কুইন হাজৰিকা (জন্ম: ১৬ অক্টোবৰ ১৯৭৬) এগৰাকী ভাৰতীয় গায়িকা১ আৰু অভিনেত্ৰী। তেওঁৰ ঘৰ অসমৰ লখিমপুৰ জিলা জিলাত। তেওঁ কণ্ঠ প্ৰদান কৰা কেইখনমান অসমীয়া বোলছবিৰ ভিতৰত গৰম বতাহ, মন, চুৰেণ চোৰৰ পুতেক (চলচ্চিত্ৰ) আৰু স্নেহ বন্ধন অন্যতম। তেওঁ ২০১৩ চনত ৰটাৰী য়ং এশ্বিভাৰ এৱাৰ্ডেৰে সন্মানিত২ হোৱাৰ লগতে ২০১৩ চনতে প্ৰাগ চিনে এৱাৰ্ডৰ শ্ৰেষ্ঠ মহিলা গায়িকাৰ বাবে মনোনীত হৈছিল।৩
প্ৰাক জীৱনকাল আৰু কেৰিয়াৰ
কুইন হাজৰিকাৰ জন্ম অসমৰ এখন সৰু চহৰ লখিমপুৰ জিলাত আৰু পিতৃ মাতৃ ক্ৰমে ৰাজ হাজৰিকা আৰু উষা গগৈ হাজৰিকা। স্কুলীয়া শিক্ষা লখিমপুৰৰে ছেইণ্ট মেৰীজ হাইস্কুলৰ পৰা সমাপ্ত কৰাৰ পিছত গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। সৰুৰে পৰাই সংগীত আৰু নাটকৰ চখ থকা হাজৰিকাই চাৰি বছৰ বয়সতে তেওঁৰ প্ৰথম প্ৰদৰ্শন আগবঢ়াইছিল৩। ভালেমান অসমীয়া আৰু হিন্দী ছবিত তেওঁ গান গোৱাৰ লগতে অভিনয়ো কৰিছে। দূৰদৰ্শন, অল ইণ্ডিয়া ৰেডিঅ, ইউনিচেফ আদিৰ দ্বাৰা প্ৰযোজিত বহু ডকুমেণ্টৰীতো তেওঁ কণ্ঠ নিগৰাইছে। তদুপৰি ডিৱাই ৩৬৫, ফ’কাছ এন ই, নিউজ লাইভৰ কিছু অনুষ্ঠানো তেওঁ সঞ্চালনা কৰিছে। ২০১২ চনত তেওঁ অসমীয়া বোলছবি সূৰ্যাস্তৰ বাবে অভিনয়ৰ প্ৰস্তাৱ লাভ কৰে।৪
অনন্ত নন্দী, জিম অংকন ডেকা আৰু ঋত্বিকা ভট্টাচাৰ্যৰ আৰু কুইন হাজৰিকাই মিলি সৃষ্টি কৰা 'আৱাজ- স্পিক আপ এগেইনষ্ট ছেক্সুৱেল ভায়’লেন্স'-এ ইতিমধ্যে বিভিন্ন চিনেমা আৰু সংগীতৰ মহোৎসৱত বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।৫৬
বঁটা আৰু সন্মান
- ৰ’টাৰী যুৱ প্ৰতিভা বঁটা, ২০১৩
- প্ৰাগ চিনে এৱাৰ্ডৰ শ্ৰেষ্ঠ মহিলা গায়ক বঁটাৰ বাবে মনোনীত, ২০১৩
ফিল্ম'গ্ৰাফী
| বৰ্ষ | ছবি | ভাষা | ভূমিকা | ||||
|---|---|---|---|---|---|---|---|
| গায়ক | অভিনয় | ৰচক | পৰিচালক | প্ৰযোজক | |||
| ২০০১ | গৰম বতাহ | অসমীয়া | |||||
| ২০০২ | মন | অসমীয়া | |||||
| ২০০৫ | চুৰেণ চোৰৰ পুতেক (চলচ্চিত্ৰ) | অসমীয়া | |||||
| স্নেহ বন্ধন | অসমীয়া | ||||||
| ২০১১ | আকাশ চুবলৈ মন | অসমীয়া | |||||
| ২০১৩ | সূৰ্যাস্ত | অসমীয়া | |||||
| ২০১৫ | অৱতৰণ | অসমীয়া | |||||
| ২০১৫ | অকস্মাৎ - out of the blue | অসমীয়া |
ডিস্ক’গ্ৰাফী
- ছবি
- স্বৰ্গদেউ
- শক্তি অভিমান
সংগীতৰ ভিডিঅ'
গীত
- আৱাজ- স্পিক আপ এগেইনষ্ট ছেক্সুৱেল ভায়’লেন্স (২০১২)৯
- কি নাম দি মাতিম (২০১২)
- সাৰে আছোঁ (২০১৫)১০
- মোৰ আন্ধাৰ নিশাৰ(২০০৩)
দূৰদৰ্শনৰ অনুষ্ঠান
- Dil Ka Connection (NE TV)
- Your Request Our Pleasure (NE TV)
- Songs on Demand (NE TV)
- Good Life (News Live)
বাহ্যিক সংযোগ
- ৱেবছাইট
- Queen Hazarika at MTV
- Queen Hazarika at Last.fm
তথ্যসূত্ৰ
- ↑ Singing to glory, Eastern Chronicle
- ↑ Young activists honoured, Assam Times
- ↑ Queen Hazarika - a voice to reckon with. North-East India
- ↑ Meet Singer-Actor Queen Hazarika, G-plus
- ↑ Assamese musician launches album on violence against women. Business Standard
- ↑ Song against sex crimes remembers Delhi girl. The Telegraph (Calcutta)
- ↑ ChaiTunes releases the first music video as a tribute to Assamese writer duo, Merinews.com
- ↑ Voice of Conscience, Khaleej Times
- ↑ Aawaz - the message, Indiearth
- ↑ Chaitunes to release the first music video - a tribute to Assamese writer duo, Musicmalt.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুইন হাজৰিকা” প্ৰবন্ধৰ সংশোধন ৫৫৭২২৬ (২৫ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।