পদ্মনাভ বৰদলৈ এজন ভাৰতীয় গায়ক, গীতিকাৰ, সংগীত পৰিচালক আৰু অনুষ্ঠান পৰিচালক।১ তেওঁ অসমীয়া, হিন্দী, নেপালী, বাংলা, মাৰাঠী আৰু ইংৰাজী ভাষাত গীত গাইছে। তেওঁৰ প্ৰথম হিন্দী সৃষ্টি তেৰি জ' বাতেঁ হ্যে ৰ বাবে গ্লোবেল ইণ্ডিয়ান মিউজিক একাডেমি বঁটাৰ নন-ফিল্ম শাখাত মনোনয়ন লাভ কৰিছিল.২৩ এই শাখাত মনোনয়ন লাভ কৰা পদ্মনাভ, অংগৰাগ মহন্তৰ পিছৰ দ্বিতীয়জন অসমীয়া ব্যক্তি।৪
জীৱনৰ আৰম্ভণিৰ সময়
পদ্মনাভ বৰদলৈৰ ১৯৮৮ চনৰ ২৪ আগষ্টত গুৱাহাটীত জন্ম হয়। তেওঁ প্ৰয়াত বিপুল শৰ্মা আৰু প্ৰণিতা শৰ্মাৰ পুত্ৰ। তেওঁ হিন্দুস্তানী ক্লাচিকেল আৰু পাশ্চাত্য সংগীতৰ প্ৰশিক্ষণপ্ৰাপ্ত।৫
কেৰিয়াৰ
ইণ্ডিয়ান আইডলৰ প্ৰথমজন অসমীয়া ফাইনেলিষ্ট পদ্মনাভ পিছলৈ জি টিভি সাৰেগামাপাৰ ফাইনেলিষ্ট হৈছিল ৬ তেওঁৰ প্ৰথম অসমীয়া একক কণ্ঠৰ এলবাম ধ্বনি ২০১০ চনত মুক্তি দিয়া হৈছিল। তেওঁ এজন গীতিকাৰ আৰু সংগীত পৰিচালক হিচাপে তেওঁৰ দ্বি-ভাষিক এলবাম ৰাস্তে (আলিবাট)ৰ সৈতে আত্মপ্ৰকাশ কৰিছিল।৭
সন্মান আৰু প্ৰাপ্তি
- চ'নী টিভিৰ ইণ্ডিয়ান আইডল চিজন-৩ৰ প্ৰতিযোগী হোৱা উত্তৰ পূৰ্ৱৰ প্ৰথমজন ব্যক্তি
- জীটিভিৰ সা ৰে গা মা পা ২০১২-ৰ প্ৰথম ৮ ফাইনেলিষ্ট
- আকাশবাণীৰ ২০০৪ চনত অনুজ্ঞাপ্ৰাপ্ত সুগম সংগীত/আধুনিক গীতৰ কণ্ঠশিল্পী
- ২০০৮ চনৰ Young Achievers Award প্ৰাপ্ত
- তেৰি জ' বাতেঁ হ্যে ৰ বাবে গ্লোবেল ইণ্ডিয়ান মিউজিক একাডেমি বঁটাৰ নন-ফিল্ম শাখাত মনোনয়ন লাভ
- Ramdhenu Viewers Choice Awards 2016ত শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা লাভ
ডিস্ক'গ্ৰাফী
- ধ্বনি (২০১০)
- ৰাস্তে (আলিবাট) (২০১৪)
- দিহিং দিচাং ডিমৰু (২০১৬)
- ''তেৰি জ' বতেঁ হ্যে'
''
- আগুৱাই যাওঁ আমি
- দিলকশী
- বিহু মাৰোঁগৈ আহ
- জোনাকে বিচাৰে
- অ' বোলো ৰৈ যা
- ৰুমঝুম
- বগাকৈ ধুনীয়া (দ্বৈত কণ্ঠৰ গীত)
- আই এম ইন লাভ (অসমীয়া আধুনিক গীত)
- তুমি পুৱাৰ ৰ'দালি (আৱাহন থিয়েটাৰ ২০১২)
তথ্যসূত্ৰ
- ↑ Padmanav Bordoloi Concert in UK. assamtimes.org
- ↑ Non-Film Nominees. GIMA
- ↑ Padmanav Bordoloi Nominated for GIMA 2016. Guwahati. vibesnortheast.in
- ↑ Padmanav Bordoloi nominated for Gobal Indian Music Academy Award. Guwahati. The North-East Today
- ↑ Padmanav Bordoloi Concert in UK. assamtimes.org
- ↑ In Conversation with a man with golden voice:Padmanav Bordoloi. kaustabhbchakraborty.blogspot.in
- ↑ Padmanav Bordoloi releases his first Bihu xuriya album dihing disang dimoru. Guwahati. Magical Assam
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদ্মনাভ বৰদলৈ” প্ৰবন্ধৰ সংশোধন ৫৩০৩৪৪ (৫ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।