অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তাৰিকুদ্দিন আহমেদ

তাৰিকুদ্দিন আহমেদ (Tarikuddin Ahmed) অসমৰ এজন গায়ক আৰু সংগীত পৰিচালক। ১৯৪৮ চনত ‘ইমান ধুনীয়া মুকুতাৰ মালা’ গীতটোৰ জৰিয়তে তেখেতে অসমৰ শ্ৰোতাৰ মাজত সমাদৰ লাভ কৰে। তেখেত আকাশবাণী গুৱাহাটী কেন্দ্ৰ এজন নিয়মীয়া সংগীত শিল্পী আছিল।

হালনাগাদ: ১২ ডিচেম্বৰ ২০২৪ ২১৮ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

তাৰিকুদ্দিন আহমেদ (Tarikuddin Ahmed) অসমৰ এজন গায়ক আৰু সংগীত পৰিচালক। ১৯৪৮ চনত ‘ইমান ধুনীয়া মুকুতাৰ মালা’ গীতটোৰ জৰিয়তে তেখেতে অসমৰ শ্ৰোতাৰ মাজত সমাদৰ লাভ কৰে। তেখেত আকাশবাণী গুৱাহাটী কেন্দ্ৰ এজন নিয়মীয়া সংগীত শিল্পী আছিল।

জন্ম

১৯২৩ চনৰ ৪ নৱেম্বৰ তাৰিখে নগাঁও জিলাত তেখেতৰ জন্ম হয়। পিতৃৰ নাম আছিল মহম্মদ চৰিফুদ্দিন আহমেদ আৰু মাতৃৰ নাম আছিল জেবিনা খাটুন।১

সংগীত জীৱন

সৰুতে পিতৃহাৰা হোৱা তাৰিকুদ্দিন আহমেদৰ সংগীতৰ ক্ষেত্ৰখনৰ লগত সম্পৰ্ক আছিল অতিকৈ মধুৰ। ভাৰতীয় ধ্ৰুপদী সংগীত জগতখনৰ বিশিষ্ট সংগীতশিল্পী ওমকাৰ নাথ ঠাকুৰ, বড়ে গোলাম আলি খাঁ, ওস্তাদ ফায়াজ খাঁ আদিৰ সংগীতৰ প্ৰতি বাৰুকৈয়ে আকৰ্ষিত হৈছিল তাৰিকুদ্দিন আহমেদে। নগাঁৱৰ সংগীত জগতখনত তেখেতৰ সহযোগী আছিল মলিন বৰা, দুৰ্গাপ্ৰসাদ ভূঁঞা, ইক্ৰামুল মজিদ (পাৰৱীন চুলতানাৰ পিতৃ) ইত্যাদি। গীতৰ যোগেদি তাৰিকুদ্দিন আহমেদ শ্ৰোতাৰ মাজত প্ৰথম পৰিচিত হয়, কমলানন্দ ভট্টাচাৰ্য্যৰ গীত ‘মোৰে ফুলনিতে উৰহি পখিলী, ফুলতে পাখি লগাই…’ গীতটিৰ যোগেদি।

১৯৪৮ চনত ক’লম্বিয়া কোম্পানীয়ে তাৰিকুদ্দিন আহমেদৰ কণ্ঠত এখন ৰেকৰ্ড (78RPM) বাণীবদ্ধ কৰে। ইয়াত সন্নিৱিষ্ট গীত ‘ইমান ধুনীয়া মুকুতাৰ মালা, ক’ত পালা তুমি দান…’-ক অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ গীতসমূহৰ ভিতৰতে ৰখা হয়। এই গীতটিৰ যোগেদিয়েই তেখেত অসমৰ সংগীতপ্ৰেমী সকলৰ মাজত এক পৰিচিত নাম হৈ পৰে। গীতটিৰ লেখক আছিল মলিন বৰা আৰু সুৰেৰে সজাইছিল দুৰ্গাপ্ৰসাদ ভূঞাই। ইয়াৰ পাছতে তেখেতে ১৯৫৪ চনত আকাশবাণী গুৱাহাটীৰ এগৰাকী নিয়মীয়া শিল্পী হিচাবে স্বীকৃতি লাভ কৰে। তাৰিকুদ্দিন আহমেদে ১৯৫৯ চনত মুক্তিপ্ৰাপ্ত পূবেৰুণ কথাছবিৰ সংগীত পৰিচালনাৰ দায়িত্ব পালন কৰিছিল।২

মৃত্যু

১৯৯০ চনৰ ২৯ আগষ্টত এইগৰাকী সংগীত শিল্পীয়ে ইহলীলা সম্বৰণ কৰে।

তথ্যসূত্ৰ

  1. ↑ Enajori.com/ Legends, আহৰণ: ২৫-০৯-২০১১
  2. ↑ rupaliparda.com, আহৰণ: ২৫-০৯-২০১১

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ কণ্ঠশিল্পীঅসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তাৰিকুদ্দিন আহমেদ” প্ৰবন্ধৰ সংশোধন ৪৫৪০৫৪ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।