অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দুলাল মানকি

দুলাল মানকি (Dulal Manki, জন্ম: ১৯৬৪) এগৰাকী অসমৰ লোকশিল্পী তথা সংগীতজ্ঞ। তেওঁ অসমৰ চাহ জনগোষ্ঠীৰ পাৰম্পৰিক লোকসংগীতৰ এগৰাকী শিল্পী। ঝুমুৰ গীতৰ বিশেষ পাৰদৰ্শিতাৰ বাবে তেওঁক ঝুমুৰ সম্ৰাট বুলি কোৱা হয়।

হালনাগাদ: ৩১ অক্টোবৰ ২০২৬ ১৬০ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

দুলাল মানকি (Dulal Manki, জন্ম: ১৯৬৪) এগৰাকী অসমৰ লোকশিল্পী তথা সংগীতজ্ঞ। তেওঁ অসমৰ অসমৰ চাহ জনগোষ্ঠীৰ পাৰম্পৰিক লোকসংগীতৰ এগৰাকী শিল্পী। ঝুমুৰ গীতৰ বিশেষ পাৰদৰ্শিতাৰ বাবে তেওঁক ঝুমুৰ সম্ৰাট বুলি কোৱা হয়। তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০২১ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।১

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৬৪ চনত তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ ধয়েদাম চাহ বাগিচাত দুলাল মানকিৰ জন্ম হৈছিল।২ তেওঁৰ পিতৃ মথুৰ চন্দ্ৰ মানকি আৰু মাতৃ যশোদা মানকি। মথুৰ চন্দ্ৰ মানকি ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত ব্ৰিটিছ ৰাজৰ সেনাবাহিনীত কৰ্মৰত আছিল। তাৰপিছত তেওঁ সেই চাকৰি এৰি চাহ বাগিচাৰ চাকৰিত যোগদান কৰে। তাৰপিছত তেওঁ চাকৰিৰ পৰা সেৱানিবৃত হৈ ধয়েদাম চাহ বাগিচাৰ সমীপৰ বৰসাপজানৰ কেঁচুগুৰি গাঁৱত ঘৰ বান্ধি নিগাজিকৈ থাকিবলৈ লয়। তেওঁলোকৰ চাৰিজন পুত্ৰ আৰু তিনিগৰাকী কন্যা সন্তান।৩

দুলাল মানকিয়ে ধয়েদাম চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। তাৰপিছত তেওঁ বৰসাপজান হাইস্কুলত শিক্ষা গ্ৰহণ কৰে। হাইস্কুলীয়া শিক্ষা শেষ হোৱাৰ পিছত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত ডুমডুমা মহাবিদ্যালয়ত নামভৰ্তি কৰে। আশীৰ দশকত অসম আন্দোলনৰ সময়ত অশান্ত পৰিস্থিতিৰ বাবে তেওঁ শিক্ষা আধাতে সামৰে।৩

সংগীত জীৱন

দুলাল মানকিৰ এক সাংগীতিক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ এগৰাকী লোকসংগীত শিল্পী আছিল আৰু চাহ জনগোষ্ঠীৰ পৰম্পৰাগত গীতৰ পাৰ্গত আছিল। তেওঁ পিতৃৰ পৰা সংগীতৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল। প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোঁতে তেওঁক শিক্ষক কমল চন্দ্ৰ পাদুমে বেঞ্চৰ ওপৰত থিয় কৰাই গীত গোৱাইছিল। পৰিয়াল, বন্ধুবৰ্গ আৰু শিক্ষকৰ উৎসাহ পাই তেওঁ সংগীতৰ ক্ষেত্ৰখনলৈ আগবাঢ়ে। তাৰপিছত তেওঁ গুৰু মুনীন্দ্ৰ দেৱৰ ওচৰত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ আনুষ্ঠানিক শিক্ষা লাভ কৰে।৩

১৯৭৬ চনত তেওঁ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ 'চাহ বনুৱাৰ আচাৰ' অনুষ্ঠানত গীত গাবলৈ নিমন্ত্ৰণ লাভ কৰে। ১৯৮২ চনত তেওঁ 'চাহ জনজাতিৰ লোকগীত' নামেৰে অসমৰ চাহ জনগোষ্ঠীৰ লোকগীতৰ সংগ্ৰহৰ প্ৰযোজনা কৰিছিল। ভূপেন উজীৰে পৰিচালনা কৰা এয়া তেওঁৰ প্ৰথম বাণী বন্ধন আছিল। তাৰপিছত তেওঁ কেইবাটাও গীতত কণ্ঠদান কৰে।৩

২০১৩ চনত মুক্তি লাভ কৰা এমটিভি কোক ষ্টুডিঅ' চিজন ৩ৰ 'ঝুমুৰ - কি টকে বান্ধি দেলাই' নামৰ জনপ্ৰিয় গীত তেওঁ অংগৰাগ মহন্ত আৰু সীমান্ত শেখৰৰ সৈতে পৰিবেশন কৰিছিল।

কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱেৰৰ পৃষ্ঠপোষকতাত মৰাণত অনুষ্ঠিত কেন্দ্ৰীয় কৰম পূজা অনুষ্ঠানত আনুষ্ঠানিকভাৱে তেওঁক ঝুমুৰ সম্ৰাট উপাধি প্ৰদান কৰা হয়।৩

ব্যক্তিগত জীৱন

২০০৪ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে দুলাল মানকিয়ে শিৱসাগৰ জিলাৰ নাজিৰাৰ নিমা মানকিৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আছে।৩

বঁটা আৰু সন্মান

দুলাল মানকিয়ে অসমৰ চাহ জনগোষ্ঠীৰ পৰম্পৰাগত লোকসংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্যসমূহ হ’ল:

  • শ্ৰীমন্ত শংকৰদেৱ: শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী, প্ৰাগ চিনে বঁটা, ২০০৯
  • 'ঝুমুৰ গুৰু' উপাধি, পূব প্ৰান্তীয় সংস্কৃতিক কেন্দ্ৰ, কলিকতা, ২০১০
  • ড॰ উপেন্দ্ৰ কাকতি বঁটা,২০১৩২
  • কাল্চাৰেল আইকন বঁটা, এপিপিএল ফাউণ্ডেশ্যন, ২০১৮২
  • কলা শিতানত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী, ২০২১৪

তথ্যসূত্ৰ

  1. ↑ (25 January 2021). Shinzo Abe, Tarun Gogoi, Ram Vilas Paswan among Padma Award winners: Complete list. The Times of India
  2. ↑ Icon Awards 2018. applfoundation.in
  3. ↑ (31 March 2019). Jhumuir Samrat Dulal Manki. JEET SR
  4. ↑ দুলাল মানকীক পদ্মশ্ৰী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ কৃতজ্ঞতা জ্ঞাপন আটছাৰ. জনমভূমি

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিচাহ জনগোষ্ঠীৰ ব্যক্তিঅসমৰ কণ্ঠশিল্পীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দুলাল মানকি” প্ৰবন্ধৰ সংশোধন ৫২১০৫২ (২৭ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।