বেগম পাৰৱীন চুলতানা (Begum Parween Sultana; জন্ম: ১০ জুলাই, ১৯৫০) ভাৰতৰ এগৰাকী ভাৰতীয় ধ্ৰুপদী সংগীতশিল্পী। পাটিয়ালা ঘৰানাৰ সংগীত শৈলীত প্ৰশিক্ষিত পাৰবীন চুলতানাক অসম চৰকাৰৰ তৰফৰ পৰা সংগীত সম্ৰাজ্ঞী উপাধি প্ৰদান কৰা হয়। ২০১৪ চনৰ ২৫ জানুৱাৰী তাৰিখে ভাৰত চৰকাৰে পাৰবীন চুলতানাক পদ্মভূষণ সন্মানেৰে বিভূষিত কৰা সম্পৰ্কে ঘোষণা কৰে।১২৩৪৫
চমু জীৱনী
১৯৫০ চনৰ ১০ জুলাই তাৰিখে অসমৰ নগাঁও চহৰত বেগম পাৰৱীন চুলতানাৰ জন্ম হয়। তেখেতৰ পিতৃ ইক্ৰামুল মজিদ আৰু মাতৃ মাৰুফা মজিদ।
পিতৃ ইক্ৰামুল মজিদৰ তত্ত্বাবধানত পাৰৱীন চুলতানাই প্ৰথম সংগীত শিক্ষা আৰম্ভ কৰে। পাৰবীনে বীৰেন্দ্ৰ কুমাৰ ফুকন আৰু হীৰেন শৰ্মাৰ তত্ত্বাৱধানত সংগীতৰ চৰ্চা কৰিছিল।৬ পাছলৈ তেখেত কিছুদিন কলিকতাৰ প্ৰয়াত পণ্ডিত চিন্ময় লাহিৰীৰ ওচৰত সংগীত সাধনা কৰি, ১৯৭৩ চনত পাটিয়ালা ঘৰানাৰ ওস্তাদ দিলশ্বাদ খানৰ শিষ্যা হয়। এই সময়তে তেখেতৰ পৰিচয় হয় ওস্তাদ দিলশ্বাদ খাঁৰ সতে আৰু দুয়ো বিবাহপাশত আবদ্ধ হয়। দিলশ্বাদ খাঁৰ আগৰ নাম আছিল খোকন দাশগুপ্ত।৬
১৮-২০ বছৰ বয়সৰ পৰা পাৰৱীন চুলতানাই আনুষ্ঠানিক ভাৱে গীত পৰিবেশন কৰিবলৈ আৰম্ভ কৰে। আব্দুল মজিদৰ মৰম তৃষ্ণা নামৰ অসমৰ চলচ্চিত্ৰত নেপথ্য শিল্পী হিচাপে আত্মপ্ৰকাশ কৰে।৬ সত্তৰৰ দশকৰপৰা পাৰবীন চুলতানাই মুম্বাইত স্থায়ী ভাৱে থাকিবলৈ লয়। একমাত্ৰ কন্যা সন্তান শ্বাদাব খান।
বৰ্তমানেও পাৰৱীন চুলতানাই স্বামী দিলশ্বাদ খাঁৰ সৈতে সংগীত পৰিৱেশন অব্যাহত ৰাখিছে।
শিল্পী জীৱন
১৯৬২ চনত বাৰ বছৰ বয়সত পাৰৱীন চুলতানাই পোনপ্ৰথমবাৰৰ বাবে মঞ্চত সংগীত পৰিৱেশন কৰে আৰু ১৯৬৫ চনত প্ৰথম বাৰৰ বাৰে তেখেতৰ কণ্ঠ বাণীবদ্ধ কৰা হয়। পাৰৱীন চুলতানাই কেবাখনো হিন্দী ভাষা বোলছবিত কণ্ঠদান কৰে:
- মৰম তৃষ্ণা, ১৯৬৮ চন, আব্দুল মজিদ পৰিচালিত অসমীয়া কথাছবি৬
- দো বুণ্ড পানী, ১৯৭১ চন৭
- পাকীজা (শ্ৰব্য এলবাম), ১৯৭২ চন,৮
