ধনদা পাঠক (বিবাহৰ পূৰ্বে বৰ্মন; Dhanada Pathak) এগৰাকী অসমীয়া কণ্ঠশিল্পী। তেওঁ বিশেষকৈ কামৰূপী লোকগীতৰ বাবে জনাজাত। তেওঁ এগৰাকী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতি প্ৰাপ্ত কণ্ঠশিল্পী। তাৰোপৰি তেওঁ মঞ্চতো গীত পৰিবেশন কৰি আহিছে। সংগীত নাটক একাডেমী বঁটা বিজয়ী কামৰূপী লোকগীতৰ প্ৰখ্যাত কণ্ঠশিল্পী ৰামেশ্বৰ পাঠক তেওঁৰ স্বামী।১২২০২৬ চনৰ ১৭ জানুৱাৰীত অসম চৰকাৰে তেখেতক "শিল্পী বঁটা" প্ৰদান কৰে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
বৰ্তমানৰ বৰপেটা জিলাৰ ৰাউলি সত্ৰত ভাবিত চন্দ্ৰ বৰ্মনৰ ঔৰসত আৰু জয়ন্তী বৰ্মনৰ গৰ্ভত ধনদা পাঠকৰ জন্ম হয়। মাক-দেউতাকৰ তিনিজন পুত্ৰ আৰু তিনিজনী জীয়ৰীৰ ভিতৰত তেওঁ আছিল কনিষ্ঠ। তেওঁৰ দেউতাক ৰাউলি অপেৰা২ নামেৰে এটা যাত্ৰাপাৰ্টিৰ গৰাকী আছিল, যাৰ সৈতে তেওঁৰ ডাঙৰ ককায়েক যাদৱ চন্দ্ৰ বৰ্মনো সক্ৰিয়ভাবে জড়িত হৈ আছিল। স্বাভাৱিকতে তেওঁ এক সাংস্কৃতিক পৰিমণ্ডলৰ মাজত ডাঙৰ-দীঘল হয়। যাত্ৰাপাৰ্টিৰ গীত-নাচ প্ৰত্যক্ষ কৰি তেওঁৰ সাংস্কৃতিক জগতখনৰ প্ৰতি আগ্ৰহ উপজিছিল। যাত্ৰাপাৰ্টিৰ চোকৰা নাচ চাই তেওঁ নাচিবলৈ আৰু নৃত্য-ৰচনা কৰিবলৈ শিকিছিল। দেউতাক, ককায়েকহঁতেও তেওঁক এই গীত,নাচ,অভিনয়ত উৎসাহ যোগাইছিল।১
বনিয়াকুছিৰ সৰুক্ষেত্ৰী হাইস্কুলৰ পৰা তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। অসমীয়া বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰি লয় কটন বিশ্ববিদ্যালয়ৰ পৰা। স্নাতকোত্ততৰ ডিগ্ৰি লয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা। তেওঁ অসমীয়া সাহিত্য আৰু অসমীয়া ভাষাতত্ব- এই দুটা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰি লৈছিল।১
তেওঁ ভাৰতীয় খাদ্য নিগমৰ এগৰাকী চাকৰিয়াল আছিল।১
সংগীত জীৱন
১৯৭৩ চনত স্নাতক মহলাৰ তৃতীয় বৰ্ষত থাকোঁতে তেওঁ আকাশবাণী গুৱাহাটীত কণ্ঠ-সংগীতৰ অডিচন দিয়ে আৰু প্ৰথম প্ৰচেষ্টাতে উত্তীৰ্ণ হয়। অডিচনৰ বাবে প্ৰস্তুত কৰিবলৈ ধনদা পাঠকক ককায়েক হেমচন্দ্ৰ বৰ্মনে লোকগীতৰ প্ৰতিষ্ঠিত ৰামেশ্বৰ পাঠকৰ ওচৰলৈ লৈ গৈছিল। অডিচনৰ এবছৰ পিছতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলত থাকি পঢ়াশুনা কৰি থকা ধনদা পাঠকৰ সৈতে ৰামেশ্বৰ পাঠকৰ বিবাহ সম্পন্ন হয়। এই শিল্পী দম্পতিহালক অসমীয়া লোক-সংগীতৰ পুৰোধা বুলি গণ্য কৰা হয়। অনাতাঁৰ কেন্দ্ৰত গীত গোৱাৰ উপৰিও তেওঁলোকৰ এশৰো অধিক গ্ৰামফোন ৰেকৰ্ড আৰু পঞ্চাচৰো অধিক অডিঅ’ কেছেট প্ৰকাশ পাইছে। অসমৰ প্ৰায়বোৰ মুখ্যমুখ্য ঠাইত দুয়ো একেলগে গীত পৰিবেশন কৰাৰ উপৰিও দিল্লী, বেংগালুৰু, মুম্বাই, কলিকতা, ওড়িশা, হিমাচল প্ৰদেশ আদিতো মঞ্চানুষ্ঠান কৰিছে। অসমীয়া লোকগীতক দ্বৈত আৰু কোৰাচ শৈলীত পৰিবেশন কৰা তেওঁলোক প্ৰথম শিল্পী।২
পাৰিবাৰিক জীৱন
ধনদা পাঠকে ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে এখন ভলীখেলত ৰামেশ্বৰ পাঠকক প্ৰথম দেখা পাইছিল। তেওঁলোকৰ চিনা-জনা আছিল যদিও তেওঁলোকৰ বিবাহৰ পূৰ্বে কোনো প্ৰেমৰ সম্পৰ্ক সংঘটিত হোৱা নাছিল। অসমীয়া সাংস্কৃতিক জগতৰ সৈতে সম্পৰ্কিত ব্যক্তি পুৰুষোত্তম দাস, প্ৰভাত শৰ্মা আদিৰ প্ৰচেষ্টাত দুয়োৰো মাজত বিবাহ সম্পন্ন হয়। দম্পতিহাল দুজন পুত্ৰ আৰু দুজনী কন্যাৰ পিতৃ-মাতৃ। তেওঁলোকৰ কনিষ্ঠ জীয়ৰী বিৰিণা পাঠকো লোকগীত এগৰাকী প্ৰতিষ্ঠিত শিল্পী।১ ২০১০ চনত তেওঁৰ স্বামীৰ মৃত্যু হয়।
তথ্যসূত্ৰ
- ↑ অজিত ভূ়্ঞাৰ সৈতে সাক্ষাৎ. প্ৰাগনিউজ
- ↑ Manjit Kumar Sarma. A profile of Rameshwar and Dhanada Pathak. www.oocities.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধনদা পাঠক” প্ৰবন্ধৰ সংশোধন ৬১৯০৭৬ (২৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।