অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিউটি শৰ্মা বৰুৱা

বিউটি শৰ্মা বৰুৱা (জন্ম ১৮ জুন ১৯৫১) এগৰাকী ভাৰতীয় সংগীতশিল্পী। তেওঁ অসমীয়া আধুনিক গীত, লোকগীত, ভাৰতীয় শাস্ত্ৰীয় সংগীত, গজল, ভজন পৰিবেশনৰ বাবে বিখ্যাত। মেলডি কুইন হিচাপে খ্যাত বিউটি বাইদেউয়ে দূৰদৰ্শন, ৰেডিঅ', এলবাম আৰু অন্যান্যত প্ৰায় ১০০০ গীত গাইছে।

হালনাগাদ: ১২ ডিচেম্বৰ ২০২৪ ২৯৫ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

বিউটি শৰ্মা বৰুৱা (জন্ম ১৮ জুন ১৯৫১) এগৰাকী ভাৰতীয় সংগীতশিল্পী। তেওঁ অসমীয়া আধুনিক গীত, লোকগীত, ভাৰতীয় শাস্ত্ৰীয় সংগীত, গজল, ভজন পৰিবেশনৰ বাবে বিখ্যাত। মেলডি কুইন হিচাপে খ্যাত বিউটি বাইদেউয়ে দূৰদৰ্শন, ৰেডিঅ', এলবাম আৰু অন্যান্যত প্ৰায় ১০০০ গীত গাইছে। তেওঁ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু প্ৰজ্ঞাসুন্দৰী দেৱীৰ আজু নাতিনী। তেওঁ ১৯৭৬ চনত সাহিত্যিক আৰু গীতিকাৰ দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ লগত বিবাহপাশত আবদ্ধ হৈছিল।১২

প্ৰাৰম্ভিক জীৱন

১৯৫১ চনৰ ১৮ জুন তাৰিখে গোলাঘাট জিলাৰ ডফলাটিং চাহ বাগিচাত বিউটি বৰুৱাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ভুৱেনশ্বৰ বৰুৱা চাহ বাগিচাৰ মেনেজাৰ আছিল আৰু নিৰ্মলা দেৱী।

তেওঁ তিনি বছৰ বয়সতে প্ৰথমতে যোৰহাটত সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল। ১৯৫৮ চনত ৭ বছৰ বয়সতে ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুয়ে তেওঁক সম্বৰ্ধনা জনাইছিল। ৯ বছৰ বয়সত তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীত শিকিছিল। প্ৰথমতে তেওঁ কিৰাণা ঘৰণা আৰু পিছলৈ ইন্দোৰ ঘৰাণাৰ শাস্ত্ৰীয় সংগীত শিকিছিল।

কৰ্মজীৱন

১৯৬০ৰ দশকত তেওঁ আকাশবাণী গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট আৰু শ্বিলংৰ লগত জড়িত আছিল। সেই সময়ত তেওঁ ভজন, গজল আৰু ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বাবে বেছি জনাজাত আছিল। আকাশবাণী গুৱাহাটীত গোৱা তেওঁৰ প্ৰথম গীতটো হল তোমালৈ মনত পৰে। জিতু তপনৰ সংগীত আৰু নুৰুল হকৰ কথাৰ এই গীত তেওঁ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ লগত গাইছিল। তেওঁ ঘাইকৈ অসমীয়া সংগীতত শাস্ত্ৰীয় ৰাগৰ ব্যৱহাৰৰ বাবে বিখ্যাত হৈছিল।

১৯৭৬ চনত তেওঁ গীতিকাৰ আৰু কবি দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ লগত বিবাহপাশত আবদ্ধ হয়। তাৰ পিছত অসমীয়া লোক-সংগীত আৰু লঘু শাস্ত্ৰীয় সংগীতৰ এক নতুন ধাৰাৰ আৰম্ভ হৈছিল। সেই সময়তে তেওঁলোকৰ মাহ হালধিৰে, ঘৰমুৱা পক্ষী, সিপাৰে যমুনাৰ, দেৱী বুলি মাতিছিলোঁ, দীঘল কৈ উৰণি, উজনি মুৱা ৰে'ল গাড়ী আদি কালজয়ী গীতৰ সৃষ্টি হৈছিল। বিউটি শৰ্মা বৰুৱায়ে বৰ্তমানলৈ দ্বিজেন্দ্ৰ মোহন শৰ্মায়ে লিখা প্ৰায় ৩০০ গীত গাইছে।

বিউটি শৰ্মা বৰুৱা আৰু দ্বিজেন্দ্ৰ মোহন শৰ্মা, ১৯৮৯
বিউটি শৰ্মা বৰুৱা আৰু দ্বিজেন্দ্ৰ মোহন শৰ্মা, ১৯৮৯ছবি: Satasurya · CC BY-SA 3.0

১৯৮০ৰ দশকত বিউটি শৰ্মা বৰুৱায়ে অলকানন্দ সংগীত বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। ২০০৫ চনত তেওঁৰ স্বামীৰ মৃত্যু হয়। ২০০৭ চনত তেওঁ শিশু সকলৰ বাবে ওমলা ঘৰৰ গীত নামৰ এখন কিতাপ প্ৰকাশ কৰিছিল। তেওঁ দূৰদৰ্শন আৰু আকাশবাণীৰ কেইবাটাও সংগীতিক অনুষ্ঠান প্ৰযোজনা কৰিছিল। ইয়াৰ লগতে তেওঁ কেইখনমান অসমীয়া ধাৰাবাহিকত অভিনয়ো কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ (26 July 2007). Dwijendra Mohan Sharma. The Daily Telegraph
  2. ↑ Enajori. (21 September 2004). Musical Minds. Enajori

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিউটি শৰ্মা বৰুৱা” প্ৰবন্ধৰ সংশোধন ৪৫৪০৫৭ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।