- সোণমা, ১৯৭৭ চন, নিপ বৰুৱা পৰিচালিত অসমীয়া কথাছবি৬
- কুদৰত, ১৯৮১ চন৯
- গদৰ, ২০০১ চন১০
- ১৯২০, ২০০৮ চন (প্ৰযোজক বিক্ৰম ভাট)১১
সংগীতপঞ্জী
- চফৰ (ৰাগ মাৰু বেহাগ এণ্ড কো.)১২
- পাৰবীন (ৰাগ ৰাগেশ্ৰী/মিশ্ৰ মণ্ড)
- পাৰবীন চুলতানা এণ্ড দিলছাদ খান
- দিলছাদ খান এণ্ড পাৰবীন চুলতানা-ডায়লগ ইন ৰাগ- ১৯৯৭ চন
উপাধি তথা সন্মান
- পদ্মশ্ৰী, ১৯৭৬ চন
- গন্ধৰ্ৱ কলানিধি, ১৯৮০ চন
- ফিল্মফেয়াৰ শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী (বোলছবি: কুদৰত, গীত: হমে তুমছে প্যাৰ কিতনা), ১৯৮১ চন১৩
- মিয়াঁ তানসেন পুৰস্কাৰ, ১৯৮৬ চন
- সংগীত সম্ৰাজ্ঞী, (অসম চৰকাৰৰ তৰফৰ পৰা), ১৯৯৪ চন
- সংগীত নাটক একাডেমী বঁটা, ১৯৯৯ চন
- শ্ৰীমন্ত শংকৰদেৱ বঁটা, ২০০৪ বৰ্ষ (অসম চৰকাৰৰ তৰফৰ পৰা)
- কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা, ২০০৯
- গ'ল্ডেন ভয়চ অফ ইণ্ডিয়া, মহাৰাষ্ট্ৰ চৰকাৰ
- ক্লিঅ'পেট্ৰা অৱ মিউজিক, গুজৰাট চৰকাৰ
- মেল'ডী কুইন, বিহাৰ চৰকাৰ
- পয়েট্ছ অৱ মিউজিক, উত্তৰ প্ৰদেশ চৰকাৰ
- মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ গৃহ মন্ত্ৰালয়ৰ ৱেবছাইট
- ↑ পাৰবীন চুলতানালৈ পদ্মভূষন- দ্য আসাম ট্ৰিবিউন
- ↑ ২০১৪ চনৰ পদ্ম সন্মান বিজয়ীৰ তালিকা- দ্য হিন্দু
- ↑ ২০১৪ চনৰ পদ্ম বিজয়ী অসমীয়া, আমাৰ অসম
- ↑ ২০১৪ চনৰ পদ্ম বিজয়ী অসমীয়া, দৈনিক অসম
- ↑ পাৰবীন চুলতানা, ধ্ৰুপদী সংগীতৰ প্ৰসিদ্ধ শিল্পী, বহুমুখ, আজিৰ অসম কাকতৰ বুধবাৰৰ পৰিপূৰিকা, ১৬ মে, ২০১২
- ↑ www.youtube.com/watch?v=UG_9MKYZye8
- ↑ www.youtube.com/watch?v=Ro6fLVg8p3M
- ↑ www.imdb.com/title/tt0154749/soundtrack
- ↑ www.youtube.com/watch?v=85T9zsazXWo
- ↑ আৰ্কাইভ কপি
- ↑ আৰ্কাইভ কপি
- ↑ আৰ্কাইভ কপি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাৰৱীন চুলতানা” প্ৰবন্ধৰ সংশোধন ৬০৬৭২৫ (১৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।