song. The Times of India
  87. ↑ Chikun Api. YouTube
  88. ↑ Mascots, Icons and Theme Song to Encourage Voters' Participation in Kamrup. The Sentinel Assam
  89. ↑ www.facebook.com/share/v/1CJyoyPwrX/
  90. ↑ www.instagram.com/reel/DbaU1LgkYm-/
  91. ↑ www.etvbharat.com/assamese/assam/sitara/tv-and-t
  92. ↑ www.shazam.com/song/1631022986/baan-pani
  93. ↑ www.facebook.com/groups/853657704798360/posts/30
  94. ↑ (2010-11-22). Assamese singer Kumar Bhabesh isn't satisfied with Pritam's explanation to his plagiarism charges. The Times of India
  95. ↑ timesofindia.indiatimes.com/entertainment/hindi/

সম্পৰ্কিত শ্ৰেণী

অসমৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুমাৰ ভৱেশ” প্ৰবন্ধৰ সংশোধন ৬৩৯৩৯০ (২৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।