মানস ৰবীন (Manas Robin) অসমৰ এজন আগশাৰীৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰু সংগীত পৰিচালক। মূলতঃ তেওঁ লোকসংগীত আৰু পপ সংগীত পৰিৱেশন কৰে। তেওঁ বহুতো জনপ্ৰিয় অসমীয়া বোলছবিৰ গীত, অসমীয়া থলুৱা লোক সংগীত আৰু বিহু সুৰীয়া গীতৰ এলবামত সংগীত পৰিচালনা কৰি অসমীয়া সংগীত জগতত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। তেওঁৰ অৱদান অসমীয়া সংগীত জগতত অনস্বীকাৰ্য।১
ব্যক্তিগত জীৱন
মানস ৰবীনৰ জন্ম হয় ১৯৭৬ চনৰ ৩ ডিচেম্বৰত শিৱসাগৰত। তেওঁৰ পিতৃৰ নাম আছিল ৰবীন্দ্ৰনাথ গগৈ আৰু মাতৃ আছিল তিলবালা দিহিঙীয়া। মানস ৰবীনৰ প্ৰকৃত নাম মানস জ্যোতি গগৈ। তেওঁৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয় ২৩৩ নং নিমাইজান প্ৰাথমিক বিদ্যালয়ৰ পৰা। তাৰ পিছত তেখেতে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয়। উচ্চ শিক্ষা তেখেতে যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ পৰা গ্ৰহণ কৰে।
বৃত্তিগত জীৱন
মানস ৰবীনে সংগীতৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰে ১৯৯৫ চনত মুউজিক মেকাৰ্চৰ বেনাৰত মুক্তি প্ৰাপ্ত একক এলবাম 'নীহাৰিকা'ৰ জৰিয়তে২। ১৯৯৯ চনত মুক্তিপ্ৰাপ্ত এলবাম বৰষাৰ জৰিয়তে তেখেতে জনপ্ৰিয়তা লাভ কৰে। তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতে অসমৰ বৃহৎ সংগীত প্ৰডাকচন হাউচ এন কে প্ৰডাকচনৰ লগত চুক্তিবদ্ধ হৈ জুবিন গাৰ্গৰ সৈতে বহুকেইখন বিহ সুৰীয়া গীতৰ এলবাম কৰে। পৰৱৰ্তী পৰ্যায়ত তেওঁ নিজা প্ৰডাকচন মানস ৰবীন প্ৰডাকচন গঠন কৰে। এই বেনাৰতে নিৰ্মিত তেখেতৰ সংগীত পৰিচালনাৰ 'জোনবাই' নামৰ বিহু সুৰীয়া ভিচিডি এলবামখনে দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয় হৈছিল। এই এলবামৰ কেইবাটাও খণ্ড নিৰ্মাণ কৰা হৈছিল। ইয়াৰোপৰি 'পখিলা' আৰু 'লেফাফা' তেওঁৰ দ্বাৰা সংগীত পৰিচালিত অন্যতম জনপ্ৰিয় এলবাম।
সংগীত পৰিচালক হিচাপে ভূমিকা
| অসমীয়া চলচ্চিত্ৰ | |||
|---|---|---|---|
| বৰ্ষ | কথাছবি | পৰিচালক | অন্যান্য তথ্য |
| ১৯৯৯ | প্ৰিয়া অ' প্ৰিয়া | অঞ্জন কলিতা | |
| ২০০২ | এয়েই জোনাক বিহীন জীৱন | মুন্না আহমেদ | |
| ২০০২ | ককাদেউতাৰ ঘৰ-জোঁৱাই | সুমন হৰিপ্ৰিয়া | |
| ২০০৩ | উজনিৰ দুজনী গাভৰু | চন্দ্ৰ মুদৈ | |
| ২০০৩ | বৰলা সংসাৰ | অচ্যুত ভাগৱতী | |
| ২০০৪ | ৰংমন | অমল বৰুৱা | |
| ২০০৪ | কাদম্বৰী | বাণী দাস | |
| ২০০৭ | জিলমিল জোনাক | শিবানন বৰুৱা | |
| ২০১১ | অপৰাজিতা | মুন মুস্তাক | |
| ২০১৮ | ককাইদেউ বিন্দাছ | ধ্ৰুৱ জ্যোতি বৰদলৈ |
বঁটা আৰু সন্মান
| + | |||||
| বৰ্ষ | মনোনীত কৰ্ম | শ্ৰেণী | বঁটা | ফলাফল | টোকা |
|---|---|---|---|---|---|
| ১৯৯৯ | কনিষ্ঠতম সংগীত পৰিচালক | চলচ্চিত্ৰ বঁটাৰ কনিষ্ঠতম সংগীত পৰিচালক | |||
| ২০০২ | শ্ৰেষ্ঠ গীতিকাৰ | প্ৰাগ চিনে বঁটা | |||
| ২০০৩, ২০০৪, ২০০৫ | শ্ৰেষ্ঠ সংগীত পৰিচালক বঁটা | চলচ্চিত্ৰ সংগীত | |||
| ২০০৬, ২০০৭ | জোনবাই | শ্ৰেষ্ঠ ভিডিঅ' ছবিনিৰ্মাতা | চিত্ৰলেখা বঁটা |
তথ্যসূত্ৰ
- ↑ (১ মে', ২০১৯). সাক্ষাৎকাৰ–সঙ্গীত শিল্পী মানস ৰবীনৰ সৈতে এখন্তেক. সাক্ষাৎকাৰ. ফটাঢোল
- ↑ Manas Robin – Beyond the Musical Frontiers. timesofassam.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানস ৰবীন” প্ৰবন্ধৰ সংশোধন ৫২১১৮৯ (২৮ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।