জুবলী বৰুৱা (ইংৰাজী ভাষা: Zublee Baruah) এগৰাকী অসমৰ সংগীত জগতৰ এগৰাকী বিখ্যাত গায়িকা, গীতিকাৰ আৰু সুৰকাৰ। তেখেতে বৰ্তমানলৈ বহুকেইটা জনপ্ৰিয় গীতত নিজৰ কণ্ঠদান কৰিছে। গীত গোৱাৰ উপৰিও তেখেতে অসমীয়া ভাষাৰ চলচ্চিত্ৰ আৰু ছুটি ছবি আৰু ধাৰাবাহিকটো অভিনয় কৰি আহিছে৷ "জন্ম" তেখেতৰ একক কণ্ঠৰ এক এলবাম৷
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
জুবলী বৰুৱা ৰ জন্ম গুৱাহাটীত হয়। তেখেতৰ দেউতাকৰ নাম নৱ কুমাৰ বৰুৱা আৰু মাতৃৰ নাম মাধুৰীমা বৰুৱা।
জুবলীয়ে প্ৰাথমিক আৰু প্ৰৱেশিকা শিক্ষা "হোলী চাইল্ড স্কুল, গুৱাহাটী" ৰ পৰা লাভ কৰে।
ইয়াৰ পিছত উচ্চতৰ মাধ্যমিক আৰু স্নাতক শিক্ষা সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা লাভ কৰে। তেখেতে ইংৰাজী বিষয়ত স্নাতক লাভ কৰে।
পৰৱৰ্তী পৰ্যায়ত জুৱলীয়ে গুৱাহাটী ৰ চান্দমাৰী স্থিত "জগন্নাথ আইন মহাবিদ্যালয়(JB Law College)"ৰ পৰাও আইনৰ স্নাতক (LLB) লাভ কৰে।১
কণ্ঠদান
চলচ্চিত্ৰ সংগীত
| গান | চলচ্চিত্ৰ | বৰ্ষ | সংগীত পৰিচালক | ভাষা |
|---|---|---|---|---|
| "শীতল শীতল" | জেতুকা পাতৰ দৰে | ২০১১ | পলাশ গগৈ | অসমীয়া |
| "তুমি দিয়া" | ৰামধেনু | ২০১১ | যতীন শৰ্মা | অসমীয়া |
| "তুমি ৰ'দালি" | গানে কি আনে | ২০১৫ | জুবিন গাৰ্গ | অসমীয়া |
| "দিন জ্বলে ৰাতি জ্বলে" | মিছন চাইনা | ২০১৭ | জুবিন গাৰ্গ | অসমীয়া |
| "ধূলিকণা" | কাঞ্চনজংঘা | ২০১৯ | জুবিন গাৰ্গ | অসমীয়া |
এলবাম
- জন্ম
- গান
- নাহৰ
- মায়া মাথো মায়া
- মাটি ১
- মাটি ২
- তাণ্ডৱ
অভিনয়
অসমীয়া চলচ্চিত্ৰ
- ৰণাংগিনী ২
টিভি ধাৰাবাহিক
- অনুৰাধা , ৰং (দূৰদৰ্শন কেন্দ্ৰ) যোগে সম্প্ৰচাৰিত।
পুৰস্কাৰ
- ড॰ ভূপেন হাজৰিকা বঁটা, শ্ৰেষ্ঠ মহিলা কন্ঠশিল্পী ২০১২
- "অসমৰ শ্ৰেষ্ঠ মহিলা কন্ঠশিল্পী", ১৯৯৭ (ইউনেস্কৰ দ্বাৰা)
- ৰাজ্যিক চলচ্চিত্ৰ বঁটা,শ্ৰেষ্ঠ মহিলা কন্ঠশিল্পী ২০২৬
তথ্যসূত্ৰ
- ↑ Zublee Baruah. biographyinsider.com
- ↑ আৰ্কাইভ কপি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুবলী বৰুৱা” প্ৰবন্ধৰ সংশোধন ৬১২৬০৪ (১৬ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।