দীপলিনা ডেকা (Deeplina Deka) অসমৰ এগৰাকী অভিনেত্ৰী আৰু কণ্ঠশিল্পী। বৈদ্যুতিক অভিযান্ত্ৰিক ডিগ্ৰীধাৰী দীপলিনা অসমত "পৰী" নামেৰেও পৰিচিত।১ জুবিন গাৰ্গ পৰিচালিত মিছন চাইনা চলচ্চিত্ৰখনৰ মাধ্যমত তেওঁ অসমীয়া চলচ্চিত্ৰ জগতত অভিনয় জীৱনৰ পাতনি মেলিছিল।
জন্ম আৰু শিক্ষা
১৯৯২ চনৰ ৭ ফেব্ৰুৱাৰীত বাবুল কুমাৰ ডেকাৰ আৰু পদুমী ডেকাৰৰ ঘৰত দীপলিনা ডেকাৰৰ জন্ম হয়। তেওঁৰ দেউতাকে নগাঁৱৰ কাগজৰ কাৰখানাত কাম কৰিছিল৷ দীপলিনা তেওঁৰ পিতৃ-মাতৃৰ ল’ৰা-ছোৱালীৰ ভিতৰত সৰু আৰু তেওঁৰ এগৰাকী ডাঙৰ ভনীয়েক আছে। কেন্দ্ৰীয় বিদ্যালয় জাগীৰোডৰ পৰা মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ বাবে মহৰ্ষি বিদ্যা নিকেতনত নামভৰ্তি কৰে। স্কুলীয়া দিনৰে পৰা সংগীত, নৃত্য আৰু অভিনয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিভিন্ন বঁটা লাভ কৰি আহিছে। বহু প্ৰতিভাশালী ছোৱালীজনীয়ে কথক নৃত্যৰ প্ৰশিক্ষণ লৈ শাস্ত্ৰীয় সংগীত আয়ত্ত কৰিছে ৷ ক্ৰীড়াত অতি ভাল আছিল, আৰু ২০০৭ চনত ৰাজ্যিক পৰ্যায়ৰ বেডমিণ্টন প্ৰতিযোগিতাত চতুৰ্থ স্থান লাভ কৰিছিল।শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত দীপলিনাই ভাৰতী এয়াৰটেল আৰু ৰিলায়েন্স জিঅ’ কোম্পানীত অভিযন্তা হিচাপে কাম কৰি জুবিন গাৰ্গৰ পৰিচালনাত নিৰ্মিত অসমীয়া ছবি মিছন চাইনাত গান গোৱাৰ সুযোগ লাভ কৰিছিল। তাৰ পিছত অভিযান্ত্ৰিক চাকৰিৰ পৰা পদত্যাগ কৰি গায়ন-বায়নৰ জগতখনত প্ৰৱেশ কৰে। তেওঁৰ প্ৰথম ভিডিঅ' গীতৰ এলবাম “নোৱাৰি নোৱাৰি” ২০১৫ চনৰ ২৩ ফেব্ৰুৱাৰীত মুক্তি পায়, য'ত সহ অভিনয় কৰিছিল তৰুণ তন্ময়ে৷ সম্প্ৰতি তেওঁৰ খ্যাতি অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত বিয়পি পৰিছে।
ডিস্ক'গ্ৰাফী
- নোৱাৰি নোৱাৰি
- চুই দিয়ানা
- উৰি উৰি যায়
- ৰাতি বিহু
- ভবাই নাছিলোঁ
- তুমি আহিলে
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীপলিনা ডেকা” প্ৰবন্ধৰ সংশোধন ৫৬২৭২৬ (১১ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।