অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নীলিমা খাতুন

নীলিমা খাতুন অসমৰ এগৰাকী কণ্ঠশিল্পী। তেখেতে অসমীয়া ছবি, অনাতাঁৰ কেন্দ্ৰ আৰু গ্ৰামফোনত গীত গোৱাৰ উপৰিও মঞ্চতো গীতৰ অনুষ্ঠান পৰিবেশন কৰিছে। কুৰি শতিকাৰ সত্তৰ, আশীৰ দশকত তেখেতে ছবি আৰু অনাতাঁৰত গোৱা বহুকেইটা গীত শ্ৰোতাৰ মাজত প্ৰভূত জনপ্ৰিয়তা লাভ কৰিছিল।

হালনাগাদ: ২৯ নৱেম্বৰ ২০২৪ ২৭৬ শব্দ · ২ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

নীলিমা খাতুন অসমৰ এগৰাকী কণ্ঠশিল্পী। তেখেতে অসমীয়া ছবি, অনাতাঁৰ কেন্দ্ৰ আৰু গ্ৰামফোনত গীত গোৱাৰ উপৰিও মঞ্চতো গীতৰ অনুষ্ঠান পৰিবেশন কৰিছে। কুৰি শতিকাৰ সত্তৰ, আশীৰ দশকত তেখেতে ছবি আৰু অনাতাঁৰত গোৱা বহুকেইটা গীত শ্ৰোতাৰ মাজত প্ৰভূত জনপ্ৰিয়তা লাভ কৰিছিল। তেখেতে শিক্ষকতাৰ বৃত্তি গ্ৰহণ কৰে আৰু এগৰাকী কৃতি শিক্ষক ৰূপে ৰাজ্যিক শিক্ষক বঁটাও লাভ কৰে।১

শৈশৱ আৰু কৰ্মজীৱন

নীলিমা খাতুনৰ জন্ম হয় অসমৰ কামৰূপ জিলাৰ ৰঙিয়াত। তেখেতৰ দেউতাক আছিল ভাৰতীয় ৰে’লৰ এগৰাকী কৰ্মচাৰী। খাতুনে হাইস্কুলীয়া শিক্ষা ৰঙিয়া হাই মাদ্ৰাছা (পিছলৈ ৰঙিয়া মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়) আৰু কলেজীয়া শিক্ষা ৰঙিয়া মহাবিদ্যালয়ত গ্ৰহণ কৰে। তাৰপিছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনৈতিক বি়জ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লয়। ১৯৭৭ত তেখেতে গুৱাহাটীৰ লাখটকীয়াৰ বাসিন্দা, বৃত্তিত অভিযন্তা আফতাব হুছেইনৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১

বিবাহৰ পিছত খাতুনে শিক্ষকতাৰ কামত সোমায়। তেখেতে গুৱাহাটীৰ ভৰলুমুখৰ কালিৰাম মেধি ছোৱালী হাইস্কুলৰ পৰা অধ্যক্ষা ৰূপে অৱসৰ গ্ৰহণ কৰে। অসম চৰকাৰৰ ‘ৰাজ্যিক শিক্ষক বঁটা’ লাভ কৰা খাতুন এগৰাকী কৃতি শিক্ষক আছিল।১

সঙ্গীত জীৱন

এটা সাক্ষাৎকাৰত কণ্ঠশিল্পী নীলিমা খাতুনে সৰুৰে পৰা এগৰাকী অনাতাঁৰ শিল্পী হোৱাৰ আশা পুহি ৰখাৰ কথা ব্যক্ত কৰে। ঘৰখনতো এটা সঙ্গীতৰ পৰিবেশে বিৰাজ কৰিছিল। তেখেতৰ সঙ্গীতৰ আদিগুৰু তেখেতৰ মাতৃ, যিয়ে খাতুনক দীপালী বৰঠাকুৰৰ গীতসমূহ শিকাইছিল। তেখেতৰ সঙ্গীতৰ গুৰুসকলৰ অন্যতম আছিল সুবীৰ মুখাৰ্জী, নিৰোদ চৰকাৰ আৰু বীৰেন ফুকন। ১৯৭০ৰ পৰা তেখেত আকাশবাণীৰ নিয়মীয়া কণ্ঠশিল্পী হৈ পৰে। তেখেতে ৫খন অসমীয়া ছবিতো কণ্ঠদান কৰে। সেইকেইখন হ’ল- হৃদয়ৰ প্ৰয়োজন, সোণতৰা, পৰিণাম, ওপজা সোণৰ মাটি (চলচ্চিত্ৰ) আৰু তুমিয়ে মোৰ কল্পনাৰ।১

নীলিমা খাতুনৰ কেইটামান জনপ্ৰিয় গীত-১

  1. নদী মাথোঁ বয় কালৈকো নৰয়, বাধা দি ৰাখিব কোনে
  2. চজিনা ফুলৰ পাহে পাহে
  3. মোৰ দুচকুলে’ চোৱা ঘনে ঘনে
  4. তুমি আহিবা বুলি বাৰে বাৰে মই
  5. ক’ৰ বাটৰুৱা চিনাকি যেন লাগিছে
  6. অ’ পখী আৰু নুশুনাবি
  7. জেতুকা পাতেৰে দুহাত বোলালি
  8. মোৰ জীৱনৰ মাধৱী লতা
  9. টুন টুন টুনী চৰাই।
  10. ভৰিৰ নূপুৰ
  11. তোমাৰ মৰমে

বাহ্যিক সংযোগ

নীলিমা খাতুনৰ গীত উপলব্ধ হোৱা কেইটামান ৱেবচাইট

তথ্যসূত্ৰ

  1. ↑ প্ৰণৱকুমাৰ শৰ্মা. (২০১৫). সাক্ষাৎকাৰত নীলিমা খাতুন. বিস্ময়

সম্পৰ্কিত শ্ৰেণী

অসমৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলিমা খাতুন” প্ৰবন্ধৰ সংশোধন ৪৪৯৫৩২ (২৯ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।