বৰ্ণালী কলিতা (Bornali Kalita) অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। তেওঁ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী বিহু ৰাণী। তেওঁৰ জনপ্ৰিয় সংগীত এলবামবোৰৰ ভিতৰত আছে ৰাংঢালী, মৰমজান, মাইনা, অটোগ্ৰাফী ইত্যাদি৷ তেওঁ এতিয়ালৈ ১০,০০০ৰো অধিক গান গাইছে৷১
প্ৰাৰম্ভিক জীৱন
অসমৰ ডিব্ৰুগড়ৰ নামৰূপত ডাঙৰ দীঘল হোৱা বৰ্ণালী কলিতাৰ জন্ম ১৯৭৮ চনৰ ৩১ আগষ্টত হয়।১
কৰ্মজীৱন
বৰ্ণালী কলিতাই ১৯৯৪ চনৰ পৰা গান গাবলৈ আৰম্ভ কৰে। বৰ্ণালী কলিতাই তেওঁৰ গানৰ দ্বাৰা অসমীয়া সাংস্কৃতিক উদ্যোগলৈ অৱদান আগবঢ়াইছে। তেওঁ বঙালী, গাৰো, কাৰ্বি, খাচী, বড়োৰ লগতে বহুতো ভাষাৰ গীত গাইছে। এতিয়ালৈকে তেওঁ ৮,০০০তকৈও অধিক গান ৰচনা কৰিছে।১
বঁটা আৰু সন্মান
- সুধাকণ্ঠ ড° ভূপেন হাজৰিকা বঁটা,
- অসম সাহিত্য সভাৰ অসম শিল্পী বঁটা,
- অসম লেখিকাৰ সুৰ শিল্পী বঁটা, ইত্যাদি
তথ্যসূত্ৰ
- ↑ Bornali Kalita. Biographyinsider.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰ্ণালী কলিতা” প্ৰবন্ধৰ সংশোধন ৪৫৪০৭৯ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।