জ্যোতি প্ৰকাশ দাস (Jyoti Prakash Das) বা জে পি দাস (J P das) হৈছে অসমৰ এজন প্ৰতিষ্ঠিত কণ্ঠশিল্পী। অসমৰ অগণন শ্ৰোতাৰ মাজত তেওঁ জেপিদা বুলি পৰিচিত। ‘মোৰ মিনতি তৰা হয় যদি...’, ‘সন্ধিয়াৰ আকাশত...’, ‘ওৰে ৰাতি অন্ধকাৰত...’, ‘পৰিচয়বিহীন...’ আদি সৰ্বকালৰ অনেক জনপ্ৰিয় গীতৰ সুৰকাৰ হৈছে জে পি দাস। ২০২৬ চনত দাসে অসম চৰকাৰ প্ৰদত্ত ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ জয়ন্ত হাজৰিকা বঁটা লাভ কৰে।
জন্ম আৰু বংশ পৰিচয়
১৯৪৭ চনৰ ২৫ জুলাইত ডিব্ৰুগড় জিলাৰ বৰবাৰীত এটি সংস্কৃতিৱান পৰিয়ালত জে পি দাসৰ জন্ম হয়। তেওঁৰ পিতৃ ধীৰেন্দ্ৰনাথ দাস এজন অঁনাতাৰ শিল্পী আছিল। মাতৃৰ নাম বীণাপাণি দাস।১
শিক্ষা আৰু প্ৰাৰম্ভিক জীৱন
জে পি দাসে প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিল শ্বিলঙৰ ছেইণ্ট মেৰিজ স্কুলত। সংগীতানুৰাগী পিতৃয়ে তেওঁক ৮ বছৰ বয়সতে ঢাকাৰ ফুল মহম্মদ খানৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ তালিম শিকাইছিল। ক্লাছ ফ’ৰত থাকোঁতেই তেওঁ বংগীয় সাহিত্য পৰিষদৰ দ্বাৰা আয়োজিত শাস্ত্ৰীয় সংগীতৰ ‘খ’ শাখাত মালকোশ ৰাগ গাই প্ৰথম পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিল। তেওঁৰ পিতৃয়ে দশম শ্ৰেণীত এখন ইলেকট্ৰিক গীটাৰ উপহাৰ হিচাপে দিছিল। তাৰ পিছতে সমনীয়া খাচী আৰু নেপালী ল’ৰাৰ সৈতে গঢ়ি তুলিছিল এটি মিউজিকেল বেণ্ড – ‘জেট লাইনাৰ্ছ’। ১৯৬২ চনত শ্বিলং গভৰ্ণমেণ্ট হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত তেওঁ দ্বাদশ শ্ৰেণীলৈকে ছেইণ্ট এডমাণ্ড স্কুলত আৰু ১৯৬৬ চনত ছেইণ্ট এন্থনী কলেজৰপৰা বি এ সম্পূৰ্ণ কৰে। ইয়াৰ পিছত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহে।১
কৰ্মজীৱন
১৯৬৯ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰত জে পি দাসে অনুষ্ঠান কাৰ্যবাহী হিচাপে যোগদান কৰে। ২০০৮ চনৰ ২৯ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ পৰাই তেওঁ সহকাৰী কেন্দ্ৰ সঞ্চালকৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।১
সংগীত জীৱন
সংগীতত সুহুৰি ব্যৱহাৰ কৰাতো জে পি দাসৰ গীতৰ এটি বৈশিষ্ট্য।
সংগীত পৰিচালনা
বোলছবি
- পাহাৰী কন্যা (১৯৯০); পৰিচালক: মুনিন বৰুৱা
- প্ৰভাতী পখীৰ গান (১৯৯২)
- শেষ উপহাৰ (২০০২)
গীত
- মোৰ মিনতি তৰা হয় যদি...
- সন্ধিয়াৰ আকাশত...
- ওৰে ৰাতি অন্ধকাৰত...
- পৰিচয়বিহীন...
ব্যক্তিগত জীৱন
১৯৭৩ চনৰ ৩ মে’ৰ দিনা শান্তিপুৰৰ হীৰা দাসৰ লগত জে পি দাস বিবাহ পাশত আৱদ্ধ হয়। তেওঁলোকৰ তিনিও সন্তানৰ নাম হৈছে জিণ্টি, নীতিন আৰু ৰাজীৱ।১
তথ্যসূত্ৰ
- ↑ শীৰ্ষা ফুকন. (১১ মে’ ২০০৮). ভাল গান এটা শুনিলে ধুনীয়া ছোৱালী এজনীৰ প্ৰেমত পৰা যেন লাগে..: জে পি দাসৰ সৈতে শীৰ্ষা ফুকনৰ আলাপ. আমাৰ অসমৰ দেওবৰীয়া আলোচনী ‘পূৰ্বাঞ্চল’. পৃ. ২৬, ২৭ পৃ্ষ্ঠা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্যোতি প্ৰকাশ দাস” প্ৰবন্ধৰ সংশোধন ৬১৬৮২৩ (১২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